পদ্মাৱতী (Padmavati) জৈন ধৰ্মৰ ২৩তম তীৰ্থংকৰ পাৰ্শ্বনাথৰ ৰক্ষয়িত্ৰী দেৱী বা 'শাসনৰ দেৱী'। ১ তেওঁৰ 'শাসন দেৱ' হৈছে কাষত অৱস্থিত পাৰ্শ্বযক্ষ। তেওঁ পাৰ্শ্বনাথৰ যক্ষী। ২ পদ্মাৱতী এপাহ পদুম ফুলত বহে আৰু তেওঁৰ মূৰৰ ওপৰত সাপৰ ফনা থাকে। প্ৰায়ে তেওঁৰ মূৰ্তিৰ মুকুটত পাৰ্শ্বনাথৰ সৰু ছবি অংকিত থাকে।
জৈন জীৱনী
তপস কামথে কাঠৰ লগত জীৱন্তে অগ্নিদগ্ধ কৰাৰ মানসেৰে এহাল নাগ নাগিনীক অগ্নি সংযোগ কৰিছিল। ২৩তম জৈন তীৰ্থংকৰ পাৰ্শ্বনাথে সিহঁতক উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মৃত্যুৰ পিছত ইন্দ্ৰ (বিশেষকৈ ধৰণেন্দ্ৰ) আৰু পদ্মাৱতী (শাসন দেৱীৰ পৰা পৃথক) হিচাপে পুনৰজন্ম গ্ৰহণ কৰিছিল। ৩ জৈন পৰম্পৰা অনুসৰি পদ্মাৱতী আৰু তেওঁৰ স্বামী ধৰণেন্দ্ৰে মেঘমালীয়ে উৎপীড়ন কৰা সময়ত ভগৱান পাৰ্শ্বনাথক সুৰক্ষিত কৰিছিল। ৪৫ অৱশ্যে শ্বেতাম্বৰ সকলৰ বিশ্বাসৰ মতে পদ্মাৱতী ধৰণেন্দ্ৰৰ মুখ্য পত্নীসকলৰ ভিতৰত এগৰাকী নাছিল। পদ্মাৱতীয়ে উদ্ধাৰ কৰাৰ পিছত পাৰ্শ্বনাথ পৰৱৰ্তী সময়ত তেওঁ এগৰাকী শক্তিশালী তান্ত্ৰিক দেৱী যক্ষীলৈ ৰূপান্তৰিত হৈছিল আৰু সামৰ্থৰ ক্ষেত্ৰত আন সৰ্প দেৱী বৈৰোত্যক অতিক্ৰম কৰিছিল। ৬
বৰ্ণনা
পদ্মাৱতী দেৱীৰ মূৰৰ ওপৰত সাপৰ ফনা থাকে আৰু তেওঁ এপাহ পদুম ফুলত বহে। প্ৰায়ে ভগৱান পাৰ্শ্বনাথৰ এটা সৰু প্ৰতিচ্ছবি তাইৰ মুকুটত দেখুৱা হয়। তেওঁ চতুৰ্ভূজা। তেওঁৰ চাৰিখন হাতত এফালে ক্ৰমে পাশ আৰু জপমালা আৰু আনফালে অংকুশ, পদুম ফুল আৰু এটা ফল থাকে। ৭ পদ্মাৱতী অম্বিকা আৰু ধৰণেন্দ্ৰৰ যক্ষ-যক্ষী যোৰা ভাস্কৰ্য গোমুখা-চক্ৰেশ্বৰী আৰু সৰ্বহনভুতি-অম্বিকাৰ সৈতে আটাইতকৈ বেছি দেখা যায়। ৮
উপাসনা

দেৱী পদ্মাৱতী, অম্বিকা আৰু চক্ৰেশ্বৰীৰ সৈতে সন্মানীয় দেৱী হিচাপে প্ৰতিষ্ঠিত আৰু তেওঁলোকক জৈন তীৰ্থংকৰৰ সৈতে উপাসনা কৰা হয়। ৯১০ অম্বিকা আৰু পদ্মাৱতী তান্ত্ৰিক ৰীতি-নীতিৰ সৈতে জড়িত। পদ্মাৱতী আৰু ধাৰণেন্দ্ৰ দুয়োকে বিশেষভাৱে শক্তিশালী মধ্যৱৰ্তী দেৱতা হিচাপে সন্মান কৰা হয়। ১১ তেওঁলৈ উৎসৰ্গিত তান্ত্ৰিক ৰীতিবোৰত যন্ত্ৰ-বিধি, পীঠ-স্থাপনা আৰু মন্ত্ৰ-পূজা জড়িত। ১২১৩ প্ৰতি সপ্তাহৰ শুক্ৰবাৰে দেৱীৰ উপাসনা কৰিবলৈ বিশেষভাৱে জনপ্ৰিয় দিন। ১৪
মুখ্য মন্দিৰসমূহ
- পদ্মাক্ষী গট্টা
- পদ্মাৱতী মন্দিৰ, হুমছা, সপ্তম শতিকাৰ মন্দিৰ
সাহিত্যত উল্লেখ
দ্বাদশ শতিকাৰ মল্লীসেনায়ে লিখা 'ভৈৰৱ-পদ্মাৱতী-কল্প' হৈছে পদ্মাৱতীৰ উপাসনাৰ বাবে তান্ত্ৰিক পাঠ। পাঠত পদ্মাৱতীৰ সৈতে সংযোজিত ৰীতি-কৰ্ম, যেনে স্তম্ভ, বশ্য, আকৰ্ষণ, নিমিত্ত-জ্ঞান, গৰুড় তন্ত্ৰ আদিৰ বিষয়ে আলোচনা কৰা হৈছে। ১৫ দ্বাদশ শতিকাৰ শ্ৰী চন্দ্ৰ চুৰিৰ দ্বাৰা ৰচনা কৰা শ্বেতাম্বৰ পাঠ 'অদ্ভুত-পদ্মাৱতী-কল্প'ত দেৱী পদ্মাৱতীলৈ উছৰ্গিত। ১৬ শ্বেতম্বৰ পণ্ডিত পাৰ্শ্বদেৱ গণীৰ দ্বাৰা ৰচনা কৰা 'পদ্মাৱতী-অষ্টক' হৈছে বিভিন্ন তান্ত্ৰিক ৰীতিৰ ভাষ্য। ১৭ জীনপ্ৰভা সুৰীৰ দ্বাৰা ৰচনা কৰা 'পদ্মাৱতী-কেটুসাদিকা'১৮ আৰু 'পদ্মাৱতী-পূজনম', পদ্মাৱতী-স্তোত্ৰ, 'পদ্মাৱতী-সহস্ৰ-নাম-স্তোত্ৰ', 'ৰক্ত-পদ্মাৱতী-কল্প' আদি পদ্মাৱতীলৈ উৎসৰ্গিত তান্ত্ৰিক পাঠ। ১৯
তথ্য উৎস
গ্ৰন্থৰাজি
- Dundas, Paul. (2002). The Jains. Routledge. ISBN 978-0-415-26605-5
- Shah, Umakant P. (1987). Jaina Iconography. Abhinav Publications. ISBN 978-81-7017-208-6
- Jain, Jyotindra; Fischer, Eberhard. (1978). Jaina Iconography. BRILL. ISBN 978-90-04-05259-8
- Cort, John. (2010). Framing the Jina: Narratives of Icons and Idols in Jain History. Oxford University Press. ISBN 9780199739578
- Babb, Lawrence A. (1996). Absent Lord: Ascetics and Kings in a Jain Ritual Culture. University of California Press. ISBN 9780520203242
- Tiwari, Dr. Maruti Nandan Prasad. (1989). Ambika in Jaina Art and Literature. Bharatiya Jnanpith
- Krishna, Nanditha. (2014). Sacred Plants of India. Penguin UK. ISBN 9789351186915
- Chawdhri, L. R. (1992). Secrets of Yantra, Mantra and Tantra. Sterling Publishers Pvt. Ltd. ISBN 9781845570224
- Babb, Lawrence. (1996). Absent lord: ascetics and kings in a Jain ritual culture. University of California Press. ISBN 9780520917088
- Jain, Jyotindra; Fischer, Eberhard. (1978). Jaina iconography. Brill. ISBN 9004052607
- Sūri, Padmasundara; Raval, D. P; Shah, Nagin J. (1987). Padmasundarasūriviracita Yadusundaramahākāvya. Lālabhāī Dalapatabhāī Bhāratīya Saṃskṛti Vidyāmadira
- Cort, John. (1987-01-01). Medieval Jaina Goddess Traditions. Numen. পৃ. 235–255
তথ্যসূত্ৰ
- ↑ Cort 2010, পৃ. 186
- ↑ Medieval Jaina Goddess Traditions, পৃ. 235-255
- ↑ Babb 1996, পৃ. 33
- ↑ Jain Fischer 1978, পৃ. 21
- ↑ Sūri Raval Shah, পৃ. 267
- ↑ Shah 1987, পৃ. 221
- ↑ Jain Fischer 1978, পৃ. 21
- ↑ Tiwari 1989, পৃ. 13
- ↑ Krishna 2014, পৃ. 68
- ↑ Chawdhri 1992, পৃ. 128
- ↑ Cort 2010, পৃ. 186
- ↑ Tiwari 1989, পৃ. 29
- ↑ Shah 1987, পৃ. 221
- ↑ Dundas 2002, পৃ. 213-214
- ↑ Shah 1987, পৃ. 277
- ↑ Shah 1987, পৃ. 277
- ↑ Shah 1987, পৃ. 277
- ↑ Shah 1987, পৃ. 277
- ↑ Shah 1987, পৃ. 277
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মাৱতী (জৈন ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৬৩২৫৪০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।