গহনা
৬ প্ৰবন্ধ
-
নেপুৰ
নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ…
-
আঙঠি
আঙঠি হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
-
কুন্দন
কুন্দন (Kundan) ভাৰতৰ অলংকাৰৰ এক বিশেষ শৈলী। ভাৰতীয় ৰত্ন খচিত অলংকাৰৰ এক পৰম্পৰাগত ৰূপ হিচাপে কুন্দনত বিভিন্ন মূল্যৱান ৰত্ন সোণৰ পাতল পটিৰ ওপৰত লগাই লোৱা হয়। এনেদৰে সোণৰ পটিত ৰত্ন সংহতি থাকে আৰু সাধাৰণতে বহু ৰত্নযুক্ত হাৰ বা অলংকাৰৰ ক্ষেত্ৰত এই শৈলী অৱলম্বন কৰা হয়।
-
চূড়ামণি
চূড়ামণি ( Churamoni/Chudamoni) হৈছে পদুম ফুলৰ আকৃতিৰ এবিধ ভাৰতীয় শিৰাভৰণ যি সাধাৰণতে ৰত্নখচিত কৰি নিৰ্মাণ কৰা হয়। এইবিধ মূৰৰ চুলিৰ ঠিক মাজভাগত পিন্ধা হয়৷ চূড়ামণি নামটো মূৰত পিন্ধা কাপোৰৰ নাম “চূড়া’’ৰ পৰা লোৱা হৈছে। হিন্দী ভাষাত চূড়া অৰ্থাৎ “চুলিৰ খোপা’’ আৰু “মণি’’ অৰ্থাৎ ’মণি’।
-
নাকফুলি
নাকফুলি ( Nose Ornament) হৈছে এক প্ৰকাৰৰ নাকত পিন্ধা গহণা যিটো কেইবা শতিকা আগতে সিন্ধু উপত্যকা সভ্যতাত ভাৰতৰ মহিলাৰ অলংকাৰৰ এটা প্ৰকাৰ হিচাপে উৎপত্তি হৈছিল বুলি প্ৰমাণ পোৱা যায়৷ নাকত পিন্ধা অলংকাৰৰ কেইবাটাও প্ৰকাৰ পোৱা যায়৷ অসমত প্ৰচলিত কেইবিধমান পুৰণি নাকৰ অলংকাৰ হ’ল, নথ(nose ring), নাক চবি(nose…
-
পায়্যন্নুৰ পৱিত্ৰ মথিৰাম
পায়্যন্নুৰ পৱিত্ৰ মথিৰাম ভাৰতীয় সকলে ধৰ্মীয় মূল্যবোধৰ বাবে পিন্ধা এক বিশেষ প্ৰকাৰৰ আঙঠি। এই পৱিত্ৰ আঙঠি 'পিথ্ৰু বলী' বা মৃত পূৰ্বপুৰুষৰ বাবে প্ৰাৰ্থনা অনুষ্ঠানত পিন্ধা হয়। এই আঙঠি পাৰম্পাৰিক ভাবে দূবৰি ঘাঁহৰ পৰা তৈয়াৰ কৰা হৈছিল। আধুনিক 'পৱিত্ৰ মথিৰাম' সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়।