অসমীয়া লোকসাহিত্য
৯ প্ৰবন্ধ
-
চৰ্যাপদ
চৰ্যাপদ বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ সহজযানী সাধনাৰ “উপলব্ধিৰ গীত”ধৰণৰ ৰহস্যময় কবিতা-সংকলন। ইয়াক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হয়, যদিও ইয়াৰ ভাষা-ঐতিহ্য পূব ভাৰতৰ কেইবাটাও ভাষাৰ আদিকালৰ সৈতে সংযোগযুক্ত বুলি গৱেষণাত ধৰা পৰে।
-
ফকৰা যোজনা
ফকৰা-যোজনা (ইংৰাজী: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। ফকৰা- যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়।
-
ডাকৰ বচন
অসমৰ প্ৰচলিত ডাকৰ বচন অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য। সাধাৰণ মানুহেও বুজিপোৱাকৈ বৰ্ণোৱা এই যোজনাবোৰে অসমীয়া জনজীৱনৰ লগত খাপ খোৱাকৈ বিভিন্ন বিষয়ত গভীৰ উপদেশ প্ৰদান কৰে।
-
জনা গাভৰুৰ গীত
জনা গাভৰুৰ গীত এটি প্ৰাচীন মালিতা। গীতটিৰ কাহিনীটো যিমান প্ৰাচীন লক্ষণাক্ৰান্ত,তাৰ ৰচনা-ৰীতি সিমান অৰ্বাচীন। গীতত ব্যবহাৰ হোৱা গোটাচেৰেক শব্দলৈ চাই মান আৰু চিংফৌ ৰণৰ পিছত ৰচিত বুলি ধাৰণা হয়। কলিধন নটে গোপীচন কোঁৱৰক কৈছে— মানৰো ৰণলৈ গ'লে সখিদেউ
-
প্ৰবাদ
প্ৰবাদ বা পটন্তৰ বা প্ৰবচন হৈছে কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি। অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন প্ৰবাদসমূহ হৈছে, ডাকৰ বচন, ফকৰা যোজনা আদি।
-
অসমৰ মন্ত্ৰ-সাহিত্য
মন্ত্ৰ সাহিত্য হৈছে অসমীয়া লোক সাহিত্যৰ এক বিভাগ। মন্ত্ৰ সাহিত্যৰ ভিতৰত কৰতি মন্ত্ৰ, সাপৰ ধৰণী ধৰা মন্ত্ৰ, মোহিনী মন্ত্ৰ, বীৰাজৰা মন্ত্ৰ, সৰ্ব্বঢাক মন্ত্ৰ আদি উল্লেখযোগ্য। মন্ত্ৰবোৰ সাধাৰণতে বিভিন্ন দেৱ-দেৱীৰ নামত শপত দি গোৱা হয়। এই মন্ত্ৰবোৰৰ দ্বাৰা পূৰ্বতে লোক সমাজত চিকিৎসা আদি কৰা হৈছিল।
-
অসমৰ সাধুকথা
সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভীৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়।
-
অসমীয়া গালি-গালাজ
অসমীয়া গালি-গালাজ, শাও-শপনি লোকভাষাৰ এক অংগ। এইসমূহ সাধাৰণতে অসমৰ গাঁওসমূহত সহজ-সৰল মানুহৰ মাজত প্ৰথমে সৃষ্টি হৈছিল। এইসমূহ সমাজত মুকলিকৈ ব্যৱহাৰ কৰাটো অবাঞ্ছনীয় বুলি ধৰা হয়। লোকসকলে খং-ৰাগ, সুখ-দুখ ইত্যাদি আৱেগসমূহ প্ৰকাশৰ বাবে এনে শব্দৰ ব্যৱহাৰ কৰিছিল।
-
অসমীয়া লোক কবিতা
লোক কবিতা হৈছে লোক সাহিত্যৰ এটা বিশিষ্ট শাখা৷ ছন্দ-অলংকাৰ আৰু ব্যংগ-ব্যঞ্জনাৰে মাৰ্ধুয্য মণ্ডিত লোক সাহিত্যসমূহকেই লোক কবিতা আখ্যা দিয়া হয়৷ লোক কবিতাবোৰ মৌখিকভাৱে প্ৰচলিত হৈ আহিছে।