অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

থোৰা ফিডলাৰ

থোৰা নীলচেন ফিডলাৰ (ইংৰাজী: Thora Nielsen Fiedler; ১৫ মাৰ্চ ১৮৫৪ – ১৩ মাৰ্চ ১৯৪১) এগৰাকী ডেনিছ নাৰ্ছ, কৃত্ৰিম অংগ বিশেষজ্ঞ আৰু নাৰ্ছিং হোমৰ অধ্যক্ষা আছিল। তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে এখন নাৰ্ছিং হোম সম্প্ৰসাৰণ কৰাত সহায় কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই নাৰ্ছিং হোমৰ অধ্যক্ষা হৈছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৬ ৪৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

থোৰা নীলচেন ফিডলাৰ (ইংৰাজী ভাষা: Thora Nielsen Fiedler; ১৫ মাৰ্চ ১৮৫৪ – ১৩ মাৰ্চ ১৯৪১) এগৰাকী ডেনিছ নাৰ্ছ, কৃত্ৰিম অংগ বিশেষজ্ঞ আৰু নাৰ্ছিং হোমৰ অধ্যক্ষা আছিল। তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে এখন নাৰ্ছিং হোম সম্প্ৰসাৰণ কৰাত সহায় কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই নাৰ্ছিং হোমৰ অধ্যক্ষা হৈছিল। তেওঁ এটা কৃত্ৰিম অংগ নিৰ্মাণৰ কৰ্মশালা স্থাপন কৰিছিল আৰু নতুন ধৰণৰ কৃত্ৰিম অংগ উদ্ভাৱন কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ফিডলাৰ নিউবৰ্গৰ এজন কৃষক তথা পথ পৰিদৰ্শক হেৰাল্ড ভালডেমৰ ফিডলাৰ (১৮০৮–৮৭) আৰু মেৰী ছফি কিৰ্ষ্টিন জেনচেনৰ (১৮৩০-১৯০৫) ঘৰত জন্মগ্ৰহণ কৰিছিল। ফিডলাৰৰ তিনিগৰাকী ভগ্নী আছিল। তিনিওগৰাকীয়ে ১৮৮৬-৮৭ চনত নাৰ্ছ হোৱাৰ বাবে অধ্যয়ন আৰম্ভ কৰিছিল। ফিডলাৰে ডেনিছ ৰেড ক্ৰছৰ অধীনত মিউনিচিপাল হাস্পতালত অধ্যয়ন কৰিছিল। ৰেড ক্ৰছত শিক্ষা সম্পূৰ্ণ কৰিবলৈ ১৫ মাহ সময় লাগিছিল।১

কৰ্মজীৱন

ফিডলাৰে ৰেড ক্ৰছৰ সৈতে জড়িত হৈ আছিল। ১৮৮৮ চনত তেওঁ ৰেড ক্ৰছৰ এগৰাকী ব্যক্তিগত নাৰ্ছ হয় আৰু ১৮৯৩ চনত তেওঁৰ এজন ৰোগী আছিল জোহানে পিটাৰচেন। পিটাৰচেনে ১৮৭৪ চনৰ পৰা পক্ষাঘাতগ্ৰস্ত ছোৱালীবোৰৰ বাবে এখন বিদ্যালয় চলাই আছিল। তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে 'ক্ৰিপল হোম' নামৰ এখন নাৰ্ছিং হোম স্থাপন কৰিছিল, য’ত ৰেড ক্ৰছৰ নাৰ্ছসকলক ব্যৱহাৰ কৰা হৈছিল। জোহানে পিটাৰচেনে ফিডলাৰক বহুত ভাল পাইছিল আৰু ১৮৯৪ চনত ফিডলাৰক ক্ৰিপল হোমত পূৰ্ণকালীন নাৰ্ছ হিচাপে নিযুক্তি দিয়া হয়। সেই হোমখন সৰু আছিল আৰু ফিডলাৰে ইয়াক সম্প্ৰসাৰণ কৰাত সহায় কৰিছিল। ফিডলাৰৰ অধীনত হোমখনৰ কৃত্ৰিম অংগ নিৰ্মাণৰ কৰ্মশালাখন ইমানেই সম্প্ৰসাৰিত হৈছিল যে ই হোমখনৰ লগতে অন্যান্য হাস্পতালৰ প্ৰয়োজনীয়তাও পূৰণ কৰিবলৈ সক্ষম হৈছিল।

হাস্পতালৰ বিচনাত ৰোগীৰ যত্ন লোৱাই তেওঁৰ মূল কাম আছিল যদিও ফিডলাৰে নিজে বেণ্ডেজ আৰু কৃত্ৰিম অংগ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কামৰ পিছতো তাত থাকি চামৰা, তীখা আৰু বিভিন্ন ধাতু ব্যৱহাৰ কৰি কৃত্ৰিম অংগবোৰ বনাইছিল। যেতিয়া তেওঁ এটা প্ৰাৰম্ভিক আৰ্হি তৈয়াৰ কৰি শেষ কৰিছিল, তেতিয়া তেওঁ হোমৰ ৰোগীসকলক 'ৱৰ্ক থেৰাপী' হিচাপে কৃত্ৰিম অংগবোৰ নিৰ্মাণ কৰিবলৈ দিছিল। লাহে লাহে কৰ্মশালাবোৰ ডাঙৰ হৈ আহিল আৰু ফিডলাৰে নাৰ্ছ হিচাপে কাম কৰাৰ লগতে এই কৰ্মশালাবোৰো চলাইছিল। ইয়াত কাম কৰা বিশেষভাৱে সক্ষম ৰোগীৰ সংখ্যাও বাঢ়ি গৈছিল। ৰোগীসকলক কামত নিযুক্তি দিয়া হৈছিল আৰু দৰমহাও দিয়া হৈছিল। নিজাববীয়াকৈ কৃত্ৰিম অংগ উৎপাদন কৰাৰ ফলত হোমখনৰ ধনো ৰাহি হৈছিল।

ফিডলাৰে কেইবাটাও কৃত্ৰিম অংগ উদ্ভাৱন কৰিছিল, যিবোৰ প্ৰতিজন ব্যক্তিৰ প্ৰয়োজন অনুসৰি তৈয়াৰ কৰা হৈছিল। ইয়াৰ ফলত ৰোগীসকলে বহুতো কাম নিজে কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে অন্যথা তেওঁলোকক এগৰাকী নাৰ্ছৰ প্ৰয়োজন হ’লহেঁতেন। ১৯০৮ চনত ফিডলাৰ নাৰ্ছিং হোমৰ অধ্যক্ষা হয়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত যুদ্ধত লিপ্ত দেশসমূহৰ বিশেষজ্ঞসকলে ফিডলাৰৰ আৰ্হিৰ পৰা বেণ্ডেজ আৰু কৃত্ৰিম অংগ কেনেকৈ তৈয়াৰ কৰিব লাগে সেইটো শিকিবলৈ তেওঁৰ নাৰ্ছিং হোমলৈ আহিছিল। ১৯২১ চনত ফিডলাৰে কামৰ পৰা অব্যাহতি লয়।

১৯১৩ চনত তেওঁক মেডেল অফ মেৰিট প্ৰদান কৰা হয়। ১৯১৯ চনত তেওঁৰ ২৫ বছৰীয়া জয়ন্তী অনুষ্ঠানত তেওঁক সন্মানিত কৰা হয় আৰু আৰ্থিক উপহাৰ দিয়া হয়। তেওঁ এই ধনেৰে 'ফ্ৰক ফিডলাৰ্ছ লেগাট' নামৰ এক অনুদান পুঁজি গঠন কৰিছিল।২

মৃত্যু

১৯২১ চনত কাম এৰি দিয়াৰ পিছত ফিডলাৰ চৰোৰ ওচৰৰ লিঞ্জলৈ গুচি যায়, য’ত তেওঁৰ মাক-দেউতাক আছিল। ১৯৪১ চনৰ ১৩ মাৰ্চত ইয়াতেই তেওঁৰ মৃত্যু হয়। তেওঁক হোলষ্টেইনবৰ্গ দুৰ্গৰ ওচৰৰ হোলষ্টেইনবৰ্গ কবৰস্থানত মাক-দেউতাকৰ সৈতে সমাধিস্থ কৰা হৈছে।৩

সন্মান আৰু বিভূষণ

DEN Medal of Merit.png
ছবি: EricSerge · CC BY-SA 3.0

মেডেল অফ মেৰিট (সোণৰ), ১৯১৩

তথ্যসূত্ৰ

  1. ↑ Biografiskleksikon.lex.dk "Thora Fiedler" Retrieved 12 January 2021
  2. ↑ Kvinfo.dk "Thora Fiedler" Retrieved 12 January 2021
  3. ↑ Gravsted.dk "Thora Fiedler" Retrieved 12 January 2021

সম্পৰ্কিত শ্ৰেণী

ডেনিছ নাৰ্ছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থোৰা ফিডলাৰ” প্ৰবন্ধৰ সংশোধন ৫৮৭৯৯১ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।