আলজেৰিয়াৰ ব্যক্তি
১০ প্ৰবন্ধ
-
জামিলা বুৱাজ্জা
জামিলা বুৱাজ্জা (আৰবী: جميلة بوعزة; ১৯৩৮ – ১২ জুন ২০১৫), আছিল এজন আলজেৰিয়ান মহিলা উগ্ৰপন্থী, যিয়ে আলজেৰিয়ান জাতীয়তাবাদক সমৰ্থন কৰিছিল আৰু ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল।
-
জামিলা বৌহাইৰ্ড
জামিলা বৌহাইৰ্ড (আৰবী: جميلة بوحيرد, জন্ম জুন ১৯৩৫) এজন আলজেৰিয়ান জাতীয়তাবাদী উগ্ৰপন্থী, যিয়ে নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্য হিচাপে আলজেৰিয়াত ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল।
-
আইচা লেমচিন
লেমচিন, পোছাকী নাম আইচা লাইডি (জন্ম ১৯৪২), ফৰাচী ভাষাত লিখা এগৰাকী আলজেৰিয়ান লেখিকা। টেবেছাৰ বাৰ্বাৰ নেমেমচাছ অঞ্চলত জন্মগ্ৰহণ কৰা লেমচিনে মহিলাৰ অধিকাৰৰ পোষকতা কৰে।
-
আমিনা জৌবিৰ
আমিনা জৌবিৰ (জন্ম ১৯৮৩) আলজেৰিয়াৰ আলজিয়াৰ্ছৰ এগৰাকী সমসাময়িক শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিবেশক। টেক ইউৰ প্লেচ শীৰ্ষক ভিডিঅ'-একচনৰ জৰিয়তে তেওঁক নাৰীবাদী অভিনেত্ৰী হিচাপে জনা যায়, যিটো তেওঁ ২০১২ চনত আলজেৰিয়াৰ স্বাধীনতাৰ ৫০ বছৰীয়া জয়ন্তীৰ সময়ত পৰিচালনা কৰিছিল, যাৰ লক্ষ্য আছিল আলজেৰিয়াৰ…
-
কাটিয়া কামেলি
কাটিয়া কামেলি ( Katia Kameli; জন্ম: ১৯৭৩) এগৰাকী ফৰাচী-আলজেৰিয়ান দৃশ্য-শ্ৰাব্য শিল্পী যিয়ে মূলতঃ চলচ্চিত্ৰ আৰু ভিডিঅ'ত কাম কৰে। তেওঁৰ প্ৰধান কলাত্মক কেন্দ্ৰবিন্দু হৈছে আলজেৰিয়াৰ বিভিন্ন বিষয়; আৰু তেওঁ আলজেৰিয়াৰ ইতিহাস, সংস্কৃতি আৰু ৰাজনীতিৰ সন্ধান কৰিবলৈ চলচ্চিত্ৰৰ ব্যৱহাৰ কৰিছে।
-
জাজী ছাডু
জাজী ছাডু এগৰাকী আলজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী। আলজেৰিয়াৰ গৃহ-যুদ্ধৰ সময়ত তেওঁ ১৯৯৩ চনৰপৰা ২০০৪ চনলৈকে আলজেৰিয়ান মহিলা প্ৰতিৰোধ আন্দোলনৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জোহৰা বেনচেম্ৰা
জোহৰা বেনচেম্ৰা ( Zohra Bensemra; জন্ম অক্টোবৰ ১৯৬৮) এগৰাকী আলজেৰিয়ান ফটোগ্ৰাফাৰ, যিয়ে মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু এছিয়াত কাম কৰে। বৰ্তমান আফ্ৰিকাত থাকে।
-
বায়া মহিয়েদ্দিন
বায়া মহিয়েদ্দিন বা ফাতিমা হাদ্দাদ; (জন্ম ১৯৩১ চনৰ ১২ ডিচেম্বৰত বৰ্ডজ এল কিফানত; মৃত্যু ১৯৯৮ চনৰ ৯ নৱেম্বৰত) এজন আলজেৰিয়ান শিল্পী আছিল। তেওঁৰ কৰ্মৰাজিক কোনো বিশেষ শিল্প ধাৰাৰ অন্তৰ্গত বুলি চিনাক্ত কৰা নাছিল যদিও সমালোচকসকলে তেওঁৰ চিত্ৰকলাক অতিবাস্তৱবাদী, আদিম, সহজ-সৰল আৰু আধুনিক বুলি শ্ৰেণীভুক্ত…
-
হামজা বেনডল্লাজ
হামজা বেনডেল্লাজ (Hamza Bendelladj), সম্পূৰ্ণ নাম ডেনিয়েল হামজা বেনডেল্লাজ, অনেকৰ মতে অনলাইন ৰবীন হুড আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰখনত জড়িত অনেকৰ বাবে মূৰৰ কামোৰণি সদৃশ।
-
হোৰিয়া নিয়াটি
হোৰিয়া নিয়াটি (জন্ম ১৯৪৮) লণ্ডনত বাস কৰা এগৰাকী আলজেৰিয়ান শিল্পী। নিয়াটি মিক্সড মিডিয়া ইনষ্টলেশ্যনত বিশেষজ্ঞ যিয়ে পশ্চিমীয়া প্ৰতিনিধিত্ব আৰু উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ মহিলাসকলৰ বস্তুনিষ্ঠকৰণক সমালোচনা কৰে।