কাল্পনিক জীৱ
৭ প্ৰবন্ধ
-
গালিপোটে
গালিপোটে (Galipote), যাক জাঙানো (Zángano) বা লুগাৰু (Lugarú) বুলিও কোৱা হয়, ডমিনিকান ৰিপাব্লিকৰ এটা জনশ্ৰুতিমূলক চৰিত্ৰ। মূলত: চান জুৱান অঞ্চলত উৎপত্তি হোৱা এই কিংবদন্তি ১৭শ আৰু ১৮শ শতিকাৰ পৰা চলি আহিছে।
-
চামোদিভা(লোককথা)
চামোদিভা (বুলগেৰিয়ান:самодива; plural: samodivi, Bulgarian: самодиви) বা চামোভিলা (বুলগেৰিয়ান:самовила; plural: samovili, Bulgarian: самовили) হৈছে দক্ষিণ আৰু পশ্চিম স্লাভিক লোককথাত পোৱা এক প্ৰকাৰ বন পৰী।
-
চিগুৱাপা
চিগুৱাপা (Ciguapa) (উচ্চাৰণ: চি-গ্বা-পা) ডমিনিকান ৰিপাব্লিকৰ লোকগল্পত থকা এক পৌৰাণিক জীৱ। সাধাৰণতে, ইয়াক এগৰাকী মানুহৰ আকৃতিৰ মহিলা ৰূপত বৰ্ণনা কৰা হয়, যাৰ ত্বক মুগা বা গাঢ় নীলা আৰু গোৰাখোপ উল্টা দিশত থাকে। ইয়াৰ দীৰ্ঘ, মসৃণ আৰু উজ্জ্বল চুলিয়ে ইয়াৰ শৰীৰ আৱৰি থাকে।
-
টেংগু
টেংগু (জাপানী: 天狗) হৈছে জাপানী লোকবিশ্বাসত পোৱা এক প্ৰকাৰৰ দেৱদূত বা অতিপ্ৰাকৃত সত্তা, যাক শিন্তো ধৰ্মতকামি (দেৱতা) বা ইয়োকাই(অতিপ্ৰাকৃত সত্তা) হিচাপে গণ্য কৰা হয়। প্ৰাচীন সময়ত, টেংগুক চৰাইৰ ৰূপত কল্পনা কৰা হৈছিল, আৰু কালক্ৰমত তেওঁলোকক মানুহ আৰু চৰাইৰ সংমিশ্ৰণ ৰূপে চিত্ৰিত কৰা হৈছে।
-
পাটাচোলা
পাটাচোলা(অৰ্থাৎ এঠেঙীয়া ) কলম্বীয় লোকগাথাৰ অৰণ্যনিবাসী এক মহিলা দানৱ। ইহঁতে সাধাৰণতে জংঘলৰ মাজত অকলে থকা পুৰুষ চিকাৰী বা কাঠকটীয়া সকলক লক্ষ্য কৰে, বিশেষকৈ তেওঁলোকে যদি মহিলাৰ বিষয়ে চিন্তা কৰে। পাটাচোলাই সৌন্দৰ্যময়ী মোহিনী ৰূপত দেখা দিয়ে আৰু প্ৰায়ে চিকাৰৰ পৰিচিত প্ৰিয়জনৰ ৰূপ লৈ আহে।
-
ফি তাই হং
ফি তাই হং(Phi Tai Hong) (থাই: ผีตายโหง) হৈছে থাই লোককথাৰ এটা ভূত। ই হৈছে হঠাৎ ভয়ংকৰ বা নিষ্ঠুৰ মৃত্যুৰ সন্মুখীন হোৱা এজন ব্যক্তিৰ প্ৰতিহিংসাপৰায়ণ আৰু অশান্ত আত্মা।
-
হৰিণী মহিলা
হৰিণী মহিলা (Eng: Deer Lady) উত্তৰ আমেৰিকাৰ আদিবাসী সংস্কৃতিত এক গুপ্তশক্তিসম্পন্ন প্ৰেতাত্মা, যাৰ স্বভাৱ আৰু গুণবোৰ পৰিস্থিতি অনুসৰি সলনি হয়। বিশেষকৈ মহিলা আৰু শিশুসকলক কষ্ট দিয়া পুৰুষসকলৰ বাবে,এই প্ৰেতাত্মাই প্ৰতিশোধপৰায়ণ আৰু ভয়ংকৰ ৰূপত দেখা দিয়ে।