প্ৰবাদ বা পটন্তৰ বা প্ৰবচন হৈছে কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি।১ অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন প্ৰবাদসমূহ হৈছে, ডাকৰ বচন, ফকৰা যোজনা আদি।
ডাকৰ বচন
মূল প্ৰবন্ধ: ডাকৰ বচন
ডাকৰ বচন হৈছে অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য।কিছুমান "ডাকৰ বচন"ক ফকৰা যোজনা বুলিও কোৱা হয়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।
ফকৰা যোজনা
মূল প্ৰবন্ধ: ফকৰা যোজনা
ফকৰা যোজনা হৈছে অসমীয়া ভাষাত ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা কিছুমান প্ৰবাদ।২
তথ্যসূত্ৰ
- ↑ প্ৰবাদ. xobdo.org
- ↑ ফকৰা যোজনা. xobdo.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবাদ” প্ৰবন্ধৰ সংশোধন ৫১২০৬৪ (২৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।