ক'ভেক্সিন (সাংকেতিক নাম BBV152) ভাৰত বায়'টেক নামৰ কোম্পানীটোৱে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত বিকাশ কৰা এটা ভাইৰাছ-ভিত্তিক আৰু নিষ্ক্ৰিয় কৰ'নাভাইৰাছ ৰোগ ২০১৯ প্ৰতিষেধক।
প্ৰযুক্তি
এবিধ নিষ্ক্ৰিয় ৰূপত থকা প্ৰতিষেধক হিচাপে ক'ভেক্সিন নিৰ্মাণত পলিঅ'ৰ প্ৰতিষেধক নিৰ্মাণৰ নিচিনা পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ হৈছে। প্ৰথমে ভাৰতৰ ৰাষ্ট্ৰীয় ভাইৰ'ল'জী প্ৰতিষ্ঠানে SARS-CoV-2ৰ নমুনা এটা পৃথক কৰি উলিয়াইছিল আৰু ভেৰ' কোষ ব্যৱহাৰ কৰি ভাইৰাছটো বৃহৎপৰিমাণে উৎপাদন কৰি উলিয়াইছিল। তাৰ পিছত এই ভাইৰাছবোৰ বিটা-প্ৰ'পিঅ'লেক্টনত তিয়াই ৰখা হৈছিল। ইয়াৰ ফলত এই ভাইৰাছবোৰ সিহঁতৰ জিনৰ সৈতে বান্ধ খাই নিষ্ক্ৰিয় হৈ পৰে, কিন্তু ভাইৰাছটোৰ আন কণাসমূহ সম্পূৰ্ণ অক্ষত ৰূপত থাকে। এনেদৰে উৎপন্ন হোৱা নিষ্ক্ৰিয় ভাইৰাছসমূহ এইবাৰ এলুমিনিয়াম-ভিত্তিক প্ৰতিৰোধ বৰ্ধক পদাৰ্থ এবিধৰ সৈতে যোগ দিয়া হয়।১
নিদানিক গৱেষণা
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা
২০২০ চনৰ মে' মাহত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অধীনস্থ ৰাষ্ট্ৰীয় ভাইৰ'ল'জী প্ৰতিষ্ঠানে এটা সম্পূৰ্ণ থলুৱা ক'ভিড-১৯ ছিটাৰ বিকাশ কৰিবলৈ অনুমোদন জনাইছিল আৰু ভাইৰাছটোৰ সঁচ যোগান ধৰিছিল।২৩ ২০২০ চনৰ ২৯ জুনত কোম্পানীটোৱে ক'ভেক্সিন নামৰ বিকাশমান ছিটা এটাৰ ভাৰতত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা চলাবলৈ ভাৰত চৰকাৰৰ ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ (ডি চি জি আই) পৰা অনুমতি লাভ কৰে।৪ ছিটাৰ প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ "উভয়পক্ষ অজানিত, যাদৃচ্ছিক আৰু প্লেচিব' নিয়ন্ত্ৰিত পৰীক্ষা" (ডি বি আৰ চি টি) চলাবলৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে মুঠ ১২ খন ঠাই নিৰ্বাচন কৰিছিল।
ব্যৱহাৰৰ অনুমোদন
ভাৰত
২০২০ চনৰ ৬ ডিচেম্বৰত ভাৰত বায়'টেকে ক'ভেক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ কৰ্তৃত্ব বিচাৰি ভাৰতৰ ভেষজ নিয়ন্ত্ৰক মুখ্য বিষয়াৰ (ডি চি জি আই) ওচৰত আৱেদন কৰিছিল।৫ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ফাইজাৰৰ পিছত এনে আৱেদন কৰা ভাৰত বায়'টেক আছিল তৃতীয়টো প্ৰতিষ্ঠান।৬
২০২১ চনৰ ২ জানুৱাৰীত কেন্দ্ৰীয় ভেষজ মান নিয়ন্ত্ৰক সংস্থাই (চি ডি এছ চি অ') অনুমতিৰ ইংগিত দিছিল৭ আৰু পিছদিনা আৱেদন মঞ্জুৰ কৰিছিল।৮ কভেক্সিন "নিদানিক পৰীক্ষা পৰ্যায়"ত ব্যৱহাৰ কৰিবলগীয়া আছিল, অৰ্থাৎ ৰাজহুৱাভাৱে দিবলগীয়া টীকাকৰণ কাৰ্য্যসূচীকে ক'ভেক্সিনৰ অৰ্হতা পৰীক্ষা হিচাপে গণ্য কৰাৰ পৰিকল্পনা কৰা হৈছিল।৯ এইদৰে ক'ভেক্সিনৰ কাৰ্য্যদক্ষতা আৰু নিৰাপত্তা সম্পৰ্কে তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ তথ্য বিবেচনা নকৰাকৈ ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন দিয়া কথাটো যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল।১০১১১২
বাহ্যিক সংযোগ
- How Bharat Biotech's Vaccine Works. The New York Times
তথ্যসূত্ৰ
- ↑ Corum, Jonathan; Zimmer, Carl. (2021-04-26). How Bharat Biotech's Vaccine Works. The New York Times
- ↑ (9 May 2020). ICMR teams up with Bharat Biotech to develop Covid-19 vaccine. Livemint
- ↑ (10 May 2020). India to develop 'fully indigenous' Covid vaccine as ICMR partners with Bharat Biotech. ThePrint
- ↑ (29 June 2020). India's First COVID-19 Vaccine Candidate Approved for Human Trials. The New York Times
- ↑ (7 December 2020). Bharat Biotech seeks emergency use authorization for Covid-19 vaccine. Hindustan Times
- ↑ (7 December 2020). After SII, Bharat Biotech seeks DCGI approval for Covaxin. The Hindu
- ↑ (2 January 2021). Expert panel recommends granting approval for restricted emergency use of Bharat Biotech's Covaxin. The Indian Express
- ↑ (2021-01-03). Coronavirus: India approves vaccines from Bharat Biotech and Oxford/AstraZeneca. BBC News
- ↑ Mukunth, Vasudevan. (2021-01-29). Covaxin Trial's Info Sheet Skips Mention of Two Rare but Known Risks. The Wire Science
- ↑ (12 January 2021). Disputes Mount, but Heedless Govt Intent on Rolling Vaccine Candidates Out. The Wire
- ↑ Thiagarajan, Kamala. (2021-04-20). What do we know about India's Covaxin vaccine?. BMJ. পৃ. n997
- ↑ PullaJan. 5, Priyanka; 2021; Am, 4:40. (2021-01-05). Scientists criticize 'rushed' approval of Indian COVID-19 vaccine without efficacy data. Science · AAAS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'ভেক্সিন” প্ৰবন্ধৰ সংশোধন ৪২৬০১৮ (১৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।