অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

টাটা নেন'

টাটা নেন হৈছে টাটা মট'ৰছৰ দ্বাৰা উৎপাদিত চাৰিচকীয়া গাড়ী। ভাৰতবৰ্ষত নিৰ্মিত আৰু বিক্ৰী হোৱা "টাটা নেন'" বিশ্বৰ সবাতোকৈ কম মূল্যৰ গাড়ী হিচাপে পৰিগণিত হৈছে। ২০০৮ চনৰ ১০ জানুৱাৰীত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত এখন অট' এক্সপ'ত এই গাড়ীখন বজাৰত মুকলি কৰি দিয়া হৈছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

টাটা নেন হৈছে টাটা মট'ৰছৰ দ্বাৰা উৎপাদিত চাৰিচকীয়া গাড়ী। ভাৰতবৰ্ষত নিৰ্মিত আৰু বিক্ৰী হোৱা "টাটা নেন'" বিশ্বৰ সবাতোকৈ কম মূল্যৰ গাড়ী হিচাপে পৰিগণিত হৈছে। ২০০৮ চনৰ ১০ জানুৱাৰীত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত এখন অট' এক্সপ'ত এই গাড়ীখন বজাৰত মুকলি কৰি দিয়া হৈছিল। প্ৰথমতে ইয়াৰ মূল্য (ভাৰতীয় মূল্য) মাত্ৰ এক লাখ টকা আছিল। সেয়ে এই গাড়ীখনক "এক লাখ কাৰ" নামেৰেও জনা যায়।১ ২০০৯ চনত টাটা নেন'ই আত্মপ্ৰকাশ কৰাৰ পিছৰপৰাই ইয়াৰ দাম ক্ৰমাৎ বাঢ়ি আহিছে। তথাপি টাটা নেন' ভাৰতৰ আটাইতকৈ কম মূল্যৰ চাৰিচকীয়া গাড়ী হিচাপে পৰিগণিত হৈ আছে। দেশখনত কম মূল্যৰ পৰিবহণৰ মাধ্যম হিচাপে এই গাড়ীখনে জনপ্ৰিয়তা অৰ্জন কৰিছে। এই গাড়ীখনক "পিপ'লছ কাৰ" অৰ্থাৎ "জনগণৰ গাড়ী" হিচাপে আখ্যা দিয়া হৈছে।

ইতিহাস

টাটা মট'ৰছে ২০০৫ চনত সফলতাৰে "টাটা এচ" নামৰ এখন কম মূল্যৰ ট্ৰাক বজাৰত মুকলি কৰি দিছিল। ইয়াৰ পিছতেই টাটা মট'ৰছে টাটা নেন'ৰ নিৰ্মাণৰ কথা চিন্তা-চৰ্চা কৰিছিল। যিসকল লোকে মটৰ চাইকেল অথবা অট'ৰিস্ক' ব্যৱহাৰ কৰে, তেওঁলোকৰ সামৰ্থ্য অনুসৰি যাতে এই গাড়ীখন কিনিব পাৰে - এই কথা লক্ষ্য ৰাখিয়েই গাড়ীখনৰ নিৰ্মাণকাৰ্য্য আৰম্ভ কৰা হৈছিল।২ গাড়ীখনৰ অপ্ৰয়োজনীয় সুবিধাসমূহ হ্ৰাস কৰি, নিৰ্মাণত কম পৰিমাণৰ ষ্টিল ব্যৱহাৰ কৰি আৰু কম মূল্যৰ ভাৰতীয় পৰিশ্ৰামিকৰ ওপৰত নিৰ্ভৰ কৰি টাটা নেন'ৰ মূল্য কমকৈ নিৰ্ধাৰণ কৰা হৈছে।

কম মূল্যৰ গাড়ী হিচাপে ইয়াক উদ্বোধন কৰাৰ পৰাই টাটা নেন'ই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।৩

মূল্য

টাটা মট'ৰছে টাটা নেন'বিশ্বৰ আটাইতকৈ কম মূল্যৰ চাৰিচকীয়া গাড়ী বুলি ঘোষণা কৰিছিল। উদ্বোধন কৰাৰ সময়ত ইয়াৰ মূল্য (ভাৰতীয় মূল্য মতে) এক লাখ টকা, প্ৰায় ২,০০০ আমেৰিকান ডলাৰ আছিল। .৪ প্ৰথম অৱস্থাতেই মাত্ৰ কেইজনমান গ্ৰাহকেহে টাটা নেন'ক এই মূল্যত ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। ২০১২ বৰ্ষত টাটা নেন'ৰ মূল্য (ভাৰতীয় মূল্য মতে) প্ৰায় ১৫০,০০০ টকা। .৫ নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধিকেই পূৰ্বৰ তুলনাত টাটা নেন'ৰ মূল্য বৃদ্ধি হোৱাৰ মুখ্য কাৰণ বুলি জগৰীয়া কৰা হৈছে। .৬

টাটা নেন'ৰ বৈশিষ্ট্যসমূহ

  • টাটা নেন'ৰ তিনিটা সংস্কৰংণ আছে, তাৰে এটা ষ্টেণ্ডাৰ্ড আৰু বাকী দুটা ডিলাক্স। ষ্টেণ্ডাৰ্ড ভাৰ্ছনটোৰ ডিলাৰ মূল্য এক লাখ টকা (২৫০০ ডলাৰ)। পৰিবহণ ব্যয় আৰু মূল্য সংযোজিত কৰ যোগ দিলে ইয়াৰ মূল্য ভাৰতৰ অঞ্চলবিশেষে কিছু পাৰ্থক্য আছে।
  • গাড়ীখনত চাৰিখন দুৱাৰ আছে আৰু পাঁচজন যাত্ৰী বহিব পৰা ক্ষমতা আছে।
  • গাড়ীখনৰ বাহিৰৰ অংশটো মাৰুতি ৮০০ তকৈ ৮ শতাংশ সৰু কিন্তু ভিতৰৰ অংশটো ২১ শতাংশ ডাঙৰ।
  • প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই ভাৰত ৩ আৰু ইউৰ'-৪ নৰ্ম যুক্ত।
  • টাটা নেন'ৰ ইঞ্জিন স্পেচিফিকেচন হ'ল: ৬২৪ চিচি ইঞ্জিন যাৰ শক্তি ৩৩ বি এইচ পি।
  • প্ৰতি লিটাৰ পেট্ৰ'লত টাটা নেন' ২৩ কিঃমিঃ চলে।
  • গাড়ীখনত পাৱাৰ ষ্টেয়েৰিঙৰ সুবিধা নাই।
  • গাড়ীখনৰ ডেচব'ৰ্ডত স্পীড'মিটাৰ, ফুৱেল গজ আৰু অইল লাইট আছে।
  • টাটা নেন' গাড়ীখনত ৰেডিঅ' বা ঘূৰা-পকা কৰিব পৰা ছিটৰ সুবিধা নাই।

বঁটা

বৰ্ষবঁটাতথ্য সূত্ৰ
২০১০Business Standard Motoring Indian car of the year৭
২০১০Bloomberg UTV-Autocar car of the year৮
২০১০Edison Awards, first place in the transportation category৯
২০১০Good Design Awards, in the category of transportation১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ টাটা নেন'
  2. ↑ Meredith, Robyn. (Thu, Apr 19, 2007). The Next People Car. Forbes. Yahoo! - ABC News Network
  3. ↑ (01/11/2008). Bodacious Tata: India Delivers World's Cheapest Car. Spiegel Online International. SPIEGEL GRUPPE
  4. ↑ KURCZEWSKI, NICK. (March 23, 2009). Tata Nano Launched in Mumbai. Wheels Blog. The New York Times
  5. ↑ For only first customers receiving 100,000, see (Thu Jul 16, 2009). Tata Motors to deliver first Nano on Friday. Thompson Reuters *For 2012 price, see Price List: Select to view citywise ex-showroom price of the Nano.. Tata Motors
  6. ↑ Nelson Ireson. (2008-08-05). Rising costs could eat Tata Nano’s profits. Motor Authority, Tuesday 5 August 2008
  7. ↑ (Dec 26, 2009). BS Motoring Jury Award 2010: Tata Nano. Business Standard
  8. ↑ fe Bureaus. (Monday, Jan 18, 2010 at 2317 hrs IST). Nano, Pulsar among winners of Bloomberg UTV-Autocar awards. Financialexpress.com
  9. ↑ (2010-04-02). Edison Awards 2010 honoring innovation in the development and launch of new products and services. Edisonawards.com
  10. ↑ (2010-01-05). Tata Nano shines! Wins global design award — Rediff.com Business. Rediff.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাটা নেন'” প্ৰবন্ধৰ সংশোধন ৬৩৭১৯৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।