অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ছফী জাৰ্টমেন

মেট ছফী জাৰ্টমেন (ইংৰাজী: Mette Sophie Zahrtmann; ১৮৪১–১৯২৫) এগৰাকী ডেনিছ ডায়কনেছ আৰু নাৰ্ছ আছিল। ১৮৯১ চনত প্ৰতিষ্ঠাপক লুইচ কনৰিঙৰ মৃত্যুৰ পাছত জাৰ্টমেন ক’পেনহেগেনৰ ডেনিছ ডায়কনেছ ইনষ্টিটিউটৰ চিষ্টাৰ ছুপাৰিয়ৰ হৈছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মেট ছফী জাৰ্টমেন (ইংৰাজী ভাষা: Mette Sophie Zahrtmann; ১৮৪১–১৯২৫) এগৰাকী ডেনিছ ডায়কনেছ আৰু নাৰ্ছ আছিল। ১৮৯১ চনত প্ৰতিষ্ঠাপক লুইচ কনৰিঙৰ মৃত্যুৰ পাছত জাৰ্টমেন ক’পেনহেগেনৰ ডেনিছ ডায়কনেছ ইনষ্টিটিউটৰ চিষ্টাৰ ছুপাৰিয়ৰ হৈছিল। ডেনমাৰ্কত অতিৰিক্ত আশ্ৰয় গৃহ আৰু যত্ন কেন্দ্ৰৰ সৈতে ডায়কনেছ নেটৱৰ্ক সম্প্ৰসাৰিত কৰা আৰু নাৰ্ছসকলৰ প্ৰশিক্ষণ পাঠ্যক্ৰমত তত্ত্বীয় দিশ যোগ কৰাৰ বাবে তেওঁক স্মৰণ কৰা হয়।১২

প্ৰাৰম্ভিক জীৱন

১৮৪১ চনৰ ২৩ জুলাইত ভাইবৰ্গৰ উত্তৰ-পশ্চিমৰ ভামেনত ছফী জাৰ্টমেনৰ জন্ম হৈছিল। তেওঁ জোহান হেনৰিখ জাৰ্টমেন আৰু মেৰী ডৰোথিয়া পুলচেনৰ কন্যা আছিল। হৰচেনচৰ ওচৰৰ হাটিঙৰ ৰেক্টৰীত ডাঙৰ-দীঘল হোৱা তেওঁলোকৰ সাতটি সন্তানৰ ভিতৰত ছফী অন্যতম আছিল, য’ত তেওঁৰ দেউতাক এজন ধৰ্মযাজক আছিল। তেওঁৰ সম্পৰ্কীয় ভাতৃ চিত্ৰশিল্পী ক্ৰিষ্টিয়ান জাৰ্টমেনৰ দৰেই ছফীৰো শিল্পকলাৰ প্ৰতি আগ্ৰহ আছিল আৰু তেওঁ অংকন তথা চিত্ৰকলাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।১

১৮৫৫ চনত যেতিয়া তেওঁৰ ভগ্নীৰ ক’পেনহেগেনৰ ফ্ৰেডৰিকছ হাস্পতালত অস্ত্ৰোপচাৰ চলি আছিল, তেতিয়াই সেই হাস্পতালত চোৰেন কিয়েৰ্কেগাৰ্ডৰ মৃত্যু হয়, যিয়ে জাৰ্টমেনৰ মনত এই দাৰ্শনিকগৰাকীৰ প্ৰতি আগ্ৰহ জগাই তুলিছিল। হাস্পতালখনত কৰ্মৰত ডেনমাৰ্কৰ প্ৰথম পেছাদাৰী নাৰ্ছ ইলিয়া ফিবীগাৰৰদ্বাৰাও তেওঁ প্ৰভাবিত হৈছিল। ১৮৫৮ চনত মাকৰ মৃত্যুৰ পাছত জাৰ্টমেনে নিজৰ কেৰিয়াৰ গঢ়াৰ কথা ভাবিছিল যদিও দেউতাকে তেওঁক ভনীয়েকহঁতৰ যত্ন ল'বলৈ ঘৰতে থাকিবলৈ বাধ্য কৰে। ১৮৬৪ চনৰ ডেনিছ যুদ্ধৰ সময়ত তেওঁলোকৰ ৰেক্টৰীখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল, যিয়ে জাৰ্টমেনক যথেষ্ট মানসিক কষ্ট দিছিল। ১৮৬৭ চনত দেউতাকৰ মৃত্যুৰ অলপ আগতে তেওঁ এগৰাকী ডায়কনেছ হোৱাৰ অনুমতি লাভ কৰে। অৱশ্যে প্ৰথমে তেওঁ আৰহাছত চাৰি বছৰ ধৰি দুটি অন্ধ শিশুৰ যত্ন লৈছিল।১

কৰ্মজীৱন

১৮৭২ চনত জাৰ্টমেনে ক’পেনহেগেনৰ পৰিৱৰ্তে ষ্ট্ৰাছবাৰ্গৰ ডায়কনেছ ইনষ্টিটিউটত নিজৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ইয়াৰ কাৰণ আছিল ১৮৭০ চনত এলচেচ জাৰ্মানীৰ অন্তৰ্ভুক্ত হোৱাৰ দৰেই ডেনমাৰ্কেও যুদ্ধত হেৰুওৱা ভূমিৰ বাবে ষ্ট্ৰাছবাৰ্গত অধিক সহানুভূতি লাভ কৰিব বুলি তেওঁ ভাবিছিল। বিদেশত থকাৰ সময়ছোৱাত তেওঁ নিউচেটেলৰ এখন ডাঙৰ হাস্পতালত আৰু পেৰিছৰ ডায়কনেছ ইনষ্টিটিউটতো কিছুদিন কাম কৰিছিল। অৱশ্যে তেওঁ ষ্ট্ৰাছবাৰ্গৰ মূল কেন্দ্ৰটোৰ সৈতেহে বেছিকৈ জড়িত আছিল, য’ত ১৮৭৭ চনত তেওঁ এগৰাকী ডায়কনেছ হিচাপে নিযুক্তি লাভ কৰে।১

১৮৭৯ চনত তেওঁক ক’পেনহেগেনৰ ডায়কনেছ ইনষ্টিটিউতলৈ বদলি কৰা হয়। তাত তেওঁ নতুন চিষ্টাৰসকলক নাৰ্ছিং আৰু খ্ৰীষ্টান নীতিশাস্ত্ৰৰ প্ৰশিক্ষণ দিয়াত কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল। তেওঁৰ এটা গুৰুত্বপূৰ্ণ উদ্ভাৱন আছিল নাৰ্ছিং পাঠ্যক্ৰমৰ এক অংশ হিচাপে 'নাৰ্ছিং থিয়ৰী' বা তত্ত্বীয় দিশটোৰ প্ৰৱৰ্তন কৰা।২ দেউতাকৰ শিক্ষাৰ আধাৰত তেওঁ সেৱাৰ ক্ষেত্ৰত ধৰ্মীয় দৃষ্টিভংগীৰ গুৰুত্বৰ ওপৰত জোৰ দিছিল। তেওঁ ছাত্ৰীসকলৰ মাজত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছিল আৰু প্ৰতিষ্ঠানটোত এক আনন্দদায়ী পৰিৱেশ গঢ়ি তুলিছিল। ১৮৯১ চনত লুইচ কনৰিঙৰ মৃত্যুৰ পাছত জাৰ্টমেন চিষ্টাৰ ছুপাৰিয়ৰ হয় আৰু ডেনমাৰ্কৰ বিভিন্ন স্থানত অতিৰিক্ত শাখা তথা যত্ন কেন্দ্ৰৰ সৈতে ডায়কনেছ নেটৱৰ্কটো সম্প্ৰসাৰিত কৰে। তেওঁ শ্লেছউইগ-হোলষ্টেইনৰ ডেনিছ সীমান্তৰ দক্ষিণৰ অঞ্চলসমূহৰ সৈতেও যোগাযোগ বজাই ৰাখিছিল আৰু প্ৰায়ে ডেনিছ ভাষী চিষ্টাৰসকলক বিনামূলীয়া প্ৰশিক্ষণৰ বাবে ডেনমাৰ্কলৈ আমন্ত্ৰণ জনাইছিল। তেওঁৰ নেতৃত্বত চিষ্টাৰৰ সংখ্যা ১৮৫ গৰাকীৰপৰা ৩০০ গৰাকীলৈ বৃদ্ধি পাইছিল। ১৯০৩ চনৰপৰা তেওঁ নাৰ্ছিং প্ৰশিক্ষণ পাঠ্যক্ৰমসমূহ পদ্ধতিগতভাৱে উন্নত কৰিবলৈ আৰম্ভ কৰে আৰু ইনগেবৰ্গ শ্ৰুডাৰক প্ৰশিক্ষণৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে। ১৯১৩ চনলৈকে প্ৰশিক্ষণ পাঠ্যক্ৰমসমূহ আনুষ্ঠানিক ৰূপত দুবছৰীয়া কৰা হয়, য’ত কেৱল তত্ত্বীয় দিশৰ বাবেই ছমাহ সময় উৎসৰ্গা কৰা হৈছিল।১

১৯১৪ চনত অৱসৰ গ্ৰহণ কৰি তেওঁ জেনটফটেৰ ডায়কনেছ হোমলৈ গুচি যায় আৰু তেওঁৰ উত্তৰাধিকাৰী ভিক্টোৰিয়া জেনচেনৰ কামত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকৈ থাকে। অৱসৰৰ সময়ত তেওঁ লুইচ কনৰিঙৰ বিষয়ে কেইবাটাও প্ৰবন্ধ আৰু নিজৰ স্মৃতিকথা লিখিছিল; যিবোৰ পিছলৈ 'ডেন ডানস্কে ডায়কোনিচেষ্টিফটেলচেছ আৰবগ'ত প্ৰকাশ পাইছিল।১

১৯২৫ চনৰ ৪ মে'ত ক’পেনহেগেনৰ ফ্ৰেডৰিকছবাৰ্গত তেওঁৰ মৃত্যু হয় আৰু তেওঁক চোলবিয়েৰ্গ পাৰ্ক কবৰস্থানত সমাধিস্থ কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Hilden, Adda. Sophie Zahrtmann (1841 - 1925). Kvinfo
  2. ↑ Diakonissestiftelsens Sygeplejerskeruddannelses historie. Diakonissestiftelsen
  3. ↑ Mette Sophie Zahrtmann. Gravested.dk

সম্পৰ্কিত শ্ৰেণী

ডেনিছ নাৰ্ছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছফী জাৰ্টমেন” প্ৰবন্ধৰ সংশোধন ৬০২২৪২ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।