অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাইফ'বিয়া

বাইফ'বিয়া (biphobia) হৈছে ব্যক্তি হিচাপে উভকামিতা আৰু উভকামী লোকৰ প্ৰতি বিতৃষ্ণা। ইয়াৰ দ্বাৰা উভকামিতা যে এক প্ৰকৃত যৌন অভিমুখীতা সেই সম্পৰ্কে অস্বীকাৰ কৰা হয় বা উভকামী লোকসকলৰ বিষয়ে ই এক নেতিবাচক ধাৰণা। বাইফোবিয়াৰ অন্যান্য প্ৰকাৰবোৰৰ ভিতৰত আছে উভকামিতাৰ বিলোপন প্ৰৱণতা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৭৪ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বাইফ'বিয়া (biphobia) হৈছে ব্যক্তি হিচাপে উভকামিতা আৰু উভকামী লোকৰ প্ৰতি বিতৃষ্ণা। ইয়াৰ দ্বাৰা উভকামিতা যে এক প্ৰকৃত যৌন অভিমুখীতা সেই সম্পৰ্কে অস্বীকাৰ কৰা হয় বা উভকামী লোকসকলৰ বিষয়ে ই এক নেতিবাচক ধাৰণা। বাইফোবিয়াৰ অন্যান্য প্ৰকাৰবোৰৰ ভিতৰত আছে উভকামিতাৰ বিলোপন প্ৰৱণতা।১

শব্দৰ উৎপত্তি

বাইফ'বিয়া হৈছে হম'ফ'বিয়া শব্দটোৰ আৰ্হিত এটা মিশ্ৰ শব্দ। ই ইংৰাজী নৱ-ধ্ৰুপদী উপসৰ্গ বাই-("দুই") অৰ্থাৎ উভকামী আৰু ফ'বিয়াৰ (গ্ৰীক শব্দ: φόβος, phóbos, "ভয়")ৰ পৰা উদ্ভৱ হৈছে। ট্ৰান্সফ'বিয়া আৰু হোমোফোবিয়াৰ লগতে, ই এলজিবিটি লোকসকলৰ বিৰুদ্ধে অসহিষ্ণুতা আৰু বৈষম্য বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দ পৰিয়ালৰ এটা। শব্দটোৰ বৰ্ণনাত্মক প্ৰকাৰ বাইফ'বিকে বাইফ'বিয়া সম্পৰ্কীয় বস্তু বা গুণাগুণ বৰ্ণনা কৰে, আৰু কমকৈ ব্যৱহাৰ হোৱা বিশেষ্য বাইফ'ব হৈছে বাইফ'বিয়া থকা লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ।২

১৯৯২ চনত গৱেষক কেথলিন বেনেটৰ দ্বাৰা "উভকামিতাৰ বিৰুদ্ধে কুসংস্কাৰ",৩৪ আৰু "জীৱনৰ-পছন্দ হিচাপে উভকামিতাৰ অৱমাননা"৫ বুজাবলৈ বাইফ'বিয়া শব্দটো প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল। ৫ পৰৱৰ্তী সময়ত ইয়াক "পুৰুষ বা মহিলাসকলক এই সামাজিক-যৌন পৰিচয়ৰ সৈতে জড়িত থকাৰ ভিত্তিত যিকোনো ধৰণৰ অৱমাননা বা সমালোচনা কৰা, বা তেওঁলোকক দাবী কৰাৰ অধিকাৰ প্ৰত্যাখ্যান কৰা" বুলি সংজ্ঞাবদ্ধ কৰা হৈছে।৬

নিদানিক মনোবিজ্ঞানে নিৰ্ধাৰণ কৰা অনুসৰি বাইফ'বিয়া এক প্ৰকাৰৰ ভীতি স্বৰূপ হোৱাৰ কোনো মানে নাই (অৰ্থাৎ ই এক উদ্বেগজনক বিকাৰ)। ইয়াৰ অৰ্থ আৰু ব্যৱহাৰ সাধাৰণতে বিদ্বেষৰ সমান্তৰাল।

প্ৰভাৱ

উভকামী লোক সকলৰ ওপৰত বাইফ'বিয়াৰ মানসিক আৰু যৌন স্বাস্থ্যৰ প্ৰভাৱ বেছি। এক গৱেষণাৰ ফলাফল অনুসৰি উভকামীসকল প্ৰায়ে বিষমকামীতা আৰু সমকামিতাৰ দোমোজাত আৱদ্ধ হৈ থাকে, যাৰ ফলত তেওঁলোকৰ যৌন পৰিচয়ক লৈ চাৰিওফালে এক প্ৰকাৰৰ অবৈধতা সৃষ্টি হয়। ইয়াৰ ফলত প্ৰায়ে মানসিক স্বাস্থ্যৰ সমস্যা যেনেঃ নিম্ন আত্ম-সন্মান তথা নিজকে হেয় যেন বোধ হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যৌন পৰিচয় এটা "আত্ম নিৰ্বাচনৰ" বিষয়, এই ক্ষেত্ৰত মানসিক চাপবোৰে বহু সময়ত হতাশাৰ সৃষ্টি কৰিব পাৰে কিয়নো উভকামী সকলে অনুভৱ কৰিব পাৰে যে তেওঁলোকে এনে এক সংস্কৃতিত বাস কৰে যি তেওঁলোকৰ অস্তিত্বৰ প্ৰকৃত পৰিচয় বহন কৰিব নোৱাৰে। ৭

এইচ.আই.ভি. সংক্ৰমণৰ উচ্চ বিপদাশংকা থকা মহিলাসকলৰ ওপৰত কৰা এক গৱেষণা জাৰ্নেল অফ বাইচেক্সুয়ালিটিৰ এটা অধ্যয়নত এই সিদ্ধান্তত উপনীত হোৱা গৈছিল যে আৰ্হি হিচাপে লোৱা উচ্চ-বিপদাশংকা থকা দলটোৰ উভকামী মহিলাসকল বিভিন্ন উচ্চ বিপদাশংকাৰ আচৰণত লিপ্ত হোৱাৰ সম্ভাৱনা অধিক আৰু এইচ.আই.ভি. আৰু অন্যান্য যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও অধিক।৮ এই আচৰণবোৰৰ বাবে বিচাৰ বা বৈষম্যৰ চিকাৰ হোৱাৰ ভয়ত উভকামীসকলৰ বিপৰীততা সম্বন্ধে তেওঁলোকে যৌন আৰু স্বাস্থ্য পেছাদাৰীসকলৰ সৈতে তেওঁলোকৰ সঠিক সুৰক্ষাৰ বিষয়ে আলোচনা কৰাৰ পৰা বিৰত থাকে বুলি জনা গৈছে।৯ কিতাপখনত বাই: নোটছ ফৰ এ বাইচেক্সুয়াল ৰিভলিউশ্বন,১০ আইছনাৰে (2013) বিষমকামী, গে আৰু লেচবিয়ান সকলৰ তুলনাত উভকামী ব্যক্তিসকলৰ মাজত আত্মহত্যাৰ পৰিসংখ্যা আলোচনা কৰি এই সিদ্ধান্তত উপনীত হয় যে: বিষমকামী আৰু লেচবিয়ান সকলৰ তুলনাত উভকামী মহিলাৰ আত্মহত্যাৰ হাৰ অধিক; অধ্যয়নটোত এইটোও পোৱা গৈছিল যে বিষমকামী আৰু সমকামী পুৰুষৰ তুলনাত উভকামী পুৰুষৰো আত্মহত্যাৰ হাৰ বৃদ্ধি পাইছিল।১০

দৃঢ়বদ্ধতা

আৰম্ভণিৰে পৰা উভকামী বুলি চিনাক্ত কৰা লোকসকলৰ বিষয়ে বহুতো দৃঢ়বদ্ধ ভুল ধাৰণা প্ৰচলিত হৈ আহিছে। তেওঁলোকৰ যৌন অভিমুখীতা বৈধ বুলি স্বীকৃত নহয়। ফলত তেওঁলোকক বিভ্ৰান্ত, সিদ্ধান্তহীন, অসুৰক্ষিত, পৰীক্ষা-নিৰীক্ষা চলাই থকা, বা "কেৱল এটা পৰ্যায়ৰ মাজেৰে যোৱা" বুলি ধাৰণা কৰা হয়। ১১

অনৈতিকতাৰ সৈতে উভকামিতাৰ সম্পৰ্ক বিভিন্ন ধৰণৰ নেতিবাচক ধাৰণাৰ পৰা উদ্ভৱ হয় যিয়ে উভকামীসকলক মানসিক বা সামাজিকভাৱে অস্থিৰ লোক হিচাপে চিহ্নিত কৰে যাৰ বাবে কেৱল পুৰুষৰ সৈতে, কেৱল মহিলাৰ সৈতে, বা এবাৰত কেৱল এজন ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয় বুলি কোৱা হয়।

ফলস্বৰূপে, উভকামীসকলে তেওঁলোকৰ সঙ্গীক প্ৰতাৰণা কৰা বা বিশ্বাসঘাতকতা কৰা, দ্বৈত জীৱন যাপন কৰা, আৰু এইচ.আই.ভি./এইডছৰ দৰে যৌন সংক্ৰমিত ৰোগ বিয়পোৱাৰ অভিযোগৰ দৰে সামাজিক কলঙ্ক বহন কৰিব লগাত পৰে। এই অনুমান কৰা আচৰণক অসততা, গোপনীয়তা আৰু প্ৰবঞ্চনা হিচাপে অধিক সাধাৰণীকৰণ কৰা হয়। তদুপৰি, তেওঁলোক বহুমুখী, অস্থিৰ আৰু বহুবিবাহৰ সৈতে দৃঢ়ভাৱে সম্পৰ্কিত বুলি কোৱা হয়।১২

তথ্যসূত্ৰ

  1. ↑ Yoshino, Kenji. (2000). The Epistemic Contract of Bisexual Erasure. Stanford Law Review. পৃ. 353–461
  2. ↑ Eliason, MJ. (1997). The prevalence and nature of biphobia in heterosexual undergraduate students. Archives of Sexual Behavior. পৃ. 317–26
  3. ↑ Monro, Surya. (2015). Bisexuality: Identities, Politics, and Theories. Palgrave Macmillan. পৃ. 23. ISBN 9781137007308
  4. ↑ Greenesmith, Heron. (April 25, 2018). We Know Biphobia Is Harmful. But Do We Know What's Behind It?. Rewire.News
  5. ↑ Weise, Elizabeth Reba. (1992). Closer to Home: Bisexuality and Feminism. Seal Press. পৃ. 207. ISBN 1-878067-17-6
  6. ↑ Welzer-Lang, Daniel. (October 11, 2008). Speaking Out Loud About Bisexuality: Biphobia in the Gay and Lesbian Community. Journal of Bisexuality. পৃ. 82
  7. ↑ Dodge, Brian; Schnarrs, Phillip W.; Reece, Michael. (2012-01-01). Individual and Social Factors Related to Mental Health Concerns among Bisexual Men in the Midwestern United States. Journal of Bisexuality. পৃ. 223–245
  8. ↑ Gonzales, V; Washienko, K M; Krone, M R. (1999). Sexual and drug-use risk factors for HIV and STDs: a comparison of women with and without bisexual experiences.. American Journal of Public Health. পৃ. 1841–1846
  9. ↑ Makadon MD, Harvey J; Ard MD, MPH, Kevin L. (2012-07-09). Improving the Health Care of Lesbian, Gay, Bisexual and Transgender People: Understanding and Eliminating Health Disparities. Fenway Institute. U.S. Department of Health and Human Services
  10. ↑ Eisner, Shiri. (2013). Bi: Notes for a Bisexual Revolution. Seal Press. পৃ. 345. ISBN 978-1580054751
  11. ↑ "It's Just A Phase" Is Just A Phrase, The Bisexual Index
  12. ↑ GLAAD: Cultural Interest Media

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাইফ'বিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৪৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।