শ্ৰীলংকাৰ স্থাপত্য
৭ প্ৰবন্ধ
-
কিৰিবাথ বিহাৰ
শ্ৰীলংকাৰ প্ৰাচীন পৱিত্ৰ নগৰ অনুৰাধাপুৰত অৱস্থিত কিৰিবাথ বিহাৰ। এই বিহাৰৰ অৱশিষ্টৰ পৰা দেখা যায় যে ইয়াৰ উচ্চতা ৯ মিটাৰ (৩০ ফুট) আৰু পৰিধি ১৩২.৫ মিটাৰ (৪৩৫ ফুট)। নিৰ্মাণৰ তাৰিখ আৰু নিৰ্মাণ কৰা ৰজা, অজ্ঞাত। ওচৰতে, এটা ইমেজ হাউচৰ ধ্বংসাৱশেষ।
-
চেলা চৈত্য
চেলা চৈত্য বা চেলা চেটিয়া, যাক সিংহলী ভাষাত আম্বাষ্টালা ডাগাবা বুলিও কোৱা হয়, শ্ৰীলংকাৰ মিহিণ্টালে ৰয়েল ৰক মন্দিৰত অৱস্থিত এক উল্লেখযোগ্য স্তুপ। মন্দিৰ চৌহদৰ ভিতৰত থকা পাঁচটা স্তুপৰ ভিতৰত ই অন্যতম আৰু ইয়াক ১৬টা মূল উপাসনাস্থলী বা সোলোস্মাস্থানৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
জেতবনৰাম’ স্তুপ
জেতবনৰাম’ স্তুপ বা জেতাবনাৰামায়া (ජේතවනාරාමය) হৈছে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ শ্ৰীলংকাৰ অনুৰাধাপুৰ চহৰৰ জেতবন মঠৰ ধ্বংসাৱশেষত অৱস্থিত এটা স্তুপ বা বৌদ্ধ স্মৃতিসৌধৰ ধ্বংসাৱশেষ।
-
দক্ষিণা স্তুপ
দক্ষিণা স্তুপ খ্ৰীষ্টপূৰ্ব ২য় শতিকাত নিৰ্মিত শ্ৰীলংকাৰ অনুৰাধাপুৰাত অৱস্থিত এটা বৃহৎ ইটাৰ স্তুপ। পূৰ্বতে ৰজা এলাৰাৰ স্মৃতিসৌধ বুলি ভবা হৈছিল, পিছলৈ ইয়াক স্তুপৰ দক্ষিণ আৰু পশ্চিম বহলকাদৰ মাজৰ মাটিৰপৰা উদ্ধাৰ কৰা তৃতীয় শতিকাৰ খ্ৰীষ্টপূৰ্বৰ ব্ৰাহ্মী শিলালিপিৰ সহায়ত সেনৰাথ পৰনাভিথানে প্ৰাচীন ডাকিনি…
-
নাকা বিহাৰ
নাকা বিহাৰ এটা বৌদ্ধ স্তুপ। ই অনুৰাধাপুৰ যুগৰ শেষৰফালে খ্ৰীষ্টপূৰ্ব সপ্তম আৰু দশম শতিকাৰ মাজত নিৰ্মিত আৰু ই শ্ৰীলংকাৰ অনুৰাধাপুৰত অৱস্থিত। ইটাৰে নিৰ্মিত ডাগোবাটোৰ আকৃতি বৰ্গক্ষেত্ৰাকাৰ।
-
লংকাৰাম’
লংকাৰাম’ শ্ৰীলংকাৰ প্ৰাচীন ৰাজ্য অনুৰাধাপুৰৰ গলহেবাকড়াৰ প্ৰাচীন স্থানত ৰজা ৱালাগম্বাই নিৰ্মাণ কৰা এটা স্তুপ। স্তুপৰ প্ৰাচীন ৰূপৰ বিষয়ে একো জনা নাযায়, পিছলৈ এই স্তুপৰ সংস্কাৰ কৰা হয়।
-
ৰত্ন প্ৰসাদ
ৰত্ন প্ৰসাদ বা শ্ৰীলংকাৰ স্থানীয় ভাষাত ৰত্ন প্ৰসাদয়া আছিল ১৬৭ চনৰপৰা ১৮৬ খ্ৰীষ্টাব্দলৈ প্ৰাচীন শ্ৰীলংকাত শাসন কৰা ৰজা কনিত্ত তিছাই নিৰ্মাণ কৰা এটা স্তম্ভ। অষ্টম আৰু দশম শতিকাৰ সময়ছোৱাত দ্বিতীয় মিহিন্দু আৰু চতুৰ্থ মিহিন্দুই এই ভৱনটো সংস্কাৰ কৰিছিল।