বাগো অঞ্চল (ပဲခူးတိုင်းဒေသကြီး; পূৰ্বৰ পেগু সংমণ্ডল আৰু বাগো সংমণ্ডল) হৈছে ম্যানমাৰ দেশৰ দক্ষিণ মধ্য অংশত অৱস্থিত ম্যানমাৰৰ এটা প্ৰশাসনিক অঞ্চল। ইয়াৰ উত্তৰে মেগৱে অঞ্চল আৰু মাণ্ডেলে অঞ্চল; পূবে কায়িন ৰাজ্য, মান ৰাজ্য আৰু মাৰ্টাবান উপসাগৰ; দক্ষিণে ইয়াংগুন অঞ্চল আৰু পশ্চিমে আয়েয়াৰৱাডি অঞ্চল আৰু ৰাখাইন ৰাজ্য। ই ৪৬°৪৫'উত্তৰ আৰু ১৯°২০'উত্তৰ আৰু ৯৪°৩৫'পূব আৰু ৯৭°১০'পূবৰ মাজত অৱস্থিত। ইয়াৰ জনসংখ্যা ৪,৮৬৭,৩৭৩ জন (২০১৪)।
ইতিহাস
পাৰ্চী ভূগোলবিদ ইবন খোৰদাদবেহে প্ৰায় ৮৫০ খ্ৰীষ্টাব্দত চহৰখনৰ কথা উল্লেখ কৰিছে। সেই সময়ত ৰাজধানী মন তেতিয়াও থানত আছিল। থিৰুভালাঙ্গাডু প্লেটত দক্ষিণ ভাৰতৰ চোল সম্ৰাট ৰাজেন্দ্ৰ চোলা প্ৰথমক তেওঁৰ শাসনকালৰ চতুৰ্দশ বৰ্ষত, ১০২৮ খ্ৰীষ্টাব্দত "কাদাৰাম" জয় কৰা বুলি বৰ্ণনা কৰা হৈছে। এটা ব্যাখ্যা অনুসৰি, কাদাৰামে বাগো অঞ্চলক বুজায়।১২
পৰবৰ্তী ব্যাখ্যাই কাদাৰামক বাগোৰ পৰিৱৰ্তে আধুনিক মালয়েছিয়াৰ কেদাহ অঞ্চল বুলি হে উল্লেখ কৰিছে।১
প্ৰশাসনিক শ্ৰেণীবিভাজন
জনগাঁথনি
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাগো অঞ্চল” প্ৰবন্ধৰ সংশোধন ৪৩৪৩২৮ (৩০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।