টিণ্ডাৰ হৈছে এটা অনলাইন ডেটিং আৰু জিঅ’ছ’চিয়েল নেটৱৰ্কিং এপ্লিকেচন। টিণ্ডাৰত ব্যৱহাৰকাৰীসকলে লাইক কৰিবলৈ "সোঁফালে ছোৱাইপ" কৰে বা অন্য ব্যৱহাৰকাৰীৰ প্ৰফাইল অপছন্দ কৰিবলৈ "বাওঁফালে ছোৱাইপ" কৰে। টিণ্ডাৰ প্ৰফাইলত ব্যৱহাৰকাৰিৰ ফটো, এটা চুটি বায়', আৰু তেওঁলোকৰ আগ্ৰহৰ তালিকা অন্তৰ্ভুক্ত কৰা হয়। টিণ্ডাৰে এটা "ডাবল অপ্ট-ইন" ব্যৱস্থা ব্যৱহাৰ কৰে য'ত দুয়োজন ব্যৱহাৰকাৰীয়ে বাৰ্তা বিনিময় কৰাৰ আগতে ইজনে সিজনৰ প্ৰফাইল ভাল পাব লাগিব।১২৩৪
২০১২ চনত পশ্চিম হলিউডৰ হেচ লেবছ ইনকিউবেটৰত অনুষ্ঠিত হোৱা হেকাথনত শ্বেন ৰেডে টিণ্ডাৰ মুকলি কৰিছিল।৫৬৭ ২০১৪ চনলৈকে টিণ্ডাৰে দৈনিক প্ৰায় এক বিলিয়ন "ছোৱাইপ" পঞ্জীয়ন কৰিছিল। সেই সময়ত ব্যৱহাৰকাৰীসকলে দিনটোত গড়ে ১১ বাৰ এপটোত লগ ইন কৰিছিল।৮ ২০১৫ চনত টিণ্ডাৰ পঞ্চম সৰ্বাধিক উপাৰ্জনকাৰী মোবাইল এপ হিচাপে পৰিগণিত হয়,৯ আৰু ২০১৯ চনলৈকে ই সৰ্বাধিক উপাৰ্জন কৰা এপ আছিল।১০ ২০২০ চনত টিণ্ডাৰৰ ৬২ লাখ গ্ৰাহক আৰু ৭৫ মিলিয়ন মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী আছিল।১১ ২০২১ চনলৈকে টিণ্ডাৰে বিশ্বজুৰি ৬৫ বিলিয়নতকৈ অধিক মেচ ৰেকৰ্ড কৰিছে।১২
তথ্যসূত্ৰ
- ↑ Abrams, Mike. (2016). Sexuality and Its Disorders: Development, Cases, and Treatment. Sage Publications. পৃ. 381. ISBN 9781483309705
- ↑ Karniel, Yuval; Lavie-Dinur, Amit. (2015). Privacy and Fame: How We Expose Ourselves across Media Platforms. Lexington Books. পৃ. 118. ISBN 9781498510783
- ↑ Goodall, Emma. (2016). The Autism Spectrum Guide to Sexuality and Relationships. Jessica Kingsley Publishers. পৃ. 134. ISBN 9781784502263
- ↑ (2 March 2017). Tinder Users Are Finding More Matches Thanks to Spotify: Popular 'Anthems' Include Songs from The Weeknd and Drake. Tech Times
- ↑ (3 December 2014). Barry Diller Says Tinder Succeeded Because IAC Left Its Founders Alone. TechCrunch
- ↑ (14 August 2018). Barry Diller's IAC Sued by Tinder Co-Founders for $2 Billion. The Hollywood Reporter
- ↑ Grove, Jennifer Van. IAC stakes bigger claim over dating app Tinder. CNET
- ↑ Bilton, Nick. (29 October 2014). Tinder, the Fastest Growing Dating App, Taps an Age Old Truth. The New York Times
- ↑ Tinder Keeps the Fire Burning. App Annie Blog
- ↑ Sun, Leo. (Jan 21, 2020). How Tinder Became the Highest Grossing Mobile App of 2019. Nasdaq
- ↑ (2017-08-21). Tinder Revenue and Usage Statistics (2021). Business of Apps
- ↑ Tinder Rolls Out Video in Profile to More Members Across Europe and Asia. Tinder Newsroom
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৭৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।