অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অ'নাগাৰ

অ'নাগাৰ (/ˈɒnədʒər/; Equus hemionus/ˈɛkwəs hɪˈmaɪənəs/) এছিয়া মহাদেশত পোৱা এবিধ বনৰীয়া গাধ। জাৰ্মান প্ৰাণীবিজ্ঞানী পিটাৰ চাইমন পালাছে ১৭৭৫ চনত অ'নাগাৰ সম্পৰ্কে প্ৰথম বৰ্ণনা কৰে আৰু বিজ্ঞানসন্মত নামাকৰণ কৰে। এইবিধ প্ৰাণীৰ ছটা উপপ্ৰজাতি আছে, ইয়াৰে দুটা ইতিমধ্যে বিলুপ্ত হৈ গৈছে।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অ'নাগাৰ (/ˈɒnədʒər/; Equus hemionus/ˈɛkwəs hɪˈmaɪənəs/) এছিয়া মহাদেশত পোৱা এবিধ বনৰীয়া গাধ। জাৰ্মান প্ৰাণীবিজ্ঞানী পিটাৰ চাইমন পালাছে ১৭৭৫ চনত অ'নাগাৰ সম্পৰ্কে প্ৰথম বৰ্ণনা কৰে আৰু বিজ্ঞানসন্মত নামাকৰণ কৰে। এইবিধ প্ৰাণীৰ ছটা উপপ্ৰজাতি আছে, ইয়াৰে দুটা ইতিমধ্যে বিলুপ্ত হৈ গৈছে। ১

এটা প্ৰাপ্তবয়স্ক এছিয়ান বনৰীয়া গাধৰ ওজন প্ৰায় ২০০–২৬০ কিলোগ্ৰাম (৪৪০–৫৭০ পাউণ্ড) হয় আৰু মূৰৰ পৰা শৰীৰলৈকে ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২.১ মিটাৰ (৬.৯ ফুট) মান হয়। ইহঁতৰ ছালৰ ৰং ৰঙা বাদামী বা হালধীয়া বাদামী আৰু পিঠিৰ ঠিক মাজভাগলৈকে এটা বহল ক’লা দাগ থাকে। বেছিভাগ ঘোঁৰা আৰু গাধৰ দৰে, অ'নেগাৰবিলাকক কেতিয়াও পোহনীয়া কৰা নাযায়। ইহঁত অতি বেগী প্ৰাণী, ৬৪ কিলোমিটাৰ (৪০ মাইল প্ৰতি ঘণ্টা)ৰ পৰা ৭০ কিলোমিটাৰ (৪৩ মাইল প্ৰতি ঘণ্টা) বেগত দৌৰিব পাৰে। আফ্ৰিকান বন্য গাধৰ সৈতে অ'নাগাৰৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, কিয়নো দুয়োৰে পূৰ্বপুৰুষ একেই আছিল। এসময়ত কিয়াঙক অ'নাগাৰৰ উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল, কিন্তু বৰ্তমান ইয়াক পৃথক প্ৰজাতি হিচাপে গণ্য কৰা হয়। ২

এসময়ত অ'নাগাৰ দক্ষিণ-পশ্চিম আৰু মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি উত্তৰ এছিয়াৰ দেশবিলাকত (যেনে ইজৰাইল, চৌদি আৰব, ইৰাক, জৰ্ডান, ছিৰিয়া, আফগানিস্তান, ৰাছিয়া, চাইবেৰিয়া) বিস্তৃত আছিল। আনকি প্ৰাগঐতিহাসিক যুগত ইউৰোপ জুৰি ইহঁতৰ বিচৰণ আছিল। বিংশ শতাব্দীৰ আৰম্ভণিৰ ফালে, মধ্যপ্ৰাচ্য আৰু পূব এছিয়াৰ বেছিভাগ অঞ্চলৰ পৰা এই প্ৰজাতিটো হেৰাই যায়। বৰ্তমান ইৰাণ, পাকিস্তান, ভাৰত আৰু মংগোলিয়াৰ মৰুভূমি আৰু অন্যান্য শুষ্ক অঞ্চলত অ'নাগাৰ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও তৃণভূমি, প্ৰেইৰী, ষ্টেপ আৰু ছাভানা অঞ্চলতো ইহঁতৰ বিচৰণ দেখা যায়।

আন বৃহৎ তৃণভূমিৰ প্ৰাণীবোৰৰ দৰে অ'নাগাৰো অবৈধ চিকাৰ আৰু বাসস্থান ধ্বংসৰ বাবে বিপন্ন হৈ পৰিছে। আগত ইহঁতক বিপন্ন প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হৈছিল, কিন্তু ২০১৫ চনত IUCN Red Listত ইহঁতক প্ৰায়-বিপন্ন হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। অ'নাগাৰৰ পাঁচটা উপপ্ৰজাতিৰ ভিতৰত এটা বিলুপ্ত, দুটা বিলুপ্তপ্ৰায় আৰু দুটা বিপন্ন হোৱাৰ কাষ চাপিছে। চীনত ইহঁতৰ অৱস্থিতি সম্পৰ্কে সঠিক তথ্য পোৱা নাযায়। আৰব উপদ্বীপ, ইজৰাইল আৰু জৰ্ডানত বিলুপ্ত হৈ যোৱা ছিৰিয়াৰ বন্য গাধৰ ঠাইত পাৰ্চী অনেজাৰক পুনৰ প্ৰৱৰ্তনৰ প্ৰচেষ্টা চলি আছে। ১

তথ্যসূত্ৰ

  1. ↑ Asiatic Wild Ass Equus hemionus. IUCN. IUCN/SSC Equid Specialist Group
  2. ↑ Bennett, E. Andrew; Champlot, Sophie. (2017-04-19). Taming the late Quaternary phylogeography of the Eurasiatic wild ass through ancient and modern DNA. পৃ. e0174216

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীজগতএছিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'নাগাৰ” প্ৰবন্ধৰ সংশোধন ৪৪৬০৭৬ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।