অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আনান্সি

আনান্সিৰ গল্পৰ উৎপত্তিস্থল আফ্ৰিকা মহাদেশৰ পশ্চিমে,ঘানাত। ঘানাৰ প্ৰচলিত ভাষা ‘আকান’ অনুসৰি আনান্সি শব্দৰ অৰ্থ মকৰা। পিছে প্ৰচলিত কথাত এই ‘অ্যানান্সি’ শব্দটিৰ আৰু ভালে কেইটা উচ্চাৰণ আছে। ক'ৰবাত ক'ৰবাত ইয়াক কোৱা হয় ‘ আনান্সে’, ক'ৰবাত কোৱা হয় ‘কুয়াকু আনান্সে’, আকৌ কোনোৱে ‘কুয়েকু আনানসি’ও বুলি কয়।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আনান্সিৰ গল্পৰ উৎপত্তিস্থল আফ্ৰিকা মহাদেশৰ পশ্চিমে,ঘানাত। ঘানাৰ প্ৰচলিত ভাষা ‘আকান’ অনুসৰি আনান্সি শব্দৰ অৰ্থ মকৰা।১ পিছে প্ৰচলিত কথাত এই ‘অ্যানান্সি’ শব্দটিৰ আৰু ভালে কেইটা উচ্চাৰণ আছে। ক'ৰবাত ক'ৰবাত ইয়াক কোৱা হয় ‘ আনান্সে’, ক'ৰবাত কোৱা হয় ‘কুয়াকু আনান্সে’, আকৌ কোনোৱে ‘কুয়েকু আনানসি’ও বুলি কয়। পিছে আটাইতকৈ বেছি প্ৰচলিত নামৰ উচ্চাৰণ হল ‘আনান্সি’।

ঘানাত উদ্ভূত, এই মকৰাৰ গল্পবোৰ ট্ৰান্সআটলাণ্টিক ক্ৰীতদাস বাণিজ্যৰ মাধ্যমেৰে কেৰিবিয়ানলৈ প্ৰেৰণ কৰা হৈছিল।২

আনানসি তাৰ ধূৰ্ততা, সৃজনশীলতা আৰু বুদ্ধি ব্যৱহাৰৰ বাবে আৰু শক্তিশালী প্ৰতিপক্ষক চতুৰালিৰে জয় কৰাৰ ক্ষমতাৰ বাবে সৰ্বাধিক পৰিচিত।৩

ঘানাত আনান্সিৰ সৰ্বাধিক প্ৰচলিত যিখন ছবি আছে, তাত আনান্সিক অঁকা হৈছে আঠ ঠেঙীয়া এক দেৱতা হিচাপেই। পশ্চিম আফ্ৰিকাৰ এই মকৰা- সদৃশ দেৱতাৰ এটা পৰিয়ালো আছে, পৰিয়ালৰ সকলো সদস্যই দেখাত এই আনান্সিৰ দৰেই।আনান্সিৰ মাতৃৰ নাম ‘অ্যাসাসি ইয়া’। ঘানাৰ মানুহৰ বাবে এই ‘অ্যাসাসি ইয়া’ হ'ল পৃথিবৰ দেৱী। আনান্সিৰ পৰিয়ালত এই মাকৰ উপৰিও আছে এগৰাকী স্ত্ৰী আৰু তিনিজন সন্তান। তাৰ স্ত্ৰীৰ নাম ‘ওকোনোৰে ইয়া’ আৰু তিনি সন্তানৰ নাম যথাক্ৰমে- ‘তিকুমা’, ‘তিকেলেনকিলেন’ আৰু ‘ন্যানকোনৱা’। এওঁলোকৰ মাজৰ কুমাই নিজৰ দেউতাকক প্ৰচণ্ড ভয় কৰে বুলি পশ্চিম আফ্ৰিকাৰ পুৰাণত উল্লেখ আছে।

কুয়াকু আনান্সিৰ স্বভাৱৰ বিষয়ে ঘানাৰ পুৰাণত কোৱা হৈছে, আনান্সি ভীষণ ধূৰ্ত। নিজৰ বুদ্ধিমত্তাৰে তেওঁ শক্তিশালী প্ৰতিপক্ষকো হৰুৱাই দিয়াৰ ক্ষমতা ৰাখে বুলি বিশ্বাস কৰে পশ্চিম আফ্ৰিকাৰ মানুহে। আনকি আনান্সিৰ বুদ্ধিমত্তাক ঘানাৰ মানুহ ইমানেই পূজনীয় বুলি ভাবে যে ঘানাৰ ‘আকান’ ভাষাত আনান্সিৰ নামে এটা শব্দই আছে- ‘ 'আনান্সিসিম’। ইংৰাজীলৈ ৰূপান্তৰ কৰিলে শব্দটোৰ অৰ্থ হয় - ইমানেই অবিশ্বাস্য গল্প যে বিশ্বাস কৰিব‌নোৱাৰি। (a story too incredible to believe)। এনে কোনো গল্প য'ত ইমানেই বুদ্ধিমত্তাৰ নজিৰ আছে যে বিশ্বাস কৰাই টান--এনেকুৱা ঘটনা ব্যাখ্যা কৰিবলৈ 'আকান' ভাষাত এটা শব্দই যথেষ্ট -'আনান্সিসিম'।

তথ্যসূত্ৰ

  1. ↑ (8 June 2012). Spider popular in Caribbean folklore takes center stage. Sun Sentinel
  2. ↑ Lee, F H. Folk Tales of All Nations. New York: Tudor publ. Co, 1930. Print, p. 15
  3. ↑ Eriksen, Thomas Hylland. (December 2013). The Anansi position. Anthropology Today. পৃ. 14–17 (Respond to this article at )

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনান্সি” প্ৰবন্ধৰ সংশোধন ৪৭২৯০০ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।