খোবা-খুবী ( Khoba-Khubi) নামৰ এবিধ অপশক্তি অসমীয়া জনসমাজত বিবাহৰ লগত জড়িত এক লোকবিশ্বাস৷ এই লোকবিশ্বাস অষ্ট্ৰিক নৃগোষ্ঠীৰ ফালৰ পৰা অহা৷১ বিশেষকৈ অসমৰ উজনি খণ্ডত ইয়াৰ প্ৰভাৱ বেছি৷ কোৱা হয় যে বিয়াৰ বিবাহ বন্ধনত আবদ্ধ হোৱা দৰা-কইনাৰ গাত এই অপশক্তি লম্ভে আৰু তাৰপৰা নিস্তাৰ পাবলৈ বিয়াৰ তৃতীয় দিনা “খোবা-খুবী পুথি’’ পাঠ কৰিলে অপশক্তিৰ প্ৰভাৱ নোহোৱা হয়৷ সেয়ে, অসমৰ ঠাইবিশেষে বিয়াৰ তৃতীয় দিনা “খোবা-খুবী’’ অনুষ্ঠান পাতি পুথি পাঠ কৰা হয়৷ আলষণী নামৰ এবিধ ভূতে লম্ভিলেও “খোবা-খুবী’’ৰ কাহিনী মন্ত্ৰৰ দৰে পঢ়ি জাৰি দিয়া পানী খালে আলষণীৰ কু-প্ৰভাৱ গুচে২বুলি লোকবিশ্বাস প্ৰচলিত৷ এই “খোবা-খুবী’’ৰ উৎপত্তি সম্বন্ধে অসমত এটা কাহিনী প্ৰচলিত আছে৷
কাহিনী
মধ্যযুগৰ শেষৰ ফালে ৰচিত নান্দীপুৰাণমতে, শিৱই কৃষি কৰিবলৈ গৈ ঘৰ-সংসাৰ সকলো পাহৰাত, পাৰ্বতীৰ খং উঠিল আৰু খেতি পথাৰতে থকা আপোনভোলা শিৱক ঘূৰাই আনিবলৈ মহ, ডাঁহ, পো-পৰুৱা আদি সৃষ্টি কৰি শিৱৰ খেতি নাশ কৰিবলৈ পঠিয়ালে৷ তথাপি শিৱক ঘূৰাই আনিব নোৱাৰি পাৰ্বতীয়ে ক্ষোভত শব্দ কৰি নিজেই খেতিপথাৰ নষ্ট কৰিবলৈ গ’ল৷ পাৰ্বতীৰ মুখৰ পৰা ক্ষোভত ওলোৱা শব্দৰ পৰাই দুটা ক্ষোভা আৰু ক্ষোভী নামৰ দুটা অসুৰৰ জন্ম হ’ল৷ সিহঁতে শিৱৰ খেতি পথাৰ এফালৰ পৰা জ্বলাই যাব ধৰিলে৷ তাকে দেখি শিৱই সিহঁতক মাৰিব খোজাত দুয়ো স্তুতি কৰাত শিৱ সন্তুষ্ট হ’ল আৰু দুয়োকে নিলগৰ এটা পৰ্বতত বাস কৰিবলৈ দিলে৷ বহুকাল পিছত হনুমানে লংকালৈ যোৱা সাগৰ বান্ধিবলৈ পৰ্বতখন ডাঙি আনোতে ক্ষোভা-ক্ষোভীও তাৰ লগতে আহিল আৰু ৰামক লগ পাই সিহঁতৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰিলে৷ ৰামে সিহঁতক নতুন দৰা-কইনাৰ গাত লম্ভিবলৈ আদেশ দিলে আৰু বিয়াৰ তৃতীয়দিনা সিহঁতৰ কাহিনী শুনালে দৰা-কইনাৰ গাত সিহঁত থাকিব নোৱাৰিব আৰু মুক্ত হ’ব বুলি কৈ পৃথিবীলৈ পঠিয়ালে৷ এই ক্ষোভা-ক্ষোভীয়েই অসমীয়া লোকমুখত পৰি খোবা-খুবী হ’ল৷২৩ ৰামৰ আশীষ পাই সিহঁত তেতিয়াৰে পৰা নৱবিবাহিত দম্পতী বিচাৰি ফুৰিবলৈ ধৰিলে৷ দ্বাপৰ যুগত কৃষ্ণই কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্য ৰুক্মিণীক বিবাহ কৰি দ্বাৰকালৈ উভতি যাওঁতে তেওঁলোকে গাতে খোব-খুবী দুয়ো লম্ভিছিল৷ কিন্তু লগত গৰ্গমুনি থকাত তেওঁ ধ্যানত সকলো গম পাই খোবা-খুবীক সন্তুষ্ট কৰি বিদায় দিয়ে৷ তেতিয়াৰে পৰা অসমীয়া সমজৰ বিয়াত খোবা-খুবী অনুষ্ঠান পাতি খোবা-খুবী পুথি পাঠ কৰি দৰা-কইনাৰ লগতে আন আন মানুহক শুনোৱা হয়৷৩
সংস্কৃত ভাষাৰ “খোবা-খুবী’’ পুথিখন লোকেন্দ্ৰ নাথ ভট্টাচাৰ্যই কৰা অসমীয়া অনুবাদ৪ বিবাহৰ এই অনুষ্ঠানত পাঠ কৰা হয়৷
তথ্যসূত্ৰ
- ↑ অসমীয়া লোকসংস্কৃতিলৈ অষ্ট্ৰিকসকলৰ অৱদান
- ↑ শইকীয়া, নগেন. (২০১৩). অসমীয়া মানুহৰ ইতিহাস. কথা. পৃ. ৩০২. ISBN 978-81-89148-15-7
- ↑ মহিমা কীৰ্তন
- ↑ খোবা-খুবী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খোবা-খুবী” প্ৰবন্ধৰ সংশোধন ৩৮৭৮২৪ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।