নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ (Northeastern Warriors, অৰ্থ: 'উত্তৰ-পূৰ্বাঞ্চলৰ যোদ্ধা') প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ এটা দল। দা নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এই দলৰ স্বত্বাধিকাৰী। এই দলৰ ঘৰুৱা খেলপথাৰ হৈছে কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়াম। ২০১৭ চনত এই দল গঠন কৰা হয়। ২০১৭-১৮ ত পোনপ্ৰথম বাৰৰ বাবে এই দলে প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ চতুৰ্থ সংস্কৰণত খেলে আৰু সপ্তম স্থান দখল কৰে। এই দলৰ অধিনায়ক বিখ্যাত ভাৰতীয় বেডমিণ্টন খেলুৱৈ তথা অলিম্পিক মডেল বিজয়ী ছাইনা নেহৱাল আৰু প্ৰশিক্ষক ইণ্ডোনেছিয়াৰ এডৱিন ইৰিয়াৱান।১
বৰ্তমান দল
প্ৰশিক্ষক
- এডৱিন ইৰিয়াৱান
ভাৰতীয় খেলুৱৈ
- ছাইনা নেহৱাল (অধিনায়ক)
- ধ্ৰুৱ কপিলা
- কে. মনিশা
- ঋতুপৰ্ণা দাস
- চিৰিল বাৰ্মা
বিদেশী খেলুৱৈ
- কিম হা না
- লিয়াও মিন চুন
- তানংচাক চায়চমবুনচুক
- টিয়ান হৌৱেই
- য়ো য়েঅন চেঅং
তথ্যসূত্ৰ
- ↑ Premier Badminton League · Overview ·. PBL India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ” প্ৰবন্ধৰ সংশোধন ৪৭৬৭৬৮ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।