অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নজৰিয়া

নজৰিয়া: এ কুইয়াৰ ফেমিনিষ্ট ৰিচ'ৰ্চ গ্ৰুপ (Nazariya: A Queer Feminist Resource Group বা Nazariya QFRG) হৈছে অলাভজনক কুইয়াৰ ফেমিনিষ্ট ৰিচ'ৰ্চ গ্ৰুপ। ই দিল্লী এন.চি.আৰত অৱস্থিত। ২০১৪ চনৰ অক্টোবৰ মাহত গঠন হোৱা এই সংগঠনটোৱে তাৰ পিছৰ পৰা দক্ষিণ এছিয়াৰ নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩৬৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নজৰিয়া: এ কুইয়াৰ ফেমিনিষ্ট ৰিচ'ৰ্চ গ্ৰুপ (Nazariya: A Queer Feminist Resource Group বা Nazariya QFRG) হৈছে অলাভজনক কুইয়াৰ ফেমিনিষ্ট ৰিচ'ৰ্চ গ্ৰুপ। ১ ই দিল্লী এন.চি.আৰত অৱস্থিত। ২০১৪ চনৰ অক্টোবৰ মাহত গঠন হোৱা এই সংগঠনটোৱে তাৰ পিছৰ পৰা দক্ষিণ এছিয়াৰ নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সংস্থাটোৱে কৰ্মশালা, চেমিনাৰ, হেল্পলাইন, কেছ-ভিত্তিক পৰামৰ্শ আগবঢ়ায়। নজৰিয়াই লেচবিয়ান আৰু উভকামী মহিলা হিচাপে চিনাক্ত কৰা ব্যক্তিসকলৰ উপৰিও জন্মৰ সময়ত মহিলা হিচাপে চিহ্নিত ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলৰ অধিকাৰ দৃঢ় কৰাৰ পোষকতা কৰে। তেওঁলোকে প্ৰতিষ্ঠানসমূহত কুইয়াৰ সম্পৰ্কে অৱগত কৰাৰ বাবেও কাম কৰে; লগতে কুইয়াৰ সম্পৰ্কীয় বিষয়, সহিংসতা আৰু জীৱিকাৰ মাজত সংযোগ গঢ়ি তোলাৰ বাবে উদ্যোগ লয়। ২৩৪ তেওঁলোকে ভাৰতত কুইয়াৰ, মহিলা আৰু প্ৰগতিশীল বাওঁ আন্দোলনৰ মাজৰ আন্তঃবিভাজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৫ ২০১৫ চনত নজৰিয়াই আগ্ৰাত পিতৃ-মাতৃয়ে তেওঁক অবৈধভাৱে আটক কৰি ৰখা ১৯ বছৰীয়া শিৱীক আইনী পৰামৰ্শ, নিৰাপদ আশ্ৰয় আৰু দিল্লীলৈ যোৱাৰ ব্যৱস্থা কৰি সহায় কৰিছিল। ৬৭৮

শিৱীৰ কাহিনী

২০১৫ চনৰ ছেপ্টেম্বৰ মাহত ১৯ বছৰীয়া ট্ৰেন্স ব্যক্তি শিৱীৰ অবৈধভাবে আবদ্ধ কৰি ৰখা আৰু মানৱ অধিকাৰ উলংঘাৰ সন্দৰ্ভত নজৰিয়াৰ সৈতে আমেৰিকাৰ নেচনেল চেণ্টাৰ ফৰ লেচবিয়ান ৰাইটছ (NCLR) ৯ আৰু তাৰ পিছত কিশোৰজনে নিজেই যোগাযোগ কৰে। শিৱী ৩ বছৰ বয়সৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা এজন ভাৰতীয় নাগৰিক। জন্মৰ সময়ত মহিলা হিচাপে চিহ্নিত, বৰ্তমান ট্ৰেন্স ব্যক্তি বুলি নিজকে পৰিচয় দিয়া শিৱীক, পিতৃ-মাতৃয়ে প্ৰেমিকা আছে বুলি গম পোৱাৰ লগে লগে আগ্ৰালৈ লৈ আহে। আগ্ৰাত তেওঁৰ ভ্ৰমণৰ নথি-পত্ৰ আৰু পাছপ'ৰ্ট পিতৃ-মাতৃয়ে জব্দ কৰে। তেওঁক স্থানীয় কলেজ এখনত নামভৰ্তি কৰিবলৈ বাধ্য কৰোৱা হয়।১০১১১২ শিৱী পিতৃ-মাতৃৰ তত্ত্বাৱধানত আছিল আৰু তেওঁক এজন ভাৰতীয় পুৰুষৰ সৈতে বিয়াৰ দিয়াৰ সম্ভাৱনাৰে ঘৰতে থাকিবলৈ বাধ্য কৰিছিল।১৩১৪ শিৱীয়ে নজৰিয়াৰ ইউটিউব চেনেলত তেওঁৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰা এটা ভিডিঅ' প্ৰকাশ কৰিছিল।১৫

২০১৫ চনৰ অক্টোবৰ মাহত নজৰিয়াই শিৱীৰ হৈ, হাৰাশাস্তিৰ পৰা সুৰক্ষা আৰু আমেৰিকালৈ উভতি যোৱাৰ অধিকাৰ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিবলৈ অধিবক্তা অৰুন্ধতী কাটজুক নিয়োগ কৰে। শিৱানী ভাট বনাম নেচনেল কেপিটেল টেৰিটৰী অফ দিল্লী এণ্ড আদাৰছ্ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে শিৱীৰ পক্ষত ৰায়দান কৰে আৰু তেওঁৰ আত্মনিয়ন্ত্ৰণ, ভ্ৰমণ আৰু শিক্ষাৰ অধিকাৰ পুনৰ দৃঢ় কৰে। ইয়াৰ উপৰিও আদালতে অন্যান্য বিষয়ৰ লগতে শিৱীৰ পিতৃ-মাতৃক ভ্ৰমণৰ নথি-পত্ৰ ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে, যাতে শিৱী আমেৰিকালৈ উভতি যাব পাৰে।১৬

ৰায় ঘোষণা হোৱাৰ পিছতে শিৱী ইউ.চি.-ডেভিছত স্নায়ুজীৱবিজ্ঞান অধ্যয়ন কৰিবলৈ উত্তৰ কেলিফৰ্ণিয়ালৈ উভতি যায়। ৰায়দানৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে ‘[বিচাৰকজনে] মূলতঃ আইনখন সঠিকভাৱে প্ৰয়োগ কৰিছিল’ আৰু ‘এইটো উদযাপন কৰিবলগীয়া হোৱাটো দুখৰ বিষয়, কিন্তু এলজিবিটি লোকসকলৰ বাবে বহু আইন ন্যায্যভাৱে প্ৰয়োগ নহয়।’ ১৭

তথ্যসূত্ৰ

  1. ↑ (2015-10-07). In freeing Shivy, Delhi HC made observations which are a major boost for LGBT rights in India. The News Minute
  2. ↑ (2016-11-16). Men-Engage Delhi and OBR India Join Hands. One Billion Rising Revolution
  3. ↑ Beth, Sapphira. (2018-04-02). 4 LBT Organisations In India We Should Know About. Feminism In India
  4. ↑ Javalgekar, Aishwarya. (2017-08-20). In Conversation With Nazariya, A Queer Feminist Resource Group. Feminism In India
  5. ↑ Javalgekar, Aishwarya. (2017-08-20). In Conversation With Nazariya, A Queer Feminist Resource Group. Feminism In India
  6. ↑ (2015-09-23). India court protects US transgender man
  7. ↑ Chowdhury, Jennifer. India Forced Marriages LGBT Community Nazariya. www.refinery29.com
  8. ↑ (2015-09-26). Activists hail Delhi HC order on transgender. The Indian Express
  9. ↑ Dawood, Ayub. (2015-09-24). 19-Year-Old NRI Transgender Forced To Stay In India By Parents Gets Help From Delhi HC. ScoopWhoop
  10. ↑ (2015-09-25). Trans Teen Shivy Escapes Abusive Parents To Share Story. Youth Ki Awaaz
  11. ↑ (2015-09-23). Delhi High Court steps in to protect 19-year-old transgender from California. The Indian Express
  12. ↑ Staff, India West. Transgender US College Student Trapped in India. India West
  13. ↑ Gremore, Graham. (2015-10-01). Family Tries To "Fix" Their Transgender Son By Tricking Him Into An Arranged Marriage. www.queerty.com
  14. ↑ Storypickers. (2015-09-24). An Indian Transperson Talks About How His Parents Tried To "Fix" Him & It's Distressing. Storypick
  15. ↑ Nazariya QFRG. (2015-09-23). Trans person Shivy's appeal against harassment
  16. ↑ Shivani Bhat v. National Capital Territory of Delhi & Others
  17. ↑ Chowdhury, Jennifer. India Forced Marriages LGBT Community Nazariya. www.refinery29.com

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নজৰিয়া” প্ৰবন্ধৰ সংশোধন ৬২২১৯৪ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।