আঅ' ন্থাত বিন (ইংৰাজী ভাষা: Áo nhật bình) আছিল এক ভিয়েটনামীয় ৰাজকীয় পোছাক। ঙুয়েন বংশৰ (১৮০২–১৯৪৫) শাসনকালত ৰাজপৰিয়ালৰ মহিলা সদস্য আৰু অভিজাত মহিলাসকলে এই পোছাক পৰিধান কৰিছিল। ইয়াক বিশেষকৈ টেট উৎসৱ, বিবাহ আৰু ৰাজদৰবাৰৰ অনুষ্ঠানৰ দৰে আনুষ্ঠানিক ক্ষণত পৰিধান কৰা হৈছিল। ইয়াৰ বিশিষ্ট আয়তাকাৰ ডিঙিৰ অংশ (কালাৰ) আৰু জটিল নক্সাসমূহে পিন্ধোতাগৰাকীৰ স্থিতি আৰু কৰ্তৃত্বৰ প্ৰতীক বহন কৰিছিল।১
ইতিহাস
আঅ' ন্থাত বিনৰ উৎপত্তি ন্গুয়েন লৰ্ডছৰ শাসনকালত ডাঙ ট্ৰংত হৈছিল আৰু পৰৱৰ্তী সময়ত ন্গুয়েন বংশৰ অধীনত ইয়াৰ চৰকাৰী স্বীকৃতি লাভ কৰে। পোছাকযোৰৰ নামটো "ন্থাত" (日) আৰু "বিন" (平) শব্দৰপৰা আহিছে, যিয়ে ডিঙিৰ অংশটোৰ বিশেষ নক্সাক বুজায়। সম্ৰাট গিয়া লং আৰু মিন মাঙে পদমৰ্যাদাৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰং, নক্সা আৰু কাপোৰৰ মান নিৰ্ধাৰণ কৰি দিছিল।২ ঐতিহাসিক নথি যেনে খাম ডিন ডাই নাম হোই ডিয়েন চ্যু লে (欽定大南會典事例)ত এই পোছাকৰ বিষয়ে আনুষ্ঠানিক নিয়মাৱলী লিপিবদ্ধ কৰা হৈছে।৩
ডং খানৰ ৰাজত্বকালত এই নিয়মসমূহ কিছু সৰল কৰা হৈছিল, য’ত জটিল টুপীৰ পৰিৱৰ্তে স্কাৰ্ফ আৰু অন্যান্য অলংকাৰৰ ব্যৱহাৰ হ্ৰাস কৰা হৈছিল।৪

ডিজাইন

এই পোছাকযোৰ ঢিলা আৰ্হিৰ আৰু দীঘল হাত থকা। ইয়াৰ সমুখৰফালে দুটা পেনেল থাকে আৰু ডিঙিত কাপোৰৰ এটা ডাঙৰ আয়তাকাৰ কালাৰ থাকে। পোছাকযোৰত চিল্ক, ব্ৰকেড বা চেটিন কাপোৰত সোণালী, ৰঙা, নীলা আৰু বেঙুনীয়া ৰঙৰ সূতাৰে ফিনিক্স চৰাই, পদুম ফুল, ডাৱৰ আৰু আঠটা বহুমূলীয়া সম্পদৰ নক্সা ফুল গুঠা থাকে।৫
পদমৰ্যাদা অনুসৰি পোছাকৰ পাৰ্থক্যসমূহ:
- সম্ৰাজ্ঞী: ড্ৰেগন আৰু ফিনিক্স চৰাইৰ নক্সা থকা সোণালী ৰঙৰ পোছাক, লগতে নটা ফিনিক্সযুক্ত টুপী আৰু আঠটা সোণৰ হেয়াৰপিন।
- ৰাজকুমাৰী: ৰঙা ৰঙৰ পোছাক, সাতটা ফিনিক্সযুক্ত টুপী আৰু বাৰটা ফুলৰ নক্সা থকা হেয়াৰপিন।
- উপপত্নীসকল: পদমৰ্যাদা অনুসৰি গুলপীয়া, বেঙুনীয়া আদি বিভিন্ন ৰং আৰু সেই অনুসৰি টুপী তথা হেয়াৰপিন।৬
এই পোছাকযোৰ বগা ট্ৰাউজাৰ বা স্কাৰ্ট, স্কাৰ্ফ আৰু এম্ব্ৰইডৰী কৰা জোতাৰ সৈতে পৰিধান কৰা হৈছিল।৭
সংৰক্ষণ আৰু আধুনিক ব্যৱহাৰ
নাম ফুয়ং আৰু ৰাজকুমাৰীসকলৰ দৰে ব্যক্তিসকলে ব্যৱহাৰ কৰা এই পোছাকসমূহ সংৰক্ষণ কৰি হুৱে (Huế) চহৰৰ সংগ্ৰহালয়ত দান কৰা হৈছে।৮ ২০২২ চনত থুয়া থিয়েন হুৱেই এজন ব্যক্তিগত সংগ্ৰাহকৰপৰা ঙুয়েন বংশৰ দুযোৰ আঅ' ন্থাত বিন লাভ কৰিছিল।৯
বৰ্তমান সময়ত উৎসৱ-পাৰ্বণ, সাংস্কৃতিক অনুষ্ঠান, ঐতিহাসিক চলচ্চিত্ৰ আৰু বিবাহত এই পোছাকৰ পুনৰ নিৰ্মাণ কৰা দেখা যায়।১০১১ আধুনিক সময়ত পশমৰ সূতাৰে তৈয়াৰ কৰা পোছাককে ধৰি ফেশ্বন জগতত ইয়াৰ বিভিন্ন পৰীক্ষামূলক ৰূপ দেখা পোৱা গৈছে।১২
তথ্যসূত্ৰ
- ↑ Áo Nhật Bình. Wikipedia tiếng Việt
- ↑ Áo nhật bình - Tin tức mới nhất 24h qua. VnExpress
- ↑ (2021-09-14). Nguyễn triều nữ y - trang phục nữ thời Nguyễn không hề nhàm chán đơn điệu. Lao Động
- ↑ (2022-03-26). Ngắm áo Nhật Bình của công chúa Mỹ Lương và cổ vật hoàng cung triều Nguyễn. Tuổi Trẻ
- ↑ (2024-11-24). Huế tiếp nhận áo dài của hoàng hậu Nam Phương. VnExpress
- ↑ (2024-11-25). Áo Nhật Bình của Nam Phương Hoàng hậu và tấm lòng yêu Huế. Lao Động
- ↑ (2022-01-24). Áo tấc, áo ngũ thân, Nhật Bình.. "sống lại" trong mùa Tết năm nay. Dân Trí
- ↑ (2022-04-09). Hai cổ vật triều Nguyễn trị giá hàng chục tỷ đồng đã được đưa về Huế. Danviet
- ↑ (2022-04-09). Hai cổ vật mũ quan triều Nguyễn và áo Nhật Bình đã trở về Cố đô Huế. Lao Động
- ↑ (2020-08-31). 'Biến hình' thành phi tần triều Nguyễn. VnExpress
- ↑ (2019-10-08). Thổi luồng gió mới cho cổ phục Việt. Tuổi Trẻ
- ↑ (2024-07-25). Dân mạng bấm like chiếc áo nhật bình cô gái dành hai tháng đan bằng len sợi. Tuổi Trẻ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঅ' ন্হাত বিন” প্ৰবন্ধৰ সংশোধন ৫৯৫১৯০ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।