আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক (Alexander Grothendieck) হৈছে জাৰ্মানীত জন্মগ্ৰহণ কৰা এগৰাকী ফৰাচী গণিতজ্ঞ।১
জন্ম আৰু বংশ পৰিচয়
১৯২৮ চনৰ ২৮ মাৰ্চত জাৰ্মানীৰ বাৰ্লিনত আলেকজেণ্ডাৰ গ্ৰথেণ্ডিকৰ জন্ম হয়। ২ তেওঁৰ মাকৰ নাম আছিল যোহান 'হাংকা' গ্ৰথেণ্ডিক। আলেকজেণ্ডাৰৰ জন্মৰ সময়ত মাক যোহানেছ ৰাড্ডাটছ নামৰ এজন সাংবাদিকৰ পত্নী আছিল। আলেকজেণ্ডাৰৰ জৈৱিক পিতৃ আছিল - আলেকজেণ্ডাৰ ছাছা' স্কাপিৰ (তেওঁক আলেকজেণ্ডাৰ টানাৰফ নামেৰেও জনা যায়।)
শিক্ষা
- হেয়ডৰ্ণৰ ওচৰত প্ৰাথমিক শিক্ষা লাভ কৰিছিল।
- গ্ৰথেণ্ডিকে পাছত কলেজ চেভেনলত (এতিয়া ল কলেজ লিচী চেভেনল ইণ্টাৰনেছলনেল) পঢ়িবলৈ লয়। ৩
- মণ্টপেলিয়েৰ বিশ্ববিদ্যালয়ত গণিত অধ্যয়ন কৰে।
- ১৯৫০ চনত তেওঁ গণিত বিষয়ত গৱেষণাৰ বাবে নাগী বিশ্ববিদ্যালয়লৈ যায়।
- ফাংছনেল এনালাইছিছ' বিষয়ত থেছিছ প্ৰস্তুত কৰি তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে।
- ১৯৫৭ চন মানৰ পৰা তেওঁ বীজগণিতীয় জ্যামিতি আৰু অনুক্ৰমিক বিজগণিত অধ্যয়ন কৰিবলৈ লয়।
কৰ্মজীৱন
- ১৯৫৯ চনত তেওঁ নতুনকৈ স্থাপিত IHES ত (INSTITUT DES HAUTES ETUDES SCIENTIFIQUES) অধ্যাপক হিচাপে যোগদান কৰে।৪
- মণ্টপেলিয়েৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে পুনৰ শৈক্ষিক জীৱনলৈ ঘূৰি আহিছিল।
সাহিত্যৰাজি
এলিমেণ্টছ অব এলজেব্ৰিক জ্যামিতি।৫
বঁটা আৰু সন্মান
- ১৯৬৬ চনত ফিল্ডছ মেডেল লাভ কৰে।
- ১৯৮৮ চনত ক্ৰাফুৰ্ড বঁটা লাভ কৰে।৬
মৃত্যু
২০১৪ চনৰ নৱেম্বৰত এক হস্পিতালত অসুস্থ গ্ৰথেণ্ডিকক ভৰ্তি কৰোৱা হয় আৰু তাতেই ১৩ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।৭
তথ্যসূত্ৰ
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা, দ্বিতীয় প্ৰকাশ: জুলাই, ২০১৮, পৃষ্ঠা-৭৫
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৫
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৬
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৬
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৬
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৭
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক” প্ৰবন্ধৰ সংশোধন ২৯৯৫৪৭ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।