অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

প্ৰসৱোত্তৰ বিষণ্ণতা

পʼষ্টপাৰ্টাম ডিপ্ৰেচন (Postpartum depression ) বা প্ৰসৱোত্তৰ অৱসাদ যাক প্ৰসৱৰ পিছৰ বিষণ্ণতা বুলিও কোৱা হয়, হৈছে প্ৰসৱৰ পিছত হোৱা এক অৱসাদ, যিয়ে পুৰুষ আৰু মহিলাক সমানে আক্ৰান্ত কৰিব পাৰে।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৪ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পʼষ্টপাৰ্টাম ডিপ্ৰেচন (Postpartum depression ) বা প্ৰসৱোত্তৰ অৱসাদ যাক প্ৰসৱৰ পিছৰ বিষণ্ণতা বুলিও কোৱা হয়, হৈছে প্ৰসৱৰ পিছত হোৱা এক অৱসাদ, যিয়ে পুৰুষ আৰু মহিলাক সমানে আক্ৰান্ত কৰিব পাৰে। লক্ষণসমূহ হৈছে অত্যাধিক মনৰ দুখ, কম শিৰীৰিক শক্তি, উদ্বেগ, কান্দোন, খিংখিঙীয়া স্বভাৱ, টোপনি, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, ইত্যাদি। এই প্ৰসৱোত্তৰ হতাশা নৱজাত শিশুৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে।১ যদিও প্ৰসৱোত্তৰ হতাশাৰ সঠিক কাৰণ অস্পষ্ট, কাৰণটো শাৰীৰিক, আৱেগিক, আনুবংশিক আৰু সামাজিক কাৰকৰ সংমিশ্ৰণ বুলি বিশ্বাস কৰা হয়। ২ ইয়াত হৰমনৰ পৰিৱৰ্তন আৰু টোপনিৰ অভাৱৰ দৰে কাৰক অন্তৰ্ভুক্ত থাকিব পাৰে।৩ বিপদাশংকাৰ কাৰকবোৰৰ ভিতৰত আছে প্ৰসৱোত্তৰ হতাশা, বাইপোলাৰ বিকাৰ, হতাশাৰ পাৰিবাৰিক ইতিহাস, মানসিক চাপ, সন্তান জন্মৰ জটিলতা, সমৰ্থনৰ অভাৱ, ঔষধ বা ড্ৰাগছ ব্যৱহাৰৰ বিকাৰ। এজন ব্যক্তিৰ লক্ষণৰ ওপৰত আধাৰিত ৰোগ নিৰ্ণয় কৰা হয়। যদিও বেছিভাগ মহিলাই প্ৰসৱৰ পিছত কিছুদিনৰ বাবে অৱসাদ অনুভৱ কৰে, প্ৰসৱোত্তৰ হতাশাৰ সন্দেহ কৰিব পৰা যায় যেতিয়া লক্ষণবোৰ গুৰুতৰ হয় আৰু দুসপ্তাহৰ অধিক সময় থাকে।

চিহ্ন আৰু লক্ষণসমূহ

আৱেগিক

  • নিৰন্তৰ দুখ, উদ্বিগ্নতা বা "খালী" মনোভাৱ
  • তীব্ৰ মেজাজ সলনি৪
  • হতাশা, খং, অস্থিৰতা৫
  • নিৰাশা বা অসহায় অনুভৱ
  • অপৰাধ, লাজ, মূল্যহীনতা৫
  • নিম্ন আত্মসন্মান
  • জঠৰতা, শূন্যতা[
  • অৱসাদ
  • সান্ত্বনা পাবলৈ অক্ষম
  • শিশুৰ সৈতে বন্ধনত সমস্যা৪
  • শিশুৰ যত্ন লোৱাৰ ক্ষেত্ৰত অপৰ্যাপ্ত অনুভৱ কৰা৫
  • আত্ম-ক্ষতি বা আত্মহত্যাৰ চিন্তা৬

তথ্যসূত্ৰ

  1. ↑ (November 2003). The effect of postpartum depression on child cognitive development and behavior: a review and critical analysis of the literature. Archives of Women's Mental Health. পৃ. 263–274
  2. ↑ (January 2019). Postpartum Depression: Pathophysiology, Treatment, and Emerging Therapeutics. Annual Review of Medicine. পৃ. 183–196
  3. ↑ (July 2008). Reproductive hormone sensitivity and risk for depression across the female life cycle: a continuum of vulnerability?. Journal of Psychiatry & Neuroscience. পৃ. 331–343
  4. ↑ WebMD: Understanding Post Partum Depression The Basics of Postpartum Depression
  5. ↑ Depression Among Women · Depression · Reproductive Health · CDC. www.cdc.gov
  6. ↑ (May 2013). Onset timing, thoughts of self-harm, and diagnoses in postpartum women with screen-positive depression findings. JAMA Psychiatry. পৃ. 490–498

সম্পৰ্কিত শ্ৰেণী

মানসিক স্বাস্থ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰসৱোত্তৰ বিষণ্ণতা” প্ৰবন্ধৰ সংশোধন ৪৫৯১৬৮ (২৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।