জ′ৰ্য়া (ইংৰাজী: Zorya; আক্ষৰিক অৰ্থ: "দোকমোকালি") স্লাভিক লোককথাৰ এগৰাকী ব্যক্তিত্ব, দোকমোকালিৰ নাৰীসুলভ ব্যক্তিত্ব, সম্ভৱতঃ দেৱী। তেওঁৰ অন্য নামবোৰ হৈছে জাৰ্য়া (Zarya), জাৰিয়া (Zaria), জ′ৰ্জা (Zorza), জিৰ্নিৎচিয়া (Zirnytsia), জাৰানিৎছা (Zaranitsa), জ′ৰ্য়ুস্কা (Zoryushka) আদি৷ পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক একক সত্তা হিচাপে বা একেলগে দুগৰাকী বা তিনিগৰাকী ভগ্নী হিচাপে উপস্থাপন কৰা হয়। যদিও ব্যুৎপত্তিগতভাৱে দোকমোকালিৰ প্ৰাক-ইণ্ডো-ইউৰোপীয় দেৱী হাউছছৰ সৈতে জ′ৰ্য়াৰ কোনো সম্পৰ্ক নাই, তথাপিও তেওঁলোকৰ বেছিভাগ বৈশিষ্ট্যৰ সাদৃশ্য দেখা পোৱা যায়। তেওঁক প্ৰায়ে সূৰ্য্য, চন্দ্ৰ আৰু পুৱতিৰ তৰা ডানিকাৰ ভগ্নী হিচাপে চিত্ৰিত কৰা হয়, তেওঁলোকৰ সৈতে জ′ৰ্য়াক কেতিয়াবা চিনাক্ত কৰা হয়।১ তাই সূৰ্য্যৰ প্ৰাসাদত বাস কৰে, ৰাতিপুৱা তেওঁৰ বাবে দ্বাৰ খুলি দিয়ে যাতে তেওঁ আকাশী যাত্ৰালৈ ৰাওনা হয়৷ তেওঁ সূৰ্য্যৰ বগা ঘোঁৰাবোৰৰ পহৰা দিয়ে২ আৰু তেওঁক কুমাৰী বুলিও বৰ্ণনা কৰা হৈছে।৩ পূৰ্বাঞ্চলৰ স্লাভিক পৰম্পৰা জাগ'ভৰীত তেওঁ এজন অনুশীলনকাৰীয়ে আবেদন কৰা সৰ্বোচ্চ শক্তিক প্ৰতিনিধিত্ব কৰে।৪
ব্যুৎপত্তি
স্লাভিক শব্দ zora ("দোকমোকালি") আৰু ইয়াৰ বিকল্প স্লাভিক শব্দ zrěti ("দেখা, পৰ্যবেক্ষণ কৰা") একেটা মূলৰ পৰা আহিছে, যাৰ মূল অৰ্থ সম্ভৱতঃ "উজ্জ্বল"। জাৰা শব্দটোৰ উৎপত্তি হয়তো žar "তাপ" শব্দটোৰ প্ৰভাৱত হৈছিল। zoŗà শব্দটো প্ৰাক-বাল্টো-স্লাভিক źoriˀ শব্দৰ পৰা আহিছে, ইয়াৰ মূল শব্দটোৰ ব্যুৎপত্তি অস্পষ্ট।৫
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ′ৰ্য়া” প্ৰবন্ধৰ সংশোধন ৪৯০৪৩৫ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।