অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট

ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট (আইছিল), ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড ছিৰিয়া (আইছিছ) বা আৰবী ছুটী ৰূপৰপৰা গ্ৰহণ কৰা ডাএছ এটি ছালাফি জেহাদবাদী সশস্ত্ৰ গোট। ই ছুন্নি ইছলামৰ ৱাহ্হাবি, মৌলবাদী চিন্তা অনুসৰণ কৰে।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৪ ৪৩৮ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট (আইছিল), ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড ছিৰিয়া (আইছিছ) বা আৰবী ছুটী ৰূপৰপৰা গ্ৰহণ কৰা ডাএছ১ এটি ছালাফি জেহাদবাদী সশস্ত্ৰ গোট। ই ছুন্নি ইছলামৰ ৱাহ্হাবি, মৌলবাদী চিন্তা অনুসৰণ কৰে।২ গোটটোৰ নামত 'ইছলামিক ষ্টে'ট' শব্দদ্বয়ৰ প্ৰয়োগ আৰু খালিফাৰাজৰ চিন্তাক বাৰুকৈ সমালোচনা কৰা হৈছে। ৰাষ্ট্ৰসংঘ, অনেক চৰকাৰ আৰু মূলসূতিৰ ইছলামিক গোটমূহে ইয়াৰ ৰাজ্যত্ব বা খালিফত্ব নস্যাৎ কৰিছে।৩

গোটটোৱে প্ৰথম নিজক ইছলামিক ষ্টে'ট বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিলে জুন ২০১৪ চনৰ পৰা।৪ ই লগতে আবু বক্কৰ আল বাগদাদীক নিজৰ খালিফ প্ৰক্ষেপ কৰি৫ নিজকে এক বিশ্বব্যাপী খালিফাতন্ত্ৰ বুলি দাবী কৰিলে।৬৭। খালিফতন্ত্ৰ হিচাপে, ই বিশ্বৰ সকলো মুছলমানৰ ওপৰত ধাৰ্মিক, ৰাজনৈতিক আৰু সামৰিক প্ৰশাসনভাৰ দাবী কৰে।৮ ডিচেম্বৰ ২০১৫লৈকে, আছিছৰ হাতত ইৰাক আৰু ছিৰিয়াৰ বৃহৎ ভূখণ্ড আছিল। অনুমান কৰা হয় যে সেই ভূখণ্ডত প্ৰায় ২৮ লাখৰপৰা ৮০ লাখ লোকে বাস কৰে।৯ সেই এলেকাত গোটটোৱে শ্বাৰিয়া আইনৰ নিজা বুজনি বলৱৎ কৰিছে। আইছিলৰ তলৰ সংগঠন কিছুমানে লিবিয়া, নাইজেৰিয়া, আফগানিস্তান, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ সৰু সৰু অঞ্চল কিছুমান শাসন কৰে।

আইছিল গুৰুত্ব ২০১৪ৰ আগ ভাগত বৃদ্ধি পালে, যেতিয়া ই ইৰাকৰ চৰকাৰী শক্তিসমূহক ইৰাকৰেই পশ্চিম দিশৰ কেইবাখনো মুখ্য মহানগৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰিবলৈ সক্ষম হ'ল।১০ তাৰ পাছত মচুল দখল কৰা হ'ল।১১ চিঞ্জাৰ গণহত্যাও সংঘটিত হ'ল।১২ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চি আই এ'ৰ অনুমান মতে এই গোটৰ ৩১০০০ যুঁজাৰু আছে, যাৰ দুই তৃতীয়াংশ বিদেশী। আন হাতে, আইছিছে দাবী কৰা মতে, তেওঁলোকৰ ৪০০০০ যুঁজাৰু আছে, যাৰ অধিকাংশ ইৰাক আৰু ছিৰিয়াৰ স্থানীয় বাসিন্দা।

আইছিছক ৰাষ্ট্ৰসংঘ, ইউৰোপীয় সংঘ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ভাৰত, ইণ্ড'নেছিয়া, ইজৰাইল, তুৰস্ক, ছৌদী আৰব, ছিৰিয়া, ইৰান আৰু আন আন দেশে সন্ত্ৰাসবাদী আখ্যা দিছে। ৬০তকৈ অধিক দেশ প্ৰত্যক্ষ বা পৰোক্ষভাৱে আইছিছৰ বিৰুদ্ধে যুদ্ধত ব্যস্ত।

আইছিছে প্ৰায় সামাজিক মাধ্যমত সাংবাদিক, সহায় কৰ্মীকে ধৰি সেনা আৰু অসামৰিক লোকৰ শিৰশ্ছেদ, ঐতিহ্যক্ষেত্ৰ ধ্বংস কৰা আদিৰ ভিডিঅ' প্ৰকাশ কৰে।১৩১৪ ৰাষ্ট্ৰ সংঘৰ মতে গোটটোৱে মানৱ অধিকাৰ খৰ্ব আৰু যুদ্ধ অপৰাধ সংঘটিত কৰিছে।১৫ সমগ্ৰ বিশ্বতেই ইছলামী ধাৰ্মিক নেতাসকলে আইছিছক ধিক্কাৰ দিছে আৰু মত প্ৰকাশ কৰিছে যে তেওঁলোকৰ কাৰ্যকালাপে ইছলামৰ প্ৰকৃত বাণী প্ৰকাশ নকৰে।১৬

দলটো গঠন হ'ল ১৯৯৯ত হামা'আত-তৌহিদ ৱল-জিহাদ নামেৰে গঠন হ'ল। ই আল-কাইদাৰ সমৰ্থক আছিল। ই আন আন ছুন্নি গোটৰ সৈতে লগ লাগি মুজাহিদীন শ্বুৰা কাউঞ্চিল স্থাপন কৰিলে। এই গোটে অক্টোববৰ ২০০৬ত ইছলামিক ষ্টে'ট অৱ ইৰাক (আই এছ আই) গঠনৰ ঘোষণা কৰিলে। ছিৰিয়াৰ গৃহ যুদ্ধৰ পাছত আগষ্ট ২০১১ত, আল-বাগদাদীৰ নেতৃত্বত তেওঁলোকে ছিৰিয়াত প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা কৰিলে। জভত অন-নুস্ৰাহ লি-আহলি আশ্ব-শ্বাম বা অল-নুস্ৰা ফ্ৰণ্ট নামৰ অভিযানটোৱে ছুন্নি সংখ্যাগৰিষ্ঠ অল-ৰাকাহ, ইডলিব, ডেইৰ এজ-জৰ আৰু এলেপ' অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিলে। ২০১৩ চনৰ এপ্ৰিল মাহত বাগদাদীয়ে ঘোষণা কৰিলে যে আই এছ আই আৰু অল-নুস্ৰা ফ্ৰণ্ট এক হৈছে আৰু দুয়োৱে নতুন নাম 'ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট' গ্ৰহণ কৰিছে। পিচে, অল-নুস্ৰাৰ নেতা অল-জুলানি আৰু অল-কাইদাৰ নেতা অল-জাৱাহিৰিয়ে এই কথা অস্বীকাৰ কৰাৰ লগতে দুয়ো সংগঠনে আইছিছৰ সৈতে নিজৰ সকলো সম্পৰ্ক ২০১৪ৰ ফেব্ৰুৱাৰীত বিচ্ছিন্ন কৰিলে।১৭১৮১৯২০

তথ্যসূত্ৰ

  1. ↑ Guthrie, Alice. (19 February 2015). Decoding Daesh: Why is the new name for ISIS so hard to understand?. Free Word Centre
  2. ↑ Fouad al-Ibrahim. (22 August 2014). Why ISIS is a threat to Saudi Arabia: Wahhabism's deferred promise. Al Akhbar
  3. ↑ Akyol, Mustafa. (21 December 2015). A Medieval Antidote to ISIS. The New York Times
  4. ↑ (26 September 2014). What is Islamic State?. BBC News
  5. ↑ (13 September 2014). Abu Bakr al-Baghdadi: The man who would be caliph. The Week
  6. ↑ Roggio, Bill. (29 June 2014). ISIS announces formation of Caliphate, rebrands as 'Islamic State'. Long War Journal
  7. ↑ Withnall, Adam. (29 June 2014). Iraq crisis: Isis changes name and declares its territories a new Islamic state with 'restoration of caliphate' in Middle East. The Independent
  8. ↑ (30 June 2014). What does ISIS' declaration of a caliphate mean?. Al Akhbar English
  9. ↑ How ISIS Rules. The New York Review of Books
  10. ↑ (23 June 2014). John Kerry holds talks in Iraq as more cities fall to ISIS militants. CNN
  11. ↑ Suadad Al-Salhy; Tim Arango. (10 June 2014). Sunni Militants Drive Iraqi Army Out of Mosul. The New York Times
  12. ↑ Arango, Tim. (3 August 2014). Sunni Extremists in Iraq Seize 3 Towns From Kurds and Threaten Major Dam. The New York Times
  13. ↑ (11 March 2015). A Short History Of ISIS Propaganda Videos. The World Post
  14. ↑ al-Taie, Khalid. (13 February 2015). Iraq churches, mosques under ISIL attack. Al-Shorfa
  15. ↑ (2 September 2014). Ethnic cleansing on a historic scale: The Islamic State's systematic targeting of minorities in northern Iraq. Amnesty International
  16. ↑ Hasan, Mehdi. (10 March 2015). Mehdi Hasan: How Islamic is Islamic State?. New Statesman
  17. ↑ Holmes, Oliver. (3 February 2014). Al Qaeda breaks link with Syrian militant group ISIL. Reuters
  18. ↑ Sly, Liz. (23 July 2013). Islamic law comes to rebel-held Syria. The Washington Post
  19. ↑ Sly, Liz. (3 February 2014). Al-Qaeda disavows any ties with radical Islamist ISIS group in Syria, Iraq. The Washington Post
  20. ↑ Islamic State in Iraq and the Levant (ISIL). Encyclopædia Britannica

সম্পৰ্কিত শ্ৰেণী

সন্ত্ৰাসবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইছলামিক ষ্টে'ট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট” প্ৰবন্ধৰ সংশোধন ৪১৯৬০৬ (২৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।