
আৰাকু উপত্যকা:Araku Valley; হৈছে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ আল্লুৰী সীতাৰামা ৰাজু জিলাৰ বিশাখাপট্টনম চহৰৰ পৰা ১১১ কিলোমিটাৰ পশ্চিমে অৱস্থিত এটা পাহাৰীয়া ষ্টেচন। ই পূব ঘাটৰ এটা উপত্যকা য'ত বিভিন্ন জনগোষ্ঠী, প্ৰধানকৈ আৰাকু জনজাতি বসবাস কৰে।
ভূগোল
বিশাখাপট্টনমৰ পৰা প্ৰায় ১১৪ কিলোমিটাৰ (৭১ মাইল) দূৰত্বত ওড়িশা ৰাজ্যৰ সীমান্তৰ ওচৰত আৰাকু অৱস্থিত। আৰাকু উপত্যকাৰ অংশ হিচাপে থকা অনন্তগিৰি আৰু সুংকাৰিমেট্টা সংৰক্ষিত বনাঞ্চল খন জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ আৰু বক্সাইটৰ খনিজ আকৰৰ বাবে সু পৰিচিত। ১ ৫,০০০ ফুট (১,৫০০ মিটাৰ) উচ্চতালৰ ওপৰলৈ উঠি অহা গালিকোণ্ডা পাহাৰ অন্ধ্ৰ প্ৰদেশৰ সৰ্বোচ্চ শৃংগসমূহৰ ভিতৰত অন্যতম। গড় বৰষুণৰ পৰিমাণ ১,৭০০ মিলিমিটাৰ (৬৭ ইঞ্চি), ইয়াৰ অধিকাংশ জুন–অক্টোবৰ মাহত হয়।২ ইয়াৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৩০০ মিটাৰ। উপত্যকাটো প্ৰায় ৩৬ কিলোমিটাৰ বিস্তৃত। ৩
অৰ্থনীতি
১২৫৯ চনত অন্ধ্ৰ প্ৰদেশৰ পূব ঘাটত পশ্চিম গোদাৱৰী জিলাৰ পামুলেৰু উপত্যকাত ব্ৰিটিছে চাহৰ প্ৰচলন কৰিছিল। ইয়াৰ পিছত ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে ই আৰাকু উপত্যকালৈ বিয়পি পৰে। স্বাধীনতাৰ পিছত অন্ধ্ৰ প্ৰদেশ বন বিভাগে উপত্যকাত কফি বাগিচা গঢ়ি তুলিছিল।৪ ১৯৫৬ চনত কফি ব’ৰ্ডে অন্ধ্ৰপ্ৰদেশ গিৰিজান সমবায় নিগম লিমিটেড (জিচিচি)ক স্থানীয় জনজাতীয় কৃষকৰ জৰিয়তে উপত্যকাত কফি বাগিচাৰ প্ৰচাৰৰ বাবে নিযুক্তি দিয়ে। ১৯৮৫ চনত বাগিচাসমূহ এ.পি. বাগিচা উন্নয়ন নিগম (জিচিপিডিচি)য়ে জনজাতীয় অঞ্চলত কফি বাগিচা উন্নয়নৰ বাবে একান্তভাৱে গুৰুত্ব দিয়ে। জিচিচি আৰু জিচিপিডিচিয়ে গঢ়ি তোলা সকলো বাগিচা জনজাতীয় কৃষকসকলৰ হাতত প্ৰতিটো পৰিয়ালত দুবিঘাকৈ গতাই দিয়া হৈছিল। ৫ আৰাকুত মৌ খেতিৰ পাম ব্যাপকভাৱে প্ৰসাৰিত হৈছে, কেইবাবিধো সোৱাদযুক্ত মৌ ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা হৈছে।(আৰাকু বাঁহৰ মাছৰ বাবে বিখ্যাত)
পৰিবহন
আৰাকু ৰেল আৰু পথ দুয়োটাৰে বিশাখাপট্টনমলৈ সংযোগ কৰা হৈছে। আৰাকু ৰেলৱে ষ্টেচন মালাবাৰ উপকূলীয় ৰেলৱেৰ বিশাখাপট্টনম সংমণ্ডলৰ কোঠাৱালাছা-কিৰাণ্ডুল ৰেলপথত, ভাৰতীয় ৰেলৱে নেটৱৰ্কত অৱস্থিত। প্ৰতি ২৪ ঘণ্টাৰ মূৰে মূৰে বিশাখাপট্টনমলৈ RTC বাছ।
জনপ্ৰিয় সংস্কৃতিত
বহুতো তেলেগু ছবি আৰাকুত শ্বুটিং কৰা হৈছিল। সেই বোৰ হ'ল হেপি ডেজ, কাথা, ডাৰ্লিং, লাইফ ইজ বিউটিফুল, পাৰুগু৬ আৰু আৰ আৰ আৰ৭ আদি।
তথ্যসূত্ৰ
- ↑ Cheated for bauxite
- ↑ Need for conservation of biodiversity in Araku Valley, Andhra Pradesh
- ↑ Araku Valley. www.aptdc.gov.in
- ↑ Araku Coffee
- ↑ AP Girijan
- ↑ (30 April 2008). 'Parugu' in theatres from tomorrow!. IndiaGlitz
- ↑ RRR UPDATE! ‘Komaram Bheem’ Junior NTR heads to Vizag for shoot; gets papped at airport. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাকু উপত্যকা” প্ৰবন্ধৰ সংশোধন ৫৫৯৯৬৯ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।