কাৰ্ল' ৰ'ভেল্লী (Carlo Rovelli) এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্ল' ৰ'ভেল্লীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে।১ তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়। তেওঁ লুপ কোৱাণ্টাম গ্ৰেভিটি নামৰ তত্ত্বটোৰ এজন প্ৰতিষ্ঠাপক। ইতিহাস আৰু বিজ্ঞান-দৰ্শনৰ ক্ষেত্ৰখনলৈও তেখেতে অৱদান আগবঢ়াইছে। তেওঁৰ ছেভেন ব্ৰিফ লেছন্ছ অন্ ফিজিক্স নামৰ জনপ্ৰিয় বিজ্ঞানভিত্তিক কিতাপখন প্ৰথমে ইটালিয়ান ভাষাত ২০১৪ চনত প্ৰকাশ পাইছিল। বৰ্তমানলৈকে এই গ্ৰন্থখন বিশ্বৰ ৫২টা ভাষা২লৈ অনুবাদ কৰা হৈছে। বিশ্বজুৰি গ্ৰন্থখনৰ এক মিলিয়নতকৈও অধিক ক'পী বিক্ৰি হৈছে।৩
তথ্যসূত্ৰ
- ↑ Resume. www.cpt.univ-mrs.fr
- ↑ ঈশান জ্যোতি বৰা. (আগষ্ট,২০২২). পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ. বনলতা. পৃ. ৯. ISBN 978 93 91135 32 4
- ↑ Carlo Rovelli. (2017-07-25). Carlo Rovelli: 'I felt the beautiful adventure of physics was a story that had to be told'. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্ল' ৰ'ভেল্লী” প্ৰবন্ধৰ সংশোধন ৩৩২৩৭৭ (৪ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।