অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নাকফুলি

নাকফুলি ( Nose Ornament) হৈছে এক প্ৰকাৰৰ নাকত পিন্ধা গহণা যিটো কেইবা শতিকা আগতে সিন্ধু উপত্যকা সভ্যতাত ভাৰতৰ মহিলাৰ অলংকাৰৰ এটা প্ৰকাৰ হিচাপে উৎপত্তি হৈছিল বুলি প্ৰমাণ পোৱা যায়৷ নাকত পিন্ধা অলংকাৰৰ কেইবাটাও প্ৰকাৰ পোৱা যায়৷ অসমত প্ৰচলিত কেইবিধমান পুৰণি নাকৰ অলংকাৰ হ’ল, নথ(nose ring), নাক চবি(nose…

হালনাগাদ: ১১ জুন ২০২৫ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৪১
সংশোধনৰ পৰামৰ্শ

নাকফুলি ( Nose Ornament) হৈছে এক প্ৰকাৰৰ নাকত পিন্ধা গহণা যিটো কেইবা শতিকা আগতে সিন্ধু উপত্যকা সভ্যতাত ভাৰতৰ মহিলাৰ অলংকাৰৰ এটা প্ৰকাৰ হিচাপে উৎপত্তি হৈছিল বুলি প্ৰমাণ পোৱা যায়৷ নাকত পিন্ধা অলংকাৰৰ কেইবাটাও প্ৰকাৰ পোৱা যায়৷ অসমত প্ৰচলিত কেইবিধমান পুৰণি নাকৰ অলংকাৰ হ’ল, নথ(nose ring), নাক চবি(nose bead), নাকফুল(flower shaped nose ornament), নাকবালি(a nose ring worn on the side of nose), আৰু নোলক(a nose pendant hanging from nasal partition)৷১ নাকফুলি সোণ, ৰূপ, পিতল আদিৰ উপৰিও বৰ্তমান বিভিন্ন সংকৰ ধাতুৰে তৈয়াৰ কৰা হয়৷ প্ৰাচীন কালত সোণ আৰু ৰূপেৰেই অলংকাৰ তৈয়াৰ কৰা হৈছিল৷ কালিকা পুৰাণমতে ডিঙিৰ ওপৰত ৰূপৰ অলংকাৰ পৰিধান কৰা নহৈছিল৷ লো আৰু কাঁহৰ অলংকাৰ পিন্ধাটো নীতি-বিৰুদ্ধ আছিল৷২

ইতিহাস

নাকফুলি সাধাৰণতে দক্ষিণ এছিয়া আৰু উত্তৰ আফ্ৰিকা (চুডান)ৰ মহিলাসকলে যুগ যুগ ধৰি পিন্ধি আহিছে। ভাৰতৰ মহিলাসকলে ষষ্ঠ শতিকাৰ আগৰ পৰাই এইবোৰ পিন্ধি আহিছে। ইয়াক বহুতো ভাৰতীয় ভাস্কৰ্য্যত স্পষ্টভাৱে দেখা যায়।৩বিবাহ অনুষ্ঠানৰ সময়ত ই বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। হিন্দু পৰম্পৰা অনুসৰি বিয়াৰ নিশা কইনাই নাকৰ শিকলিৰ দৰে অলংকাৰ পিন্ধে যিটো কাণফুলি বা চুলিৰ শিকলিৰে বান্ধি থোৱা হয়। নাকৰ শিকলি মহিলাসকলে দেৱী পাৰ্বতীক বিবাহৰ দেৱী বুলি গণ্য কৰা বাবে সন্মান আৰু ভক্তি দেখুৱাবলৈ পিন্ধে।

অসমৰ মুছলমান সমাজত নাকৰ অলংকাৰ

অসমৰ চৰ-চাপৰিত বাস কৰা মুছলমান সমাজত নাকৰ অলংকাৰৰ বিশেষ গুৰুত্ব আছে৷ বিয়াৰ সময়ত দৰাঘৰৰ পৰা নাকৰ অলংকাৰ কইনাক দিয়াটো বাধ্যতামূলক৷ স্বামীৰ মৃত্যু হ’লে বিবাহিতা মহিলাই নাকৰ অলংকাৰ খুলি পেলোৱাটো পৰম্পৰা৷ এই সমাজত নাকত অলংকাৰ পিন্ধাবলৈ ছোৱালীবোৰ সৰু কালতে কিছুমান নীতি-নিয়মৰ মাজেৰে নাকত ফুটা কৰা হয়৷ প্ৰথমে মিহি বেজী-সূতাৰে নাকত ফুটা কৰি সূতা গাঁথি থোৱা হয়৷ কিছুদিন পিছত ঘাঁ শুকালে শুকান কাঠি ভৰাই থোৱা হয়৷ পিছত শুভদিনত “বিছমিল্লাহ’’ বুলি কৈ সোণৰ বা ৰূপৰ নাকফুলি পিন্ধাই দিয়া হয়৷ এই সমাজত নাকফুলিৰ বিভিন্ন আকৃতিৰ পোৱা যায়৷ আকৃতিভেদে এইবোৰৰ নামো বেলেগ বেলেগ৷ যেনে, ডাইল- এটা গোটা মচুৰ দালিৰ আকৃতিত এটা নলী লগোৱা থাকে; তাৰাফুল-তৰাৰ আকৃতিৰ আৰু মাজত এটা পাথৰ লগোৱা থাকে; এছফুল- ইংৰাজী এছ আখৰটোৰ দৰে; সাতদানা- নাৰ্জীফুলৰ আকৃতিৰ; চিতিফুল-পখিলাৰ আকৃতিৰ; পালিশপাত-গোলাকৃতিৰ ৰিং এটাত মটৰমাহ বা চিৰাৰ আকৃতিৰ দানা ওলোমাই; নলক বা বেল্লাক- বালি বা ৰিঙৰ লগত চিৰা বা ডালিম ফুলৰ আকৃতিৰ; নাকঠশা-দুটা ডাঙৰ আকাৰৰ দালি এডাল সৰু নলীৰে সংযুক্ত কৰা৷ এটা নাকৰ বাহিৰত আৰু আনটো ভিতৰত নলীৰে সংযোগ কৰা থাকে৷৪

তথ্যসূত্ৰ

  1. ↑ Deka, Dr. Pranavjyoti. (2007). Jyoti Bilingual Thesaurus. Perfect Expressions. পৃ. 93. ISBN 81-88866-08-3
  2. ↑ শৰ্মা, মৃগেন. (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃ. ৩০. ISBN 978-93-93342-23-2
  3. ↑ Nose and Ear Piercing. IndiaCurry.com
  4. ↑ চ’ৰ-চাপৰিৰ আ-অলংকাৰ (অসমীয়া গহণা)

সম্পৰ্কিত শ্ৰেণী

গহনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাকফুলি” প্ৰবন্ধৰ সংশোধন ৫১৭০৮৭ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।