প্ৰাচীন ভাৰতীয় ঋষি-মুনি
১০ প্ৰবন্ধ
-
বশিষ্ঠ
বশিষ্ঠ (वसीष्ठ) হৈছে এগৰাকী প্ৰখ্যাত আৰু প্ৰাচীনতম বৈদিক ঋষি। তেওঁ সপ্তৰ্ষি অৰ্থাৎ ভাৰতীয় সভ্যতাৰ সাতগৰাকী মহান ঋষিৰ অন্যতম। বশিষ্ঠক ঋকবেদৰ সপ্তম মণ্ডলৰ মূল ৰচয়িতা হিচাপে কৃতিত্ব প্ৰদান কৰা হয়। ঋকবেদৰ ১০.১৬৭.৪ নং শ্লোকত বশিষ্ঠ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে উল্লেখ আছে।
-
বিশ্বামিত্ৰ
বিশ্বামিত্ৰ (विश्वामित्र) হোওছে প্ৰাচীন ভাৰতৰ এগৰাকী প্ৰখ্যাত ঋষি। গায়ত্ৰী মন্ত্ৰকে আদি কৰি ঋকবেদৰ তৃতীয় মণ্ডলৰ প্ৰায়বোৰ অংশ ৰচনাৰ কৃতিত্ব তেওঁকে দিয়া হয়।
-
অগস্ত্য
অগস্ত্য (अगस्त्य) হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি। ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাই সংস্কৃত ভাষাত ঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল।
-
ভৰদ্বাজ
ভৰদ্বাজ বা ভাৰদ্বাজ (भारद्वाज) প্ৰাচীন ভাৰতৰ এগৰাকী বৈদিক মহৰ্ষি। তেওঁ আছিল এজন বিদ্বান, অৰ্থনীতিবিদ, ব্যাকৰণবিদ আৰু চিকিৎসক। তেওঁ সপ্তৰ্ষিসকলৰ অন্যতম। ঋকবেদকে ধৰি প্ৰাচীন ভাৰতীয় সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানসমূহে প্ৰাচীন ভাৰতীয় সমাজৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰে।
-
যাজ্ঞবল্ক্য
যাজ্ঞবল্ক্য বৃহদাৰণ্যক উপনিষদ (খ্ৰীষ্টপূৰ্ব ৭০০) আৰু তৈত্তিৰিয় উপনিষদত বিশিষ্টভাৱে উল্লেখ কৰা এগৰাকী হিন্দু বৈদিক ঋষি। যাজ্ঞবল্ক্যই অস্তিত্ব, চেতনা আৰু অস্থায়িত্বৰ প্ৰকৃতিৰ বিষয়ে আধ্যাত্মিক প্ৰশ্নৰ প্ৰস্তাৱ আৰু বিতৰ্ক কৰে আৰু সৰ্বজনীন আত্মা আৰু আত্মাক আৱিষ্কাৰ কৰিবলৈ নেতি নেতি সূত্ৰ ("এইটো নহয়,…
-
অহল্যা
হিন্দু ধৰ্মত, অহল্যা(अहल्या), গৌতম মহৰ্ষিৰ পত্নী। তেওঁক অহিল্যা বুলিও জনা যায়। বহুতো হিন্দু শাস্ত্ৰত উল্লেখ কৰা অনুসৰি ইন্দ্ৰই (দেৱতাৰ ৰজা) তেওঁৰ সতীত্ব নষ্ট কৰিছিল, বিশ্বাসঘাতকতাৰ বাবে তেওঁৰ স্বামীয়ে অভিশাপ দিছিল, আৰু ৰামৰ দ্বাৰা এই অভিশাপৰ পৰা মুক্ত হৈছিল।
-
ঋষ্যশৃংগ
ঋষ্যশৃংগ (ऋष्यशृंग) হৈছে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ শেষৰ ফালৰ, ভাৰতীয় (হিন্দু আৰু বৌদ্ধ) শাস্ত্ৰত উল্লেখ কৰা ঋষি। হিন্দু মহাকাব্য ৰামায়ণৰ মতে, তেওঁ অপ্সৰা উৰ্বশীৰ গৰ্ভত আৰু ঋষি বিভাণ্ডকৰ ঔৰষত হৰিণৰ শিঙৰ সৈতে জন্মগ্ৰহণ কৰিছিল।
-
বাৎসায়ন
বাৎসায়ন / বাৎস্যায়ন (वात्स्यायन) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক, যি কামসূত্ৰ ৰ ৰচয়িতা হিচাপে প্ৰসিদ্ধ। তেওঁ খ্ৰীষ্টীয় দ্বিতীয় বা তৃতীয় শতাব্দীৰ সময়ছোৱাত ভাৰতত বাস কৰিছিল বুলি ধাৰণা কৰা হয়, সম্ভৱতঃ পাটলিপুত্ৰ (বৰ্তমানৰ বিহাৰৰ ৰাজধানী পটনা)।
-
অৰুন্ধতী
অৰুন্ধতী (अरुन्धती) হৈছে সপ্তৰ্ষিৰ অন্যতম ঋষি বশিষ্ঠৰ সহধৰ্মিণী। তেওঁক শুক্ৰ গ্ৰহৰ সৈতে জড়িত কৰা হয়। অৰুন্ধতীকো সপ্তৰ্ষিৰ সমমৰ্যাদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে উপাসনাও কৰা হয়। বৈদিক আৰু পুৰাণ সাহিত্যত তেওঁক সতীত্ব, দাম্পত্য আনন্দৰ প্ৰতীক আৰু পতীব্ৰতা নাৰীৰূপে উপস্থাপন কৰা হয়।
-
ঋষি কম্ভোজ
ঋষি কম্ভোজ বা কুম্ভজ হৈছে সংস্কৃত মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। তেওঁক ঋষি অগস্ত্যৰ ঘনিষ্ঠ বন্ধু হিচাপে উপস্থাপন কৰা হৈছে। ঋষি অগস্ত্য ঋষি বশিষ্ঠৰ ভাতৃ আছিল আৰু দক্ষিণপথত সন্ন্যাসী হিচাপে বাস কৰিছিল।