অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

আত্মহত্যামূলক চিন্তা

আত্মহত্যামূলক চিন্তা (Suicidal Ideation), বা আত্মহত্যাৰ ইচ্ছা, হৈছে আত্মহত্যাৰ জৰিয়তে নিজৰ জীৱনৰ অন্ত পৰাৰ সম্ভাৱনাৰ সম্পৰ্কে কৰা চিন্তা প্ৰক্ৰিয়া বা ধাৰণা।

হালনাগাদ: ৩ জুলাই ২০২৬ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

আত্মহত্যামূলক চিন্তা (Suicidal Ideation), বা আত্মহত্যাৰ ইচ্ছা, হৈছে আত্মহত্যাৰ জৰিয়তে নিজৰ জীৱনৰ অন্ত পৰাৰ সম্ভাৱনাৰ সম্পৰ্কে কৰা চিন্তা প্ৰক্ৰিয়া বা ধাৰণা।১ ই নিজে কোনো ৰোগ নহয়, বৰঞ্চ কিছুমান মানসিক বিকাৰ বা মনোসক্ৰিয় দ্ৰব্যৰ ব্যৱহাৰৰ লক্ষণ, বা মানসিক বিকাৰৰ অনুপস্থিতিতো জীৱনৰ বিৰূপ পৰিঘটনাৰ প্ৰতিক্ৰিয়াত ই হ'ব পাৰে।।২ আত্মহত্যাৰ আশংকা বা আত্মহত্যামূলক চিন্তাৰ পৰিসৰ ক্ষণস্থায়ী চিন্তাৰ পৰা বিশদ পৰিকল্পনালৈকে ভিন্ন হ’ব পাৰে। নিষ্ক্ৰিয় আত্মহত্যামূলক চিন্তা হৈছে জীয়াই থাকিব নিবিচৰা কথা ভাবা বা নিজকে মৃত অৱস্থাত কল্পনা কৰা।৩৪ সক্ৰিয় আত্মহত্যামূলক চিন্তা হৈছে নিজকে হত্যা কৰাৰ বাবে প্ৰস্তুতি লোৱা বা তেনে কৰাৰ পৰিকল্পনা গঠন কৰা।৩৪

তথ্যসূত্ৰ

  1. ↑ World Health Organization, ICD-11 for Mortality and Morbidity Statistics, ver. 09/2020, MB26.A Suicidal ideation
  2. ↑ Barry, Lisa C. Passive Suicidal Ideation in Older Adults: Implications for Suicide Prevention, American Journal of Geriatric Psychiatry 27, no. 12 (December 2019): 1411 ("... growing evidence points toward a subgroup of individuals who endorse passive SI [suicidal ideation] in later life outside the context of clinical depression.")
  3. ↑ Falcone, Tatiana; Timmons-Mitchell, Jane. (2018-05-18). Suicide Prevention: A Practical Guide for the Practitioner. Springer. পৃ. 38. ISBN 978-3-319-74391-2
  4. ↑ Kumar, Updesh. (2017-10-26). Handbook of Suicidal Behaviour. Springer. পৃ. 269. ISBN 978-981-10-4816-6

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আত্মহত্যামূলক চিন্তা” প্ৰবন্ধৰ সংশোধন ৬১৫৫৬০ (৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।