অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰান্সিছক' গয়া

ফ্ৰান্সিছক' জোছ দি গয়া য়ে লুচিয়েণ্টিছ (Francisco José de Goya y Lucientes) (; ৩০ মাৰ্চ ১৭৪৬ - ১৬ এপ্ৰিল ১৮২৮)এগৰাকী স্পেইনদেশীয় চিত্ৰশিল্পী আৰু ছপা-শিল্পী (printmaker)। তেখেতক ৰোমাণ্টিক যুগৰ শেষৰ আৰু আধুনিক যুগৰ আৰম্ভণিৰ শিল্পী বুলি অভিহিত কৰা হয়। গয়া স্পেইনৰ ৰজাৰ দৰবাৰৰ শিল্পী আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ফ্ৰান্সিছক' জোছ দি গয়া য়ে লুচিয়েণ্টিছ (Francisco José de Goya y Lucientes) (; ৩০ মাৰ্চ ১৭৪৬ - ১৬ এপ্ৰিল ১৮২৮)এগৰাকী স্পেইনদেশীয় চিত্ৰশিল্পী আৰু ছপা-শিল্পী (printmaker)। তেখেতক ৰোমাণ্টিক যুগৰ শেষৰ আৰু আধুনিক যুগৰ আৰম্ভণিৰ শিল্পী বুলি অভিহিত কৰা হয়। গয়া স্পেইনৰ ৰজাৰ দৰবাৰৰ শিল্পী আছিল। উপকূলীয় যুদ্ধৰ সময়ছোৱা তেখেতে মাড্ৰিড-তে কটাইছিল আৰু স্পেইনৰ সিংহাসনৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা জোছেফ বোনাপাৰ্টেৰ-ৰ প্ৰতিকৃতি অংকন কৰাৰ উপৰিও যুদ্ধৰ ছবি আকিছিল। তেখেতে অংকন কৰা ধ্ৰূপদী আৰু বৈপৰীত্যবিশিষ্ট (ambiguity) যুদ্ধৰ ছবিসমূহক 'যুদ্ধৰ ভয়াবহতা' Desastres de la Guerra (Disasters of War) ক্ৰম বুলি অভিহিত কৰা হয়। গয়াৰ ছবিসমূহত সেই সময়ৰ ইতিহাস আৰু তাৰ ওপৰত তেখেতৰ অভিমত দেখা যায়। তেখেতৰ ছবিত দেখা পোৱা 'বৈকল্পিক সৃষ্টিশীলতা'ৰ (subversive imagination) প্ৰভাৱ আৰু ৰঙ প্ৰক্ষেপণত তেখেতে দেখুওৱা সাহসে পাছৰ প্ৰজন্মৰ শিল্পীসকলক প্ৰভাৱান্বিত কৰা দেখা যায়, বিশেষকৈ এডৱাৰ্ড মানে, পাব্‌ল' পিকাছ' আৰু ফ্ৰান্সিছ বেকনৰ ছবিত। ১

তথ্যসূত্ৰ

  1. ↑ Rico, Pablo J., Goya and Modernism, XXIII Bienal Internacional de São Paulo, archived from the original on 17 January 2008

সম্পৰ্কিত শ্ৰেণী

স্পেইনৰ ব্যক্তিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰান্সিছক' গয়া” প্ৰবন্ধৰ সংশোধন ৩৮১৯২৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।