আচল উতাড়ৰ যুদ্ধ (Battle of Asal Uttar; आसल उत्ताड़, ਆਸਲ ਉਤਾੜ১) হৈছে ১৯৬৫ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত হোৱা সকলোতকৈ বৃহৎ টেংক যু্দ্ধ। এই যুদ্ধখন ১৯৬৫ চনৰ ছেপ্টেম্বৰ মাহৰ ৮ তাৰিখৰ পৰা ১০ তাৰিখৰ মাজত হৈছিল, যেতিয়া পাকিস্তানী সেনা নিজৰ টেংক বাহিনী আৰু পদাতিক সৈন্যসহ ভাৰতীয় সীমাৰেখাৰ ভিতৰলৈ সোমাই আন্তৰ্জাতিক সীমাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ ভিতৰলৈ থকা খেমকৰণ নামৰ চহৰখন অধিকাৰ কৰিছিল।২ ভাৰতীয় সেনায়ো যোগ্য প্ৰত্যুত্তৰ দিয়ে আৰু তিনিদিন ধৰি চলা তীব্ৰ যুঁজৰ পাছত আচল উত্তাৰ ওচৰত পাকিস্তানী সেনাৰ পৰাজয়ৰ লগে লগে এই যুদ্ধ শেষ হয়। ভাৰতীয় সেনাৰ বীৰত্ব, যুদ্ধভূমিৰ পৰিস্থিতি আৰু ভাৰতৰ ৰণকৌশলকে এই বিজয়ৰ শ্ৰেয় দিয়া হয়।৩৪
এই যু্দ্ধক দ্বিতীয় বিশ্বযুদ্ধৰ কুৰ্স্কৰ যুদ্ধৰ সৈতে তুলনা কৰা হয়, কাৰণ আচল উত্তাৰৰ বিজয়ে ১৯৬৫ৰ সমগ্ৰ যুদ্ধখনৰে গতিপথ ভাৰতৰ সপক্ষে সলনি কৰি পেলাইছিল। ড॰ ফিলিপ ট’লেকে ধৰি সমৰ বুৰঞ্জীবিদ সকলে খেমকৰণৰ কাষত ভাৰতীয় প্ৰতিৰোধক এই যু্দ্ধৰ এটা মূল টাৰ্নিং পইণ্ট বুলি অভিহিত কৰিছে, যি যু্দ্ধৰ সমীকৰণ ভাৰতৰ সপক্ষে টানি আনিছিল।৫ পিটাৰ ৱিলচনৰ মতে৬ আচল উত্তাড়ৰ পাকিস্তানী সেনাৰ পৰাজয়, ১৯৬৫ চনৰ ভাৰত পাকিস্তান যু্দ্ধত পাকিস্তান সন্মুখীন হোৱা সৰ্ববৃহৎ পৰাজয়।৬
যু্দ্ধখন
এই যু্দ্ধক দ্বিতীয় বিশ্বযুদ্ধৰ কুৰ্ক্সৰ পাছতে ইতিহাসৰ সৰ্ববৃহৎ টেংক যুদ্ধ বুলি অভিুহিত কৰা হয়। পাকিস্তান আগ্ৰাসী সেনা বলে, যি তেওঁলোকৰ প্ৰথম আৰ্মাৰ্ড ডিভিজন আৰু ১১দশ ইনফেণ্ট্ৰী ডিভিজন সহায়ত গঠিত হৈছিল, আন্তৰ্জাতিক সীমাৰেখা অতিক্ৰম কৰি ভাৰতৰ খেমকৰণ চহৰ অধিকাৰ কৰে। পৰিস্থিতিৰ গুৰুত্ব বুজি ভাৰতীয় চতুৰ্থ মাউণ্টেইন ডিভিজনৰ জি অ চি য়ে( জেনেৰেল অফিচাৰ কমাণ্ডিং) (মেজৰ জেনেৰেল গুৰবক্স সিং) ভাৰতীয় সেনাক ততাতৈয়াকৈ পিছুৱাই আহি আচল উত্তাড় গাঁওখনক কেন্দ্ৰবিন্দু হিচাপে লৈ এক অশ্বখুড়া আকৃতিৰ সমৰসজ্জাত সংগঠিত হবলৈ নিৰ্দেশ দিয়ে। এই সমৰ সজ্জাৰ ধাৰণা প্ৰকৃততে আছিল ব্ৰিগেডিয়াৰ থমাছ কে. ত্যাগৰাজৰ। ৭৮৯ সেইদিনাই ৰাতি ভাৰতীয় সেনাই বিস্তীৰ্ন কুঁহিয়াৰৰ খেতি পথাৰ বিলাক পানীৰে ডুবাই দিয়ে। পিছদিনা, এম৪৭ আৰু এম ৪৮ আমেৰিকান পেটন টেংকেৰে সুসজ্জিত পাকিস্তানৰ প্ৰথম আৰ্মাৰ্ড ডিভিজনে ভাৰতীয় সেনাৰ অশ্বখুড়া ফান্দত ভৰি দিয়ে। কোমল বোকা মাটিত টেংক বিলাকৰ গতি হ্ৰাস কৰি পেলাই আৰু কিছুমান টেংক ওলাব নোৱাৰাকৈ লাগি ধৰে। এশৰো অধি পাকস্তানী টেংক, তাৰে বেছিভাগেই পেটন, আৰু কিছুসংখ্যক এম ৪ শ্বাৰমান আৰু এম ২৪শ্বাফী, ভাৰতীয় সেনাই ধ্বংস কৰে আৰু ৪০ৰো অধিক টেংক বন্দী কৰে। আনহাতে ভাৰতীয় সেনাই দাবী কৰা মতে তেওঁলোকে মাত্ৰ ১০খন টেংক হে হেৰুৱাব লগা হয়।১০
সামৰণি
পাকিস্তানৰ প্ৰাৰম্ভিক সফলতা সত্ত্বেও, শেষত এই যুদ্ধত ভাৰতে নিশ্চিত বিজয় লাভ কৰে।৬ পাকস্তানী সেনাৰ কমাণ্ডাৰ মেজৰ জেনেৰেল নাচিৰ আহমদ খানৰ যদ্ধক্ষেত্ৰতে মৃত্যু হয়৬ সমৰ বুৰঞ্জীবিদ ষ্টিফেন ঝালোগাৰ মতে, পাকিস্তানে স্বীকাৰ কৰে যে ১৯৬৫ চনৰ যুদ্ধত তেওঁলোকে ১৬৫ টেংক হেৰুৱাই আৰু তাৰ আধাতকৈয়ো বেছি কেৱল 'আচল উত্তাড়'তে ধ্বংস হয়।১০
পিছলৈ পাকিস্তানী সেনাৰ সৰ্বাধিনায়ক আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠ হোৱা জেনেৰেল পাৰভেজ মুশ্বাৰফে এই যু্দ্ধত এজন আৰ্টিলেৰী লিউটেনেণ্ট হিচাপে অংশ গ্ৰহণ কৰিছিল। এই যুদ্ধ আব্দুল কাদিৰ নামৰ বাৰতীয় সেনা জোৱান এজনৰ বীৰত্বৰ বাবেও বিখ্যাত। তেওক মৰণোত্তৰ ভাৱে পৰম বীৰ চক্ৰ (ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান) প্ৰদান কৰা হয়। তেও অসীম সাহস আৰু বীৰত্বৰেখন কেৱল জীপগাড়ীত লগোৱা ৰিকইললেছ বন্দুকেৰেই .১১শত্ৰুৰ সাতখন১২ টেংক ধ্বংস কৰে।
এই যুদ্ধৰ স্মৃতি স্বৰূপে যুদ্ধক্ষেত্ৰখনত পেটন নগৰ স্থাপন কৰা হয়। এই স্থানতে পাকিস্তানি সেনাৰ এক বৃহৎ সংখ্যক টেংক ধ্বংস বা জব্দ কৰা হৈছিল১০
প্ৰকাশিত তথ্য
তথ্যচিত্ৰ
এই যুদ্ধৰ পৃষ্ঠবুমিত "আচল উত্তাড়ৰ যুদ্ধ- দ্বিতীয় মহাসমৰৰ পাছৰ বৃহত্তম টেংক যুদ্ধ (২০১৮)" ডিষ্কভাৰী চেনেলৰ মিছন আৰু যুদ্ধ চিৰিজত প্ৰচাৰিত এখন তথ্যচিত্ৰ।১৩১৪
তথ্যসূত্ৰ
- ↑ Voter List 2015, Punjab. Chief Electoral Officer, Punjab. পৃ. 11, Row No. 163–165
- ↑ R.D. Pradhan & Yashwantrao Balwantrao Chavan. (2007). 1965 War, the Inside Story: Defence Minister Y.B. Chavan's Diary of India-Pakistan War''.. Atlantic Publishers & Distributors. পৃ. 47. ISBN 978-81-269-0762-5
- ↑ Wilson, Peter. Wars, proxy-wars and terrorism: post independent India. Mittal Publications, 2003. ISBN 978-81-7099-890-7
- ↑ B. Chakravorty. (1995). Stories of Heroism: PVC & MVC Winners. Allied Publishers. পৃ. 17. ISBN 81-7023-516-2
- ↑ Towle, Philip. (1982). Estimating foreign military power. Routledge. ISBN 978-0-7099-0434-2
- ↑ Wilson, Peter. Wars, proxy-wars and terrorism: post independent India. Mittal Publications. পৃ. 83–84. ISBN 81-7099-890-5
- ↑ www.thehindu.com/todays-paper/tp-features/tp-sun
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ Zaloga, Steve. The M47 and M48 Patton tanks. Osprey Publishing, 1999. ISBN 978-1-85532-825-9
- ↑ The Param Vir Chakra Winners' home page for Company Quarter Master Havildar Abdul Hamid indianarmy.nic.in
- ↑ Maj Gen Cardozo, Ian (2003). PARAM VIR. New Delhi: Lotus Collection
- ↑ Battle of Asal Uttar - Largest Tank Battle Since World War II Mission & Wars. Veer by Discovery
- ↑ (25 January 2018). This R-Day, get ready for Discovery channel's 'Battle Ops'. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচল উত্তাড়ৰ যুদ্ধ” প্ৰবন্ধৰ সংশোধন ৬৩১০৫২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।