ছ'ভিয়েট সংঘ (ৰুছ ভাষাত: Сове́тский Сою́з, ছ'ভেতস্কিয়্ ছ'য়ুজ, আইপিএ: [sɐ'vʲetskʲɪj sɐˈjʉs]), আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স (ৰুছ ভাষাত: Сою́з Сове́тских Социалисти́ческих Респу́блик, ছ'য়ুজ ছ'ভেটস্কিখ ছৎচিয়েলিষ্টিছেস্কিখ ৰেস্প'ব্লিক, আইপিএ: [sɐˈjus sɐˈvʲɛtskʲɪx sətsɨəlʲɪsˈtʲitɕɪskʲɪx rʲɪˈspublʲɪk], ছুটিকৈ ইউএছএছআৰ (ৰুছ ভাষাত: CCCP, এছএছআৰ) ১৯২২ৰপৰা ১৯৯১লৈ য়ুৰেছিয়া মহাদেশত বৰ্ত্তি থকা এখন সমাজবাদী দেশ। ই আছিল কেইবাখনো ৰাষ্ট্ৰীয় ছ'ভিয়েট গণৰাজ্যৰ সংঘ। এ ছ'ভিয়েট সংঘ এখন এক-দলীয় দেশ আছিল, আৰু ৰাজধানী মস্কোস্থিত পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা শাসিত আছিল।
গঠন আৰু প্ৰাৰম্ভিক বছৰ কেইটা
ছ'ভিয়েট সংঘৰ সৃষ্টিৰ আঁৰত আছিল ১৯১৭ চনৰ অক্টোবৰ মাহৰ ৰুছ বিপ্লৱ, যেতিয়া ব্লাডিমিৰ লেনিন নেতৃত্বাধীন ব'লছেৱিক পাৰ্টিয়ে উত্তৰ-জাৰকালীন অস্থায়ী চৰকাৰৰ হাতৰ পৰা ক্ষমতা কুক্ষিগত কৰিলে। বিপ্লৱৰ কিছুদিন পাছতে দেশত এক গৃহযুদ্ধৰ সৃষ্টি হ’ল। অক্টোবৰ বিপ্লৱৰ সমৰ্থক আৰু বিৰোধীসকল ক্ৰমে 'লালবাহিনী' আৰু 'শ্বেতবাহিনী'ৰ ৰূপত সংগঠিত হ’ল। ১৯২২ পৰ্যন্ত লেনিন নেতৃত্বাধীন ব'লছেৱিকসকল গৃহযুদ্ধত বিজয়ী হ'ল আৰু ৰাছিয়া, ট্ৰেন্সককেচিয়া, য়ুক্ৰেন তথা বেলাৰুছিয়াৰ ছোভিয়েট গণৰাজ্যসমূহ সামৰি সমাজবাদী ছ'ভিয়েট সংঘৰ স্থাপনা কৰা হ'ল। পাৰ্টিৰ নামো এইবাৰ ব'লছেৱিক পাৰ্টিৰ সলনি কমিউনিষ্ট পাৰ্টি কৰা হ’ল। ১৯২৪ত লেনিনৰ মৃত্যুৰ পাছত কিছু বছৰ ধৰি আভ্যন্তৰীন ক্ষমতা যুদ্ধ চলিল আৰু ১৯২০ৰ দশকৰ মাজভাগ পৰ্যন্ত যোছেফ স্তালিন ক্ষমতালৈ আহিল। ট্ৰটস্কি, কামেনেৱ, জিন'ৱিয়েৱ, বুখাৰিন প্ৰভৃতি লেনিনৰ আন অনুগামীসকলক পৰাস্ত কৰি স্তালিনে সকলো ৰাজনৈতিক ক্ষমতা নিজৰ মাজত কেন্দ্ৰীভূত কৰিলে। তেও এক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত কমাণ্ড অৰ্থনীতিৰো সূচনা কৰিলে। কৃষকসকলক বিভিন্ন সমষ্টিৰ ৰূপত সংগঠিত কৰা হ’ল আৰু সমষ্টিবিলাকৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ সাব্যস্ত কৰা হ’ল। কৃষকৰ অতিৰিক্ত খাদ্যশস্য আন্তৰ্জাতিক বজাৰত বিক্ৰী কৰি স্তালিনে দেশখনত এক ব্যাপক তথা তীব্ৰবেগী ঔদ্যোগীকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰিলে। ইয়েই পাছলৈ ছ'ভিয়েট সংঘক এক বিশ্বশক্তি হিচাপে পৰিগণিত কৰাত সহায় কৰিলে। এই সমগ্ৰ সময়ছোৱাত বিভিন্ন বিৰোধী শক্তিসমূহৰ দমনো অব্যাহত থাকিল। বিশেষকৈ ১৯৩৬-৩৮ সময়ছোৱাত শত্ৰু দেশৰ এজেণ্ট বুলি সন্দেহ কৰি দেশৰ অগণন সামৰিক নেতা, কমিউনিষ্ট পাৰ্টিৰ আন আন সদস্য তথা সাধাৰণ লোকক গ্ৰেপ্তাৰ কৰি শ্ৰম শিৱিৰলৈ নিক্ষেপ কৰা হ’ল তথা বহুতকে মৃত্যুদণ্ডও বিহা হ’ল।
দ্বিতীয় বিশ্বযুদ্ধ আৰু শীতল যুদ্ধৰ আৰম্ভণি
দ্বিতীয় বিশ্ব যুদ্ধৰ ঠিক কিছু সময় পূৰ্বে ছ'ভিয়েট সংঘই নাজী জাৰ্মানীৰ সৈতে অনা-আক্ৰমণ চুক্তি স্বাক্ষৰ কৰিলে। দুয়োখন দেশে ১৯৩৯ত প'লেণ্ড দখল কৰিলে। জুন ১৯৪১ত 'অপাৰেছন বাৰ্বাৰুছা'ৰ অধীনত জাৰ্মানসকলে ছ'ভিয়েট সংঘ আক্ৰমণ কৰিলে। যুদ্ধৰ প্ৰথম পৰ্যায়ত ছ'ভিয়েট সংঘৰ বৃহত ক্ষতি হ'ল, কিন্তু লাহে লাহে লালসেনাই নাজীবাহিনীক প্ৰত্যাহবান জনাবলৈ ধৰিলে। স্তালিনগ্ৰাডৰ যুদ্ধত লালসেনাই জাৰ্মানসেনাক সম্পূৰ্ণভাৱে পৰাস্ত কৰিলে। অৱশেষত ১৯৪৫ত ছ'ভিয়েট সংঘই বাৰ্লিন দখল কৰিলে। লাল সেনাই দখল কৰা অঞ্চল সমূহ পাছলৈ ইষ্টাৰ্ণ ব্লকৰ ছেটেলাইট ৰাজ্যলৈ পৰিণত হ'ল। ১৯৪৭ মানৰে পৰা শীতল যুদ্ধৰ আৰম্ভণি ঘটিল। ছ'ভিয়েট সংঘৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেচন বা চমুকৈ 'নাটো' গঠন কৰিলে ১৯৪৯ত।
স্তালিনৰ মৃত্যুৰ পাছত
১৯৫৩ত স্তালিনৰ মৃত্যুৰ পাছত নতুন ৰাষ্ট্ৰনেতা খ্ৰুচ্ছেৱৰ নেতৃত্বত উদাৰীকৰণৰ এক প্ৰচেষ্টা দেখা পোৱা গ'ল, যাক 'ডি-স্তালিনাইজেচন' আৰু 'খ্ৰুচেভছ প্ৰচেষ্টা' বোলা হয়। দেশৰ দ্ৰুত বিকাশ ঘটিল, কেইবা নিযুত কৃষকক ঔদ্যোগীকৃত নগৰলৈ স্থানান্তৰিত কৰা হ'ল। মহাকাশ দৌৰত এক আগতীয়া অগ্ৰগতি লভি ছ'ভিয়েট সংঘই প্ৰথম উপগ্ৰহ স্থাপন কৰিলে, মহাকাশত প্ৰথম মানুহ প্ৰেৰণ কৰিলে। ১৯৭০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰে সম্পৰ্ক কিছু ভাললৈ আহিছিল যদিও ১৯৭৯ত আফগানিস্তানত সেনা প্ৰেৰণ কৰাত সম্পৰ্ক পুনৰ বেয়া হ'ল। যুদ্ধত অৰ্থনৈতিক সম্পদৰ ক্ষতি হৈছিল আৰু আমেৰিকাই মুজাহিদীন যুঁজাৰুসকলক সহায় কৰাৰ পাছত ই অধিক বৃদ্ধি পালে।
সংঘ ভংগ
১৯৮০ৰ দশকৰ মাজ ভাগত অন্তিম ছ'ভিয়েট নেতা মিখাইল গৰ্বাছেৱে অৰ্থনীতিক অধিক সংস্কাৰ কৰিব বিচাৰিলে নিজৰ গ্লাচন'ষ্ট আৰু পেৰেষ্ট্ৰইকাৰ জৰিয়তে। উদ্দেশ্য আছিল অৰ্থনৈতিক অনগ্ৰসৰতাৰ অৱসান ঘটোৱা। তেওৰ কাৰ্যকালতে শীতল যুদ্ধৰো অৱসান ঘটিল আৰু পূব ইউৰোপৰ ছেটেলাইট দেশসমূহত কমিউনিষ্ট চৰকাৰসমূহে ক্ষমতা হেৰুৱালে। ইউএছএছআৰৰ ভিতৰতো কেইবাটাও জাতীয়তাবাদী আৰু বিচ্ছিন্নতাবাদী আন্দোলন গঢ় লৈ উঠিল। কেন্দ্ৰীয় প্ৰশাসনে বেল্টিক গণৰাজ্যবিলাক, আৰ্মেনিয়া, জৰ্জিয়া আৰু মলড'ভাৰ দ্বাৰা অসমৰ্থিত এক ৰেফাৰেণ্ডাম অনুষ্ঠিত কৰিলে, য'ত প্ৰায়সংখ্যক অংশগ্ৰহণকাৰী নাগৰিকে সংঘক এক পুনৰ্নৱীকৃত ফেডাৰেচন হিচাপে ৰখাৰ পক্ষত মতদান কৰিলে। আগষ্ট ১৯৯১ত কমিউনিষ্ট পাৰ্টিৰ ৰক্ষণশীল অংশটোৱে এক অভ্যুত্থানৰ চেষ্টা কৰিলে। ৰাছিয়ান ৰাষ্ট্ৰপতি বৰিছ য়েল্টচিনৰ প্ৰচেষ্টাত ই বিফল হ'ল আৰু কমিউনিষ্ট পাৰ্টি নিষিদ্ধ ঘোষিত হ'ল। ২৫ ডিচেম্বৰ ১৯৯১ত গৰ্বাচেৱে পদত্যাগ কৰিলে আৰু ছ'ভিয়েট সংঘ ভংগ হোৱাৰ পাছত ১২খন গঠনকাৰী গণৰাজ্য আইন হ'ল। ৰাছিয়ান ফেডাৰেচনে (পূৰ্বতে ৰাছিয়ান এছএছআৰ) ছ'ভিয়েট সংঘৰ উত্তৰাধিকাৰ আৰু দায়িত্ব গ্ৰহণ কৰি ছ'ভিয়েট সংঘৰ মুখ্য আইনী উত্তৰসূৰী হিচাপে পৰিগণিত হ'ল।১২৩
তথ্যসূত্ৰ
- ↑ The term "successor state of the Soviet Union" for the Russian Federation was laid down in paragraph 3 of article 1 and paragraph 7 of article 37 of the Federal law "On international treaties of the Russian Federation" of 15 July 1995 No. 101-FZ (adopted by the State Duma on 16 June 1995)
- ↑ [The case of Mikhail Suprun: the story of political repression as an invasion of privacy echo.msk.ru/programs/kulshok/822592-echo/#elemen
- ↑ On 13 January 1992 the Russian MFA has dispatched to heads of diplomatic missions in Moscow a note in which it was stated that the Russian Federation continues to exercise rights and perform obligations under all agreements concluded by the USSR
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছ'ভিয়েট সংঘ” প্ৰবন্ধৰ সংশোধন ৫৩৫৯০৫ (৩০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।