মৌলিক কণা
৪ প্ৰবন্ধ
-
ইলেকট্ৰন
ইলেক্ট্ৰন (Electron; চিহ্ন: ) হৈছে একক ঋণাত্মক আধানযুক্ত এবিধ উপপাৰমাণৱিক কণা। লেপ্তন পৰিয়ালৰ অন্তৰ্ভুক্ত ইলেক্ট্ৰন হৈছে প্ৰথম প্ৰজন্মৰ কণা। ইলেক্ট্ৰনক প্ৰাথমিক কণাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় কাৰণ ইহঁতৰ কোনো উপাংশ বা উপগঠনৰ বিষয়ে জনা নাযায়।
-
নিউট্ৰন
নিউট্ৰন হৈছে এটা উপ-পাৰমাণৱিক কণা (চিহ্ন- অথবা ), যাৰ কোনো বৈদ্যুতিক আধান নাই, আৰু ইয়াৰ ভৰ প্ৰ'টনতকৈ সামান্য বেছি। প্ৰ'টন আৰু নিউট্ৰনে পৰমাণুৰ নিউক্লিয়াছ গঠন কৰে। যিহেতু নিউক্লিয়াছৰ ভিতৰত প্ৰ'টন আৰু নিউট্ৰনৰ আচৰণ একে, সেয়েহে ইহঁত দুয়োটাক নিউক্লিয়ন বুলি কোৱা হয়।
-
প্ৰ'টন
প্ৰ'টন হৈছে এটা সুস্থিৰ উপপাৰমাণৱিক কণা (চিহ্ন- , H+, বা 1H+) যাৰ ধনাত্মক বৈদ্যুতিক আধান +১ e (মৌলিক আধান)। ইয়াৰ ভৰ নিউট্ৰনৰ ভৰৰ তুলনাত সামান্য কম আৰু ইলেকট্ৰনৰ ভৰৰ প্ৰায় ১৮৩৬ গুণ (প্ৰ’টন-ইলেকট্ৰন ভৰৰ অনুপাত)। প্ৰ'টন আৰু নিউট্ৰন, উভয়ৰে ভৰ প্ৰায় এক পাৰমাণৱিক ভৰ একক।
-
নিউট্ৰিন'
নিউট্ৰিন (Neutrino) হৈছে বৈদ্যুতিক ভাৱে প্ৰশম, দুৰ্বল প্ৰভাৱ (weak interaction) ৰ জৰিয়তে ক্ৰিয়া কৰা, অৰ্ধ-অখণ্ড সাংখ্যিক ঘূৰ্ণন (spin), সোঁ-বাওঁ অপ্ৰতিসমতা (chirality) আৰু অদ্য পৰিমিত অ-নিৰ্ধাৰিত সূক্ষ্ম কিন্তু অশূন্য ভৰ বিশিষ্ট এবিধ উপ-পাৰমাণৱিক কণা।