অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অৰৱল জিলা

অৰৱল জিলা ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন সৰু জিলা আৰু অৰৱল নগৰ এই জিলাৰ সদৰ ঠাই। ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল। ই বিহাৰৰ ৰাজধানী চহৰ পাটনাৰ পৰা ৬৫ কিঃমিঃ দূৰৈত অৱস্থিত।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২০ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অৰৱল জিলা ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন সৰু জিলা আৰু অৰৱল নগৰ এই জিলাৰ সদৰ ঠাই। ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল। ই বিহাৰৰ ৰাজধানী চহৰ পাটনাৰ পৰা ৬৫ কিঃমিঃ দূৰৈত অৱস্থিত।

ভূগোল

অৰৱল জিলাৰ মাটিকালি ৬৩৮ বৰ্গ কিলোমিটাৰ (২৪৬ বৰ্গ মাইল)। ইয়াৰ ভৌগোলিক স্থানাংক হৈছে।

জনসংখ্যা

অৰৱল জিলাৰ জনসংখ্যা।১

মুঠগ্ৰামাঞ্চলচহৰাঞ্চল
ব্যক্তি700,843700,8430
পুৰুষ363,497363,4970
মহিলা337,346337,3460

ভাষা

২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ 86.53% মাগধী, 8.11% হিন্দী আৰু 4.96% উৰ্দুভাষী লোক। ইয়াৰ অধিকাংশ লোকে মাগধী ভাষা কয়।২

অৰ্থনীতি

অৰৱল জিলাৰ অৰ্থনীতি কৃষি-ভিত্তিক। ধান, ঘেঁহু আৰু দাইল ইয়াৰ প্ৰধান শস্য।

সংমণ্ডল আৰু মহকুমা

অৰৱল জিলা মাগধ সংমণ্ডলৰ অন্তৰ্গত। ২০০১ চনৰ ২০ আগষ্ট মাহত এই জিলা গঠন কৰা হয় আৰু ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল।

এই জিলাখনত কেৱল এটাই মহকুমা আছে আৰু সেইটো হ'ল অৰৱল। এই মহকুমাটোক ছটা ব্লকত পুনৰ্বিভাজন কৰা হৈছে: অৰৱল, কাৰপি, কালেৰ, কুৰথা, সূৰ্যপুৰ আৰু বংশী।৩

যাতায়ত

আটাইতকৈ নিকটৱৰ্তী বিমান বন্দৰ পাটনাত আৰু ৰে'ল ষ্টেশ্যন জেহানাবাদ (JHD) আৰু অনুগড় নাৰায়ণ ৰোড (AUBR)ত অৱস্থিত। এই জিলাখন জেহানাবাদ, পাটনা আৰু ঔৰংগাবাদৰ সৈতে পথেৰে সংযুক্ত হৈ আছে।

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৱল জিলাৰ জনসংখ্যা ৭০০,৮৪৩জন।৪ জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ১,০৯৯জন (২,৮৫০ প্ৰতি বৰ্গ মাইল)। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯২৭ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৬৯.৫৪%।৫৬

লগতে চাওক

বাহ্যিক লিংক

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ Archived copy
  3. ↑ Bihar districts:Arwal. Official website of বিহাৰ
  4. ↑ (2011). District Census 2011. Census2011.co.in
  5. ↑ (2011). District Census 2011. Census2011.co.in
  6. ↑ (2011). District Census 2011. Census2011.co.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰৱল জিলা” প্ৰবন্ধৰ সংশোধন ২৫৬৩৪৫ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।