অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

এছ'চিয়েচন ফৰ ম'ৰেল এণ্ড ছ'চিয়েল হাইজিন

এছ'চিয়েচন ফৰ ম'ৰেল এণ্ড ছ'চিয়েল হাইজিন (ইংৰাজী: Association for Moral and Social Hygiene; চমুকৈ AMSH) ১৯১৫ চনত ব্ৰিটিছ কন্টিনেণ্টেল এণ্ড জেনেৰেল ফেডাৰেচন ফৰ এবলিচন অৱ গভৰ্ণমেণ্ট ৰেগুলেচন অৱ প্ৰষ্টিটিউচন আৰু লেডিজ নেচনেল এছ'চিয়েচনৰ একত্ৰীকৰণৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

এছ'চিয়েচন ফৰ ম'ৰেল এণ্ড ছ'চিয়েল হাইজিন (ইংৰাজী ভাষা: Association for Moral and Social Hygiene; চমুকৈ AMSH) ১৯১৫ চনত ব্ৰিটিছ কন্টিনেণ্টেল এণ্ড জেনেৰেল ফেডাৰেচন ফৰ এবলিচন অৱ গভৰ্ণমেণ্ট ৰেগুলেচন অৱ প্ৰষ্টিটিউচন আৰু লেডিজ নেচনেল এছ'চিয়েচনৰ একত্ৰীকৰণৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ লক্ষ্য আছিল মানৱ যৌনতাক নিয়ন্ত্ৰণ কৰা আইনসমূহৰ ক্ষেত্ৰত, বিশেষকৈ যৌন কৰ্মৰ ক্ষেত্ৰত সমতাৰ বাবে অভিযান চলোৱা। ১৯৬২ চনত ইয়াৰ নাম সলাই জচেফাইন বাটলাৰ ছচাইটি ৰখা হয়।

ইতিহাস

১৯ শতিকাৰ শেষৰ ফালে যুক্তৰাজ্যত কন্টাজিয়াছ ডিজিজ এক্টৰ বিৰুদ্ধে যুঁজিবলৈ নৈতিক আৰু সামাজিক স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন সংগঠন গঢ়ি উঠিছিল। এই আইনসমূহৰ উদ্দেশ্য আছিল যৌনকৰ্মী বুলি সন্দেহ কৰা মহিলাসকলক গ্ৰেপ্তাৰ কৰি জোৰকৈ পৰীক্ষা কৰাৰ জৰিয়তে পুৰুষ সৈনিক আৰু নাৱিকসকলক যুদ্ধৰ বাবে সুস্থ কৰি ৰখা।১ ইয়াৰ ভিতৰত আছিল ১৮৬০-ৰ দশকত জচেফাইন বাটলাৰে গঠন কৰা ব্ৰিটিছ কন্টিনেণ্টেল এণ্ড জেনেৰেল ফেডাৰেচন ফৰ এবলিচন অৱ গভৰ্ণমেণ্ট ৰেগুলেচন অৱ প্ৰষ্টিটিউচন আৰু লেডিজ নেচনেল এছ'চিয়েচন।২

লিংগ সমতাৰ হকে মাত মাতিবলৈ ১৯১৫ চনত এই দুয়োটা সংগঠন মিলি এছ'চিয়েচন ফৰ ম'ৰেল এণ্ড ছ'চিয়েল হাইজিন গঠন কৰা হয়। AMSH ইণ্টাৰনেচনেল এবলিচনিষ্ট ফেডাৰেচনৰ সদস্য আছিল।৩ ই বেশ্যাবৃত্তিৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ বিলুপ্ত কৰিবলৈ আৰু ইয়াৰ পৰা লাভবান হোৱা তৃতীয় পক্ষ যেনে পতিতালয়ৰ গৰাকী বা দালালসকলক শাস্তি দিয়াৰ পোষকতা কৰিছিল। প্ৰথম বিশ্বযুদ্ধ আৰু পিছলৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰি কৰা ডিফেন্স অৱ দ্য ৰিয়েলম এক্টৰ সেই অংশসমূহৰ বিৰুদ্ধে ই যুঁজ দিছিল যিবোৰে বেশ্যাবৃত্তিৰ সন্দেহ থকা মহিলাসকলক অভিযুক্ত কৰিবলৈ অনুমতি দিছিল।

বিশেষকৈ ১৯১৬ চনৰ পৰা ১৯৩০ চনৰ ভিতৰত AMSH-এ গ্ৰাহক ধৰা সম্পৰ্কীয় আইনসমূহৰ বিৰুদ্ধে অভিযান চলাইছিল।৪

সংগঠনটোৱে যৌন শিক্ষা, যৌন অপৰাধ আৰু সন্মতিৰ বয়স, মানৱ সৰবৰাহ আৰু যৌন পৰ্যটন আদি বিষয়তো কাম কৰিছিল।৫ তেওঁলোকে দ্য শ্বিল্ড নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল।

১৯৫০-ৰ দশকত এই গোটটোৱে সমকামী অপৰাধ আৰু বেশ্যাবৃত্তি সম্পৰ্কীয় ওলফেণ্ডেন কমিটিৰ সৈতে আলোচনা কৰিছিল আৰু ১৯৫৯ চনৰ ষ্ট্ৰীট অফেন্স এক্টৰ সমালোচনা কৰিছিল। ইয়াৰ মুখ্য ব্যক্তিসকলৰ ভিতৰত আছিল সভাপতি হিচাপে চাৰ্লছ টাৰিং, অবৈতনিক সম্পাদিকা হেলেন উইলচন আৰু সহকাৰী সম্পাদিকা তথা পিছলৈ সাধাৰণ সম্পাদিকা হিচাপে এলিচন নেইলানছ। ১৯৬২ চনত ইয়াৰ নাম সলাই জচেফাইন বাটলাৰ ছচাইটি ৰখা হয়।

তথ্যসূত্ৰ

  1. ↑ Mort, Frank. (2002-09-11). Dangerous Sexualities: Medico-Moral Politics in England Since 1830. Routledge. ISBN 978-1-134-70514-6
  2. ↑ Pliley, Jessica R.; Kramm, Robert; Fischer-Tiné, Harald. (2016-07-04). Global Anti-Vice Activism, 1890-1950: Fighting Drinks, Drugs, and 'Immorality'. Cambridge University Press. ISBN 978-1-107-10266-8
  3. ↑ Gorman, Daniel. (2012-08-20). The Emergence of International Society in the 1920s. Cambridge University Press. ISBN 978-1-139-53668-4
  4. ↑ Laite, Julia Ann. (April 2008). The Association for Moral and Social Hygiene: abolitionism and prostitution law in Britain (1915–1959). Women's History Review. পৃ. 207–223
  5. ↑ (16 March 2022). the-suffragettes-alison-neilans-1884-1942/ Remembering the Suffragettes: Alison Neilans (1884-1942). LSE Library Blog

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ'চিয়েচন ফৰ ম'ৰেল এণ্ড ছ'চিয়েল হাইজিন” প্ৰবন্ধৰ সংশোধন ৫৯৪২৯৬ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।