অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ড'নাল্ড ট্ৰাম্প

ড'নাল্ড জন ট্ৰাম্প (Donald John Trump; জন্ম: ১৪ জুন, ১৯৪৬) আমেৰিকাৰ ৰাজনীতিবিদ, ব্যৱসায়ী আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি। ৰিপাব্লিকান পাৰ্টিৰ সদস্য হিচাপে ২০১৭ চনৰ পৰা ২০২১ চনলৈকে আমেৰিকাৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।

হালনাগাদ: ১২ অক্টোবৰ ২০২৫ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ড'নাল্ড জন ট্ৰাম্প (Donald John Trump; জন্ম: ১৪ জুন, ১৯৪৬) আমেৰিকাৰ ৰাজনীতিবিদ, ব্যৱসায়ী আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি। ৰিপাব্লিকান পাৰ্টিৰ সদস্য হিচাপে ২০১৭ চনৰ পৰা ২০২১ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। বৰ্তমান তেওঁ আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি তথা দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ২০২৪ চনত। তেখেতৰ হোৱাইট হাউচত দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হ'ব ২০ জানুৱাৰী, ২০২৫ ৰ পৰা।

শৈশৱ আৰু শিক্ষা

নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰা ট্ৰাম্পে ১৯৬৮ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।

ব্যৱসায় আৰু ৰাজনীতি

১৯৭১ চনত ট্ৰাম্প পিতৃৰ ৰিয়েল এষ্টেট ব্যৱসায়ৰ সভাপতি হয়। তাৰ পিছতে তেওঁ ব্যৱসায়ৰ নাম সলনি কৰি ট্ৰাম্প অৰ্গেনাইজেচন কৰে আৰু আকাশচুম্বী ঘৰ, হোটেল, কেচিনো নিৰ্মাণৰ লগতে গলফ খেলপথাৰ নিৰ্মান আৰু উন্নয়নৰ কামত হাত দিয়ে। ১৯৯০ চনত ব্যৱসায়িক বিফলতাৰ পিছত ট্ৰাম্পে পাৰ্শ্ব উদ্যোগ আৰম্ভ কৰে, বেছিভাগেই তেওঁৰ নামক অনুজ্ঞাপত্ৰ প্ৰদান কৰে। ২০০৪ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক দ্য এপ্ৰেণ্টিছৰ প্ৰযোজক আৰু আয়োজক আছিল। তেতিয়া তেওঁ ৰিপাব্লিকান হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল। এই সময়ত তেওঁ জনপ্ৰিয়তাবাদী, সুৰক্ষাবাদী আৰু জাতীয়তাবাদী বুলি নিজকে প্ৰচাৰ কৰিবলৈ ভাল পাইছিল।

২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে ট্ৰাম্প জয়ী হৈছিল। ট্ৰাম্পৰ বহু মন্তব্য আৰু কাৰ্য্য বৰ্ণবাদী অভিযোগেৰে অভিযুক্ত। তেওঁক বৰ্ণবাদী বা নাৰীবিদ্বেষী বুলি চিহ্নিত কৰা হৈছে আৰু তেওঁৰ কিছু নীতিৰ অসংখ্য প্ৰতিবাদো হৈছে। ট্ৰাম্পে নিজৰ নিৰ্বাচনী প্ৰচাৰত বহুতো ষড়যন্ত্ৰমূলক১, ভুৱা তথ্য২ প্ৰচাৰ কৰিছিল আৰু বিভ্ৰান্তিকৰ বক্তব্য ৩ দিছিল, যিটো আমেৰিকাৰ ৰাজনীতিত অভূতপূৰ্ব।

প্ৰথম কাৰ্যকালত ট্ৰাম্পে কেইবাখনো মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ নাগৰিকক ভ্ৰমণ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল৷৪ তেওঁ লগতে সৈন্যবাহিনীৰ বাবে নিৰ্ধাৰিত ধন আমেৰিকা-মেক্সিকো সীমান্তত দেৱাল নিৰ্মাণৰ বাবে খৰচ কৰিছিল৫ আৰু পৰিয়াল পৃথকীকৰণ নীতি৬৭ ৰূপায়ণ কৰিছিল। তেওঁ পূৰ্বৰ ১০০ৰো অধিক পৰিৱেশ নীতি আৰু নিয়ম বাতিল কৰাৰ লগতে ২০১৭ চনৰ কৰ কৰ্তন আৰু চাকৰি আইনত স্বাক্ষৰ কৰে, যিয়ে কৰ কৰ্তন কৰাৰ লগতে সুলভ যত্ন আইনখনৰ ব্যক্তিগত অপৰাধৰ শাস্তি আঁতৰাই পেলায়।

কাৰ্যভাৰ ত্যাগ কৰাৰ পিছতো ট্ৰাম্পে ৰিপাব্লিকান পাৰ্টিৰ ওপৰত আধিপত্য বিস্তাৰ কৰি থাকিল আৰু ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ প্ৰাৰ্থী হৈ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছক পৰাস্ত কৰে। ট্ৰাম্প আমেৰিকাৰ ইতিহাসত একেৰাহে কাৰ্যকাললৈ নিৰ্বাচিত হোৱা দ্বিতীয়জন ৰাষ্ট্ৰপতি৮ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জনপ্ৰিয় ভোট লাভ কৰা দুটা দশকৰ ভিতৰত প্ৰথমজন ৰিপাব্লিকান হ’ব বুলি চিহ্নীত কৰা হৈছে।৯১০

তথ্যসূত্ৰ

  1. ↑ Zeballos-Roig, Joseph; Haltiwanger, John; Kranz, Michal. (October 9, 2019). 24 conspiracy theories Donald Trump has floated over the years. Business Insider
  2. ↑ Dale, Daniel. (June 5, 2019). Donald Trump has now said more than 5,000 false things as president. Toronto Star
  3. ↑ Kessler, Glenn. (January 23, 2021). Trump made 30,573 false or misleading claims as president. Nearly half came in his final year.. The Washington Post
  4. ↑ Pilkington, Ed. (December 8, 2015). Donald Trump: ban all Muslims entering US. The Guardian
  5. ↑ Timm, Jane C. (January 13, 2021). Fact check: Mexico never paid for it. But what about Trump's other border wall promises?. NBC News
  6. ↑ Pearle, Lauren. (February 5, 2019). Trump administration admits thousands more migrant families may have been separated than estimated. ABC News
  7. ↑ Spagat, Elliot. (October 25, 2019). Tally of children split at border tops 5,400 in new count. AP News
  8. ↑ Trump isn’t first to be second: Grover Cleveland set precedent of nonconsecutive presidential terms
  9. ↑ Donald Trump Becomes First Republican To Win Popular Vote In 20 Years. NDTV
  10. ↑ Trump pulls off historic White House comeback. BBC News

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড'নাল্ড ট্ৰাম্প” প্ৰবন্ধৰ সংশোধন ৫৪৩২৯৯ (১২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।