চহিয়ং বিধানসভা সমষ্টি (Sohiong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
এই সমষ্টিটো পূব খাছী পাৰ্বত্য জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ। সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পৰা ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ চিনশ্বাৰ লিংডো থাবাহে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে।
ভৌগোলিক অৱস্থান আৰু সীমা
চহিয়ং সমষ্টিটো মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ পশ্চিম অংশত অৱস্থিত। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদেশ (২০০৮) অনুসৰি, মাওফ্লাং আৰু চহিয়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত চহিয়ং, মাওতাপ আৰু কাষৰীয়া পাহাৰীয়া গাঁওসমূহ লৈ এই সমষ্টিটো গঠিত হৈছে।১
এই সমষ্টিৰ উত্তৰ দিশত ৰি-ভোই জিলাৰ ১০-জিৰাং সমষ্টি, পূব দিশত ১৫-মাওলাই সমষ্টি আৰু ২৪-মাওফ্লাং সমষ্টি, আৰু পশ্চিম দিশত পূব পশ্চিম খাচী পাহাৰ জিলাৰ ৩০-মাইৰাং সমষ্টি অৱস্থিত। পাইন গছৰ বননি, পাহাৰীয়া নদী আৰু সেউজ উপত্যকাৰে এই সমগ্ৰ অঞ্চলটো আবৃত।
বিধানসভাৰ সদস্যসকল
| চন | বিজয়ী সদস্য | ৰাজনৈতিক দল | |
|---|---|---|---|
| ১৯৭২ | এডৱাৰ্ড কুৰ্বাহ | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭৮ | মেদ্ৰাছ মিল্লিয়েম | হিল ষ্টেট পিপলছ ডেম’ক্ৰেটিক পাৰ্টী | |
| ১৯৮৩ | নিট শ্বাবং | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৮ | এম. দনকুপাৰ লিংডো | হিল ষ্টেট পিপলছ ডেম’ক্ৰেটিক পাৰ্টী | |
| ১৯৯৩ | এইচ. দনকুপাৰ আৰ. লিংডো | ||
| ১৯৯৮ | ৰেইন অগাষ্টিন লিংডো | ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী | |
| ২০০৩ | এইচ. দনকুপাৰ আৰ. লিংডো | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৮ | |||
| ২০১৩ | |||
| ২০১৮ | চামলিন মালংগিয়াং | হিল ষ্টেট পিপলছ ডেম’ক্ৰেটিক পাৰ্টী | |
| ২০২৩ | চিনশ্বাৰ লিংডো থাবাহ | ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী |
নিৰ্বাচনী ফলাফল
২০২৩ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী এইচ. দনকুপাৰ আৰ. লিংডোৰ মৃত্যু হোৱাৰ বাবে ২৭ ফেব্ৰুৱাৰীত চহিয়ং সমষ্টিৰ নিৰ্বাচন স্থগিত ৰখা হৈছিল। পৰৱৰ্তী সময়ত ২০২৩ চনৰ ১০ মে’ত সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হয় আৰু ১৩ মে’ত ফলাফল ঘোষণা কৰা হয়। নিৰ্বাচনত ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (মেঘালয়)ৰ প্ৰাৰ্থী চিনশ্বাৰ লিংডো থাবাহে ৩,৪২২ টা ভোটৰ ব্যৱধানত নেছনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী চামলিন মালংগিয়াংক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।২৩৪
২০১৮ চনৰ বিধানসভা নিৰ্বাচন
২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:৫৬
২০১৩ চনৰ বিধানসভা নিৰ্বাচন
২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:৭
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary and Assembly Constituencies Order, 2008. Election Commission of India. পৃ. 294–301
- ↑ (13 May 2023). Meghalaya: UDP candidate wins Sohiong constituency by over 3,400 votes. Hindustan Times
- ↑ (13 May 2023). Sohiong By-Election Result 2023: UDP Candidate Synshar Lyngdoh Wins Meghalaya Bypoll by Over 3,400 Votes. LatestLY
- ↑ (13 May 2023). Sohiong, Meghalaya Assembly Bypoll Result 2023 UPDATES: UDP's Synshar Kupar Roy Thabah Wins, Defeating NPP By Over 3,400 Votes. Times Now
- ↑ Meghalaya General Legislative Election 2018. Election Commission of India
- ↑ (3 March 2018). Samlin Malngiang winner in Sohiong (ST), Meghalaya Assembly Elections 2018. LatestLY
- ↑ Election Commission of India- State Election, 2013 to the Legislative Assembly of Meghalaya. Chief Electoral Officer, Meghalaya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চহিয়ং বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮৭৬৫ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।