অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ফ্ল'ছি কোহেন

ফ্ল’ছি কোহেন (১৯২৫–২০০৪) আছিল এজন ভাৰতীয় বংশোদ্ভূত এগৰাকী শিশু ইমিউন’লজিষ্ট, যি নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় মিচিগানৰ শিশু চিকিৎসালয়ত কটাইছিল। তেওঁ ৱেইন ষ্টেট ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ অধ্যাপকও আছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ফ্ল’ছি কোহেন (১৯২৫–২০০৪) আছিল এজন ভাৰতীয় বংশোদ্ভূত এগৰাকী শিশু ইমিউন’লজিষ্ট, যি নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় মিচিগানৰ শিশু চিকিৎসালয়ত কটাইছিল। তেওঁ ৱেইন ষ্টেট ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ অধ্যাপকও আছিল।

জীৱনী

১৯২৫ চনত ভাৰতৰ কলিকতাত কোহেনৰ জন্ম হৈছিল। পিছলৈ তেওঁ আমেৰিকালৈ গুচি যায় আৰু বাফেলো বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে আৰু ১৯৫০ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ব্ৰুকলিন ইহুদী হাস্পতালত শিশু চিকিৎসাৰ ৰেচিডেন্সি সম্পূৰ্ণ কৰি ১৯৫৩ চনত মিচিগানলৈ গুচি যায় আৰু মিচিগানৰ শিশু চিকিৎসালয়ত যোগদান কৰে। তাতেই তেওঁ শিশু আৰু নৱজাতক ইমিউন’লজীৰ ক্ষেত্ৰত গৱেষণা আৰম্ভ কৰে। তেওঁ চিকিৎসালয়খনৰ ক্লিনিকেল ইমিউন’লজী লেবৰেটৰী আৰু ইয়াৰ ক্লিনিকেল ইমিউন’লজী আৰু বাতবিজ্ঞানৰ বাবে সেৱা স্থাপন কৰে; ১৯৯২ চনত অৱসৰ নোলোৱালৈকে তেওঁ দুয়োটা বিভাগ পৰিচালনা কৰিছিল।১ তেওঁ ৱেইন ষ্টেট ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ অধ্যাপক আছিল।২

১৯৭২ চনত কোহেনে এক যুগান্তকাৰী অধ্যয়নৰ সহ-লেখক হিচাপে কাম কৰিছিল যিয়ে গুৰুতৰ সংযুক্ত প্ৰতিৰোধ ক্ষমতাৰ অভাৱৰ জৈৱৰাসায়নিক ভিত্তি প্ৰদৰ্শন কৰিছিল। তেওঁ ইমিউন’ডেফিচিয়েন্সি ডিছঅৰ্ডাৰৰ বিষয়ে অধ্যয়ন কৰি থাকিল আৰু ১৯৮০ চনত এইডছ মহামাৰী বিয়পি পৰাৰ লগে লগে ১৯৮৫ চনত মিচিগানৰ শিশু চিকিৎসালয়ত এইচ আই ভি ক্লিনিক আৰম্ভ কৰে। এইচ আই ভি প্ৰসৱৰ পূৰ্বে সংক্ৰমণৰ ক্লিনিকেল ট্ৰায়েলৰ সৈতেও তেওঁ জড়িত আছিল।২

১৯৭৫ চনত শিশুৰ হাড়ৰ মজ্জা সংৰোপণ সফলতাৰে কৰা মিচিগানৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয় কোহেন। তেৱেঁই আছিল ৰক্তকণিকাক ফ্লু’ৰেচ কৰা প্ৰথমজন ব্যক্তি। ১৯৯৪ চনত চিকিৎসা আৰু বিজ্ঞানৰ কৃতিত্বৰ বাবে তেওঁ মিচিগান মহিলা হল অৱ ফেমত অন্তৰ্ভুক্ত হয় আৰু ২০০৪ চনত তেওঁৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ {{Cite web। title=Flossie Cohen। url=https: //jwa.org/people/cohen-flossie। accessdate=23 October 2017। work=Jewish Women’s Archive}}
  2. ↑ {{Cite web। publisher=Michigan Women’s Hall of Fame। title=Flossie Cohen। url=http: //www.michiganwomenshalloffame.org/Images/Cohen, %20Flossie.pdf। accessdate=23 October 2017। archivedate=২৮ মাৰ্চ ২০১৭। archiveurl=https: //web.archive.org/web/20170328063947/http: //www.michiganwomenshalloffame.org/Images/Cohen, %20Flossie.pdf}}

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলাচিকিৎসকবিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ল'ছি কোহেন” প্ৰবন্ধৰ সংশোধন ৪৮৫১০৫ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।