অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দক্ষিণ শ্বিলং বিধানসভা সমষ্টি

দক্ষিণ শ্বিলং বিধানসভা সমষ্টি (South Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দক্ষিণ শ্বিলং বিধানসভা সমষ্টি (South Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

এই সমষ্টিটো পূব খাছী পাৰ্বত্য জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ। সমষ্টিটো কোনো সম্প্ৰদায়ৰ বাবে সংৰক্ষিত নহয় অৰ্থাৎ ই এক মুক্ত সমষ্টি। ২০১৩ চনৰ পৰা ধাৰাবাহিকভাৱে তিনিবাৰকৈ নিৰ্বাচিত হৈ অহা জ্যেষ্ঠ ৰাজনীতিবিদ তথা বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ নেতা চনবৰ চুল্লায়ে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে।

ভৌগোলিক অৱস্থান আৰু সীমা

দক্ষিণ শ্বিলং সমষ্টিটো মেঘালয়ৰ ৰাজধানী শ্বিলং মহানগৰৰ দক্ষিণ আৰু কেন্দ্ৰীয় এলেকাত অৱস্থিত। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদেশ (২০০৮) অনুসৰি, শ্বিলং পৌৰ এলেকাৰ ২২ নংৰ পৰা ২৭ নং ৱাৰ্ড তথা শ্বিলং কেণ্টনমেণ্ট (Shillong Cantonment) এলেকা সামৰি এই সমষ্টিটো গঠিত হৈছে।১

এই সমষ্টিৰ উত্তৰ দিশত ১৮-পশ্চিম শ্বিলং আৰু ১৬-পূব শ্বিলং সমষ্টি, পূব দিশত ২১-নংথিম্মাই সমষ্টি আৰু দক্ষিণ তথা পশ্চিম দিশত ২০-মিলিয়াম সমষ্টি অৱস্থিত। শ্বিলং কেণ্টনমেণ্ট, লাবান, ৰূপা নগৰ আৰু কাষৰীয়া চহৰীয়া আৱাসিক এলেকা এই সমষ্টিৰ অন্তৰ্ভুক্ত।

বিধানসভাৰ সদস্যসকল

চনবিজয়ী সদস্যৰাজনৈতিক দল
২০১৩চনবৰ চুল্লাইনেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী
২০১৮ভাৰতীয় জনতা পাৰ্টী
২০২৩

নিৰ্বাচনী ফলাফল

২০২৩ চনৰ বিধানসভা নিৰ্বাচন

২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চনবৰ চুল্লায়ে ১১,৬০৯ টা ভোটৰ বিপুল ব্যৱধানত ভয়েচ অৱ দ্য পিপল পাৰ্টীৰ প্ৰাৰ্থী ডেনী লাংষ্টিয়েক পৰাস্ত কৰি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।২৩৪

২০১৮ চনৰ বিধানসভা নিৰ্বাচন

২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:৫৬৭

২০১৩ চনৰ বিধানসভা নিৰ্বাচন

২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:৮

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary and Assembly Constituencies Order, 2008. Election Commission of India. পৃ. 294–301
  2. ↑ Meghalaya General Legislative Election 2023. Election Commission of India
  3. ↑ (2 March 2023). Meghalaya election result 2023: Full list of winners constituency-wise. Hindustan Times
  4. ↑ (3 March 2023). Meghalaya Election Results 2023: CHECK full list of constituency-wise winners. WION
  5. ↑ Meghalaya General Legislative Election 2018. Election Commission of India
  6. ↑ (3 March 2018). Meghalaya Assembly election results live. The Hindu
  7. ↑ (3 March 2018). Sanbor Shullai winner in South Shillong (GEN), Meghalaya Assembly Elections 2018. LatestLY
  8. ↑ Election Commission of India- State Election, 2013 to the Legislative Assembly of Meghalaya. Chief Electoral Officer, Meghalaya

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ শ্বিলং বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮৭০৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।