অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

এন'ৰেক্সিয়া নাৰ্ভ'ছা

এন'ৰেক্সিয়া নাৰ্ভ'ছা বা এন'ৰেক্সিয়া (anorexia nervosa) হৈছে এক খাদ্যাভাসৰ বিকাৰ, যাৰ বিশেষত্ব হৈছে কম ওজন, খাদ্যৰ সীমাবদ্ধতা, ওজন বৃদ্ধি হোৱাৰ ভয় আৰু ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা। এনোৰেক্সিয়া থকা বহুলোকে নিজকে অধিক ওজনৰ বুলি বিবেচনা কৰে যদিও তেওঁলোকৰ ওজন প্ৰকৃততে কম।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এন'ৰেক্সিয়া নাৰ্ভ'ছা বা এন'ৰেক্সিয়া (anorexia nervosa)১ হৈছে এক খাদ্যাভাসৰ বিকাৰ, যাৰ বিশেষত্ব হৈছে কম ওজন, খাদ্যৰ সীমাবদ্ধতা, ওজন বৃদ্ধি হোৱাৰ ভয় আৰু ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা।২ এনোৰেক্সিয়া থকা বহুলোকে নিজকে অধিক ওজনৰ বুলি বিবেচনা কৰে যদিও তেওঁলোকৰ ওজন প্ৰকৃততে কম।২৩ তেওঁলোকৰ ওজন প্ৰয়োজনতকৈয়ো বহুত কম হʼলেও প্ৰায়ে তেওঁলোকে অস্বীকাৰ কৰে যে তেওঁলোকৰ ওজন কম।৪ তেওঁলোকে সঘনাই নিজৰ দেহৰ ওজন জোখে, কম পৰিমাণে খায় আৰু কেৱল কিছুমান খাদ্যহে খায়।২ কিছুমানে অত্যধিক ব্যায়াম কৰে আৰু নিজকে বমি কৰাবলৈ বাধ্য কৰে, বা ওজন হ্ৰাস কৰিবলৈ ৰেচক ব্যৱহাৰ কৰে।২

এই বিকাৰৰ জটিলতাবোৰৰ ভিতৰত অন্তৰ্ভুক্ত থাকিব পাৰে অষ্টিওপোৰোচিছ, বন্ধ্যাত্ব আৰু হৃদযন্ত্ৰৰ ক্ষতি।২ ইয়াৰ ফলত মহিলাসকলৰ ঋতুস্ৰাৱ বন্ধ হʼব পাৰে।৫ চৰম ক্ষেত্ৰত, এন'ৰেক্সিয়া থকা লোক যিসকলে যেতিয়া নিৰন্তৰভাৱে স্বাভাৱিক বা নিয়মীয়া আহাৰ গ্ৰহণ আৰু ওজন পুনৰুদ্ধাৰ অস্বীকাৰ কৰে, তেতিয়া মনোৰোগ বিশেষজ্ঞসকলে তেওঁলোকক সিদ্ধান্ত লোৱাত অক্ষম বুলি ঘোষণা কৰে। এনেক্ষেত্ৰত তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকক তেওঁলোকৰ বাবে সিদ্ধান্ত ল'বলৈ কোৱা হয়। কিছুক্ষেত্ৰত তেওঁলোকক নেচোগেষ্ট্ৰিক টিউবৰ জৰিয়তে বলপূৰ্বকভাবে আহাৰ খুৱাই দিয়া হয়।৬

এন'ৰেক্সিয়া নাৰ্ভ'ছাৰ মূল কাৰণ বৰ্তমান অজ্ঞাত।৭ এই বিকাৰ ভ্ৰাতৃত্বপূৰ্ণ যমজ সন্তানতকৈ অধিক সদৃশ যমজ সন্তানৰ ওপৰত সঘনাই প্ৰভাৱিত হোৱা দেখা যায়।৮ ইয়াত সামাজিক আৰু সাংস্কৃতিক কাৰকবোৰেও এক ভূমিকা পালন কৰা দেখা যায়।৯ যিবোৰ সমাজে ক্ষীণ দেহক বেছি গুৰুত্ব দিয়ে, তেনে সমাজত এই ৰোগৰ হাৰ অধিক দেখা যায়। ইয়াৰ উপৰিও, উচ্চ-স্তৰৰ এথলেটিকছ, মডেলিং আৰু নৃত্যৰ দৰে ক্ষেত্ৰ ক্ষীণ দেহক গুৰুত্ব দিয়া কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ মাজত ই সচৰাচৰ অধিক হয়।১০ এন'ৰেক্সিয়া প্ৰায়ে এক গুৰুত্বপূৰ্ণ জীৱনৰ পৰিৱৰ্তনৰ ফলত বা চাপ সৃষ্টিকাৰী ঘটনাৰ ফলত আৰম্ভ হোৱা দেখা যায়। এই ৰোগ নিৰ্ণয়ৰ বাবে যথেষ্ট কম ওজনৰ প্ৰয়োজন। এই ৰোগৰ তীব্ৰতা শৰীৰৰ ভৰ সূচকৰ (বিএমআই) ওপৰত আধাৰিত। যেনে 17-তকৈ অধিক বিএমআই- "মৃদু", 16ৰ পৰা 17 বিএমআই- "মজলীয়া", 15ৰ পৰা 16 বিএমআই- "গুৰুতৰ", আৰু 15-তকৈ কম বিএমআই- "চৰম" পৰ্য্যায় বুলি ধৰা হয়।১১

লক্ষণ আৰু উপসৰ্গ

এন'ৰেক্সিয়া নাৰ্ভ'ছাৰ বিশেষত্ব হৈছে অনাহাৰ নোভোগালৈকে ওজন হ্ৰাস কৰাৰ প্ৰয়াস। এই বিকাৰ থকা ব্যক্তিয়ে কেইবাটাও লক্ষণ প্ৰদৰ্শন কৰিব পাৰে, যাৰ প্ৰকাৰ আৰু তীব্ৰতা পৃথক হ'ব পাৰে আৰু সহজে স্পষ্ট নহʼবও পাৰে।১২ এনে স্ব-আৰোপিত অনাহাৰৰ ফলত হোৱা পুষ্টিহীনতাই শৰীৰৰ প্ৰতিটো মুখ্য অঙ্গ প্ৰণালীত জটিলতাৰ সৃষ্টি কৰিব পাৰে।১৩ হাইপোকালেমিয়া (তেজত পটাছিয়ামৰ স্তৰ হ্ৰাস হোৱা) এনোৰেক্সিয়া নাৰ্ভোছাৰ লক্ষণ।১৪১৫ পটাছিয়ামৰ যথেষ্ট হ্ৰাসৰ ফলত হৃদযন্ত্ৰৰ অস্বাভাৱিক ছন্দ, কোষ্ঠকাঠিন্য, ভাগৰ, পেশীৰ ক্ষতি আৰু পক্ষাঘাত হ'ব পাৰে।১৬

লক্ষণবোৰ তলত দিয়া হʼল-

  • বয়স আৰু উচ্চতাৰ অনুপাতে নিম্ন শৰীৰৰ ভৰ সূচক (বি এম আই)।
  • এমেনোৰিয়া- দীৰ্ঘদিনীয়া ওজন হ্ৰাসৰ ফলত হোৱা এক লক্ষণ; ঋতুস্ৰাৱ বন্ধ হোৱা, চুলি আৰু ছাল অস্বাস্থ্যকৰ হোৱা।
  • সামান্যও ওজন বৃদ্ধি হোৱাৰ ভয়; ওজন বৃদ্ধি বা "অধিক ওজন" হোৱাৰ ভয়ত সকলো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা।১৭
  • দ্ৰুত, নিৰন্তৰ ওজন হ্ৰাস।১৮
  • লানুগো: মুখ আৰু শৰীৰৰ ওপৰত কোমল, সূক্ষ্ম চুলি গজা। ১৫
  • কেলৰি গণনা কৰা আৰু খাদ্যৰ চৰ্বিৰ সামগ্ৰী নিৰীক্ষণ কৰাৰ এক আসক্তি।
  • খাদ্য, ৰেচিপি, বা ৰন্ধনৰ সৈতে ব্যস্ততা; আনৰ বাবে বিস্তৃত ৰাতিৰ আহাৰ ৰান্ধিব পাৰে, কিন্তু নিজে খাদ্য নাখাব বা অতি কম অংশ গ্ৰহণ নকৰিব।
  • কম ওজনৰ বা স্বাস্থ্যকৰ ওজনথকা স্বত্বেও খাদ্যৰ সীমাবদ্ধতা।
  • খাদ্যৰ ৰীতি-নীতি, যেনে খাদ্যসৰু টুকুৰাত কাটি দিয়া, আনৰ চাৰিওফালে খাবলৈ অস্বীকাৰ কৰা আৰু খাদ্য লুকুৱাই ৰখা বা পেলাই দিয়া।
  • পাৰ্জিং: খোৱাৰ পিছত দেহৰ পৰা খাদ্যবোৰ বাহিৰলৈ যাবলৈ ৰেচক, ডায়েট পিল, আইপেকাক চিৰাপ, বা পানীৰ বড়ি ব্যৱহাৰ কৰা বা স্ব-প্ৰেৰিত বমিত লিপ্ত হোৱা (যদিও স্ব-প্ৰেৰিত বমিত বুলিমিয়াৰ অধিক সচৰাচৰ লক্ষণ)।
  • অত্যধিক ব্যায়াম১৯ লগতে মাইক্ৰ'ব্যায়াম, উদাহৰণ স্বৰূপে আঙুলি বা ভৰিৰ আঙুলিৰ নিৰন্তৰ চলাচল কৰাই থকা।২০
  • ঠাণ্ডাৰ প্ৰতি অসহিষ্ণুতা আৰু ঠাণ্ডা হোৱাৰ সঘনাই অভিযোগ; পুষ্টিহীনতাৰ বাবে শক্তি সংৰক্ষণৰ প্ৰচেষ্টাত শৰীৰৰ তাপমাত্ৰা হ্ৰাস হোৱা (হাইপোথাৰ্মিয়া)।২১
  • দীৰ্ঘম্যাদী ক্লান্তি২২

কাৰণসমূহ

যদিও জৈৱিক, মানসিক, বিকাশমূলক সামাজিক আৰু সাংস্কৃতিক বিপদাশংকাৰ কাৰকৰ প্ৰমাণ আছে, কিন্তু সম্পূৰ্ণ সঠিক কাৰণ অজ্ঞাত।২৩

আনুবংশিক প্ৰভাৱ

Genetic correlations of anorexia with psychiatric and metabolic traits.
Genetic correlations of anorexia with psychiatric and metabolic traits.ছবি: Brendagfg · CC BY-SA 4.0

এন'ৰেক্সিয়া নাৰ্ভ'ছা অত্যন্ত আনুবংশিক।২৪ যমজ শিশু অধ্যয়নত 28 ৰ পৰা 58% ৰ ভিতৰত হাৰ দেখা গৈছে।২৫ এনোৰেক্সিয়া থকা লোকসকলৰ প্ৰথম ডিগ্ৰী আত্মীয়ৰ এনোৰেক্সিয়া হোৱাৰ আশংকা প্ৰায় 12 গুণ।২৬ অধ্যয়ন কৰি পোৱা গৈছে যে খোৱাৰ আচৰণ, অনুপ্ৰেৰণা, উপযুক্ত পুৰস্কাৰ, ব্যক্তিত্বৰ বৈশিষ্ট্য আৰু আৱেগৰ নিয়ন্ত্ৰণ কৰা জিনসহ 43টা জিনৰ সৈতে 128টা বিভিন্ন বহুৰূপবাদ (polymorphisms) ইয়াৰ লগত জড়িত।

মিডিয়া প্ৰভাৱ

সামাজিক মাধ্যম (social media)ৰ নিৰন্তৰ সংস্পৰ্শলৈ অহাটো শৰীৰৰ অসন্তুষ্টি আৰু এনোৰেক্সিয়া নাৰ্ভোছাৰ বাবে বিপদাশংকাৰ কাৰক হ'ব পাৰে। শৰীৰৰ আকৃতিৰ ওপৰত গঢা সাংস্কৃতিক আদৰ্শ যেনে ক্ষীণ শৰীৰৰ মহিলা আৰু এথলেটিক, ভি-আকৃতিৰ পেশীবহুল শৰীৰৰ পুৰুষৰ পক্ষপাতী হৈ আছে। 2002 চনৰ এক সমীক্ষাত দেখা গৈছিল যে, 18 ৰ পৰা 24 বছৰ বয়সৰ লোকসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় আলোচনীবোৰৰ ভিতৰত, বিশেষকৈ পুৰুষে পঢ়া আলোচনীবোৰত, আহাৰতকৈ আকৃতিৰ ওপৰত বিশেষ গুৰুত্ত দিয়া হৈছিল।২৭ শৰীৰৰ আকৃতিৰ প্ৰতি অসন্তুষ্টি হৈছে এন'ৰেক্সিয়া নাৰ্ভ'ছাৰ বিপদাশংকাৰ কাৰক যি পুৰুষ আৰু মহিলা উভয় জনসংখ্যাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰে।২৮

তথ্যসূত্ৰ

  1. ↑ Sari Fine Shepphird. (2009). 100 Questions & Answers About Anorexia Nervosa. Jones & Bartlett Learning. পৃ. xvi. ISBN 978-1-4496-3079-9
  2. ↑ What are Eating Disorders?. NIMH
  3. ↑ (2010). Anorexia nervosa: current status and future directions. Annual Review of Medicine. পৃ. 425–35
  4. ↑ American Psychiatric Association, A. P., & American Psychiatric Association. (2013). Diagnostic and statistical manual of mental disorders: DSM-5
  5. ↑ American Psychiatric Association, A. P., & American Psychiatric Association. (2013). Diagnostic and statistical manual of mental disorders: DSM-5
  6. ↑ Kodua, M., Mackenzie, J. M., & Smyth, N. (2020). Nursing assistants’ experiences of administering manual restraint for compulsory nasogastric feeding of young persons with anorexia nervosa. International Journal of Mental Health Nursing, 29(6), 1181-1191
  7. ↑ Attia E (2010). "Anorexia nervosa: current status and future directions". Annual Review of Medicine. 61 (1): 425–35. doi:10.1146/annurev.med.050208.200745. PMID 19719398
  8. ↑ Attia E (2010). "Anorexia nervosa: current status and future directions". Annual Review of Medicine. 61 (1): 425–35. doi:10.1146/annurev.med.050208.200745. PMID 19719398
  9. ↑ Diagnostic and statistical manual of mental disorders: DSM-5 (5 ed.). Washington: American Psychiatric Publishing. 2013. pp. 338–345. ISBN 978-0-89042-555-8
  10. ↑ Diagnostic and statistical manual of mental disorders: DSM-5 (5 ed.). Washington: American Psychiatric Publishing. 2013. pp. 338–345. ISBN 978-0-89042-555-8
  11. ↑ Diagnostic and statistical manual of mental disorders: DSM-5 (5 ed.). Washington: American Psychiatric Publishing. 2013. pp. 338–345. ISBN 978-0-89042-555-8
  12. ↑ (2013). Assessment of anorexia nervosa: an overview of universal issues and contextual challenges. Journal of Eating Disorders. পৃ. 29
  13. ↑ (September 2009). Skin signs in anorexia nervosa. Dermato-Endocrinology. পৃ. 268–70
  14. ↑ (September 2013). Endocrine effects of anorexia nervosa. Endocrinology and Metabolism Clinics of North America. পৃ. 515–28
  15. ↑ (August 2000). Detection, evaluation, and treatment of eating disorders the role of the primary care physician. Journal of General Internal Medicine. পৃ. 577–90
  16. ↑ (2008). Herb, Nutrient, and Drug Interactions: Clinical Implications and Therapeutic Strategies. Elsevier Health Sciences. ISBN 978-0-323-02964-3
  17. ↑ Nolen-Hoeksema S. (2013). Abnormal Psychology. McGraw Hill. পৃ. 339–41. ISBN 978-0-07-803538-8
  18. ↑ Anorexia Nervosa. National Association of Anorexia Nervosa and Associated Disorders
  19. ↑ (November 2013). Nutritional rehabilitation in anorexia nervosa: review of the literature and implications for treatment. BMC Psychiatry. পৃ. 290
  20. ↑ Robinson, Paul H. (2006). Community treatment of eating disorders. John Wiley & Sons. পৃ. 66. ISBN 978-0-470-01676-3
  21. ↑ (December 1992). Eating disorders. A review and update. The Western Journal of Medicine. পৃ. 658–62
  22. ↑ Rikani AA, Choudhry Z, Choudhry AM, Ikram H, Asghar MW, Kajal D, et al. (October 2013). "A critique of the literature on etiology of eating disorders". Annals of Neurosciences. 20 (4): 157–61. doi:10.5214/ans.0972.7531.200409. PMC 4117136. PMID 25206042
  23. ↑ Rikani AA, Choudhry Z, Choudhry AM, Ikram H, Asghar MW, Kajal D, et al. (October 2013). "A critique of the literature on etiology of eating disorders". Annals of Neurosciences. 20 (4): 157–61. doi:10.5214/ans.0972.7531.200409. PMC 4117136. PMID 25206042
  24. ↑ Rikani AA, Choudhry Z, Choudhry AM, Ikram H, Asghar MW, Kajal D, et al. (October 2013). "A critique of the literature on etiology of eating disorders". Annals of Neurosciences. 20 (4): 157–61. doi:10.5214/ans.0972.7531.200409. PMC 4117136. PMID 25206042
  25. ↑ (2011). Behavioral Neurobiology of Eating Disorders. Current Topics in Behavioral Neurosciences. পৃ. 141–56. ISBN 978-3-642-15130-9
  26. ↑ (4 July 2013). Neurobiology of Mental Illness. Oxford University Press. ISBN 9780199934959
  27. ↑ (April 2002). Adolescent boys and the muscular male body ideal. The Journal of Adolescent Health. পৃ. 233–42
  28. ↑ Izydorczyk, Bernadetta; Sitnik-Warchulska, Katarzyna. (2018-03-29). Sociocultural Appearance Standards and Risk Factors for Eating Disorders in Adolescents and Women of Various Ages. Frontiers in Psychology. পৃ. 429

সম্পৰ্কিত শ্ৰেণী

ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন'ৰেক্সিয়া নাৰ্ভ'ছা” প্ৰবন্ধৰ সংশোধন ৬৩২৫২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।