ছেইণ্ট জন বস্ক’ (ইটালিয়ান:Giovanni Melchiorre Bosco; ১৬ আগষ্ট,১৮১৫১31 January 1888২৩ - ৩১ জানুৱাৰী, ১৮৮৮; সৰ্বাধিক সমাদৃত নাম ছেইণ্ট ডন বস্ক’) ১৯ শতিকাৰ এজন ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ আছিল। তেখেতে টুৰিনত কাম কৰি থকা কালত উদ্যোগীকৰণ, আৰু নগৰকৰণৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ লক্ষ্য কৰে। তেতিয়া তেখেতে নিজৰ জীৱন পথৰ শিশু আৰু আন সুবিধাহীন ল'ৰা-ছোৱালীৰ বাবে উছৰ্গা কৰে। তেখেতে শাস্তিৰ সলনি মৰম ব্যৱহাৰ কৰা এক শিক্ষা পদ্ধতি বিকাশ কৰে যাক Salesian Preventive System বোলা হয়।৪ Saint Francis de Sales অনুগামী বস্ক'ই টুৰিনত Salesians of Don Bosco মুকলি কৰোঁতে প্ৰতিষ্ঠানটো সেইজনৰ নামতে উছৰ্গা কৰে।৫ Maria Domenica Mazzarello-ৰ সৈতে মিলি তেখেতে Salesian Sisters of Don Bosco নামৰ দুখীয়া ছোৱালীৰ সেৱা আৰু শিক্ষাৰ হকে কাম কৰা এটা ধাৰ্মিক প্ৰতিষ্ঠান মুকলি কৰে।
১৮৭৬ চনত তেখেতে দুখীয়াৰ শিক্ষাৰ বাবে Association of Salesian Cooperators আৰম্ভ কৰে।৬ ১৮৭৫ চনত তেখেতে Salesian Bulletin প্ৰকাশ কৰিবলৈ লয়।৭৮ এই পত্ৰ এতিয়াও ৫০টা সংস্কৰণ আৰু ৩০ টা ভিন্ন ভাষাত প্ৰকাশ পাই আহিছে।৭
বস্ক'ই তেখেতৰ কাম আগবঢ়াই নিবলৈ সংগঠন আৰু কেন্দ্ৰৰ গোট খোলে। ১৯২৯ চনত তেখেতৰ মৃত্যুৰ (beatification) পাছত ১৯৩৪ চনত পোপ পায়াছ একাদশে তেখেতক saint ঘোষণা কৰে।
তথ্যসূত্ৰ
- ↑ Lemoyne Amadei Ceria
- ↑ Coulter Myers Varacalli
- ↑ Saint of the Day, 31 January: John Bosco SaintPatrickDC.org. Retrieved 2012-03-09
- ↑ Morrison 1999, পৃ. 51
- ↑ Farmer 2004, পৃ. 121
- ↑ Salesian Cooperators. Salesians of Don Bosco, Province of Mary Help of Christians, Melbourne
- ↑ The Salesian Bulletin in the World. Eircom.net, Dublin
- ↑ Lemoyne Amadei Ceria
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন বস্ক'” প্ৰবন্ধৰ সংশোধন ৬০৭৭৪৩ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।