অ'ডিট বা হিচাপ পৰীক্ষণ হৈছে কোনো এক লাভকাৰী বা অলাভকাৰী প্ৰতিষ্ঠানৰ, আকাৰ বা আইনগত প্ৰকাৰৰ ভেদ নোহোৱাকৈ, কোনো মতামত দিবৰ উদ্দেশ্যেৰে চলোৱা বিত্তীয় তথ্য আৰু হিচাপ-পত্ৰসমূহৰ এক স্বতন্ত্ৰ পৰীক্ষণ কাৰ্য।১ অৰ্থাৎ অ'ডিটৰ যোগেদি কোনো এক প্ৰতিষ্ঠানৰ বিত্তীয় কাৰ্যকলাপ বা হিচাপ-পত্ৰ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰি এই বিষয়ে মতামত প্ৰদান কৰা হয়। অ'ডিটৰ দ্বাৰা আইনে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰতিষ্ঠানটোৱে নিজৰ হিচাপৰ নথি-পত্ৰসমূহ ৰাখিছেনে নাই এয়া সুনিশ্চিত কৰিবলৈ যত্ন কৰা হয়। অ'ডিটৰ বা হিচাপ পৰীক্ষকসকলে হিচাপ পৰীক্ষণৰ আগতে পৰিস্থিতি একোটা চিনাক্ত কৰি ইয়াৰ বুজ লয় আৰু ইয়াৰ প্ৰমাণসমূহ বিশ্লেষণ কৰি হিচাপ পৰীক্ষণৰ খতিয়ান বা অ'ডিট ৰিপ'ৰ্টৰ যোগেদি তেওঁলোকৰ মতামতসমূহ প্ৰদান কৰে।২
তথ্যসূত্ৰ
- ↑ Gupta, Kamal. Contemporary Auditing. McGraw Hill. পৃ. 1095. ISBN 0070585849
- ↑ Audit assurance
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'ডিট” প্ৰবন্ধৰ সংশোধন ৪২২৪৮৫ (৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।