জ'ৰাম নেচনেলিষ্ট পাৰ্টী ভাৰতৰ মিজোৰাম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। এই দলটোৰ পূৰ্বৰ নাম আছিল মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট)। পূৰ্বৰ সাংসদ লালডুহ'মা এই দলটোৰ নেতৃত্ব বহন কৰি আহিছে। ১৯৯৭ চনত মিজো নেচনেল ফ্ৰণ্টৰ পৰা ফাটি যোৱা এটা অংশই মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট) গঠন কৰিছিল।
২০০৩ আৰু ২০০৮ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত এই দলটোৱে ২ খনকৈ আসনত জয়লাভ কৰিছিল।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ'ৰাম নেচনেলিষ্ট পাৰ্টী” প্ৰবন্ধৰ সংশোধন ৩৮৫০৭৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।