Hindustani music terminology
৮ প্ৰবন্ধ
-
ধ্ৰুপদ
ধ্ৰুপদ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এটা ধাৰা। ই হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ সৈতে জড়িত প্ৰধান কণ্ঠসংগীত শৈলীসমূহৰ ভিতৰত আটাইতকৈ পুৰণি জনাজাত শৈলী (উদাহৰণস্বৰূপে Pushtimarg সম্প্ৰদায়ৰ হাৱেলী সংগীতত), আৰু ই দক্ষিণ ভাৰতীয় কৰ্ণাটক পৰম্পৰাৰ সৈতেও সম্পৰ্কিত।
-
সপ্তক
সপ্তক মানে "স্বৰসমূহ" বা "সাতটা স্বৰৰ শৃংখলা।" ই স্বৰসমূহৰ সমষ্টিক বুজায় অৰ্থাৎ ষড়জ (স্বৰ) (সা), ঋষভ (স্বৰ) (ৰি), গান্ধাৰ (স্বৰ) (গা), মধ্যম (স্বৰ) (মা), পঞ্চম (স্বৰ) (পা), ধৈৱত (স্বৰ) (ধা), নিষাদ (স্বৰ) (নি), [ষড়জ (স্বৰ)]] (সা) যিবোৰে ভাৰতীয় শাস্ত্ৰীয় সংগীতত এটা সংগীত স্কেল গঠন কৰে।
-
নিষাদ (স্বৰ)
নিষাদ (निषाद ) হৈছে হিন্দুস্থানী সংগীত আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত সপ্তম আৰু শেষ স্বৰ। নিষাদ হৈছে नी (Ni) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
গান্ধাৰ (স্বৰ)
গান্ধাৰ (गान्धार ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতত সাতটা স্বৰৰ ভিতৰত তৃতীয়টো। গান্ধাৰ হৈছে গ (Ga) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
দাদৰা
দাদৰা ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ সৈতে সম্পৰ্কিত।
-
বন্দিশ
বন্দিশ, চিজ বা গত হৈছে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত বা বাদ্যসংগীতৰ এক নিৰ্দিষ্ট, সুৰীয়া ৰচনা। ই এক নিৰ্দিষ্ট ৰাগত নিৰ্ধাৰিত, তবলা বা পখাৱজৰ তালবদ্ধ সংগতত, স্থিৰ দ্ৰোনৰ সৈতে, আৰু সাৰংগী, বেহেলা বা হাৰমনিয়ামৰ সুৰীয়া সংগতত পৰিবেশিত হয়। এটা ৰচনাৰ অংশবোৰ ব্যৱস্থিত কৰাৰ বিভিন্ন উপায় আছে।
-
তৰানা
তৰানা হৈছে হিন্দুস্থানী শাস্ত্ৰীয় কণ্ঠ সংগীতৰ এটা সংৰচনাৰ প্ৰকাৰ য’ত কিছুমান নিৰ্দিষ্ট শব্দ (যেনে "ওদানী", "তোদানী", "তাদীম" আৰু "ইয়ালালী") যিবোৰ ফাৰ্চী আৰু আৰবী ধ্বনিমূলৰ ওপৰত ভিত্তি কৰি মধ্যম (মধ্য লয়) বা দ্ৰুত (দ্ৰুত লয়) গতিত পৰিৱেশন কৰা হয়।
-
ধামাৰ
ধামাৰ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী শাস্ত্ৰীয় সংগীতত ব্যৱহৃত তালৰ এটা প্ৰকাৰ। ই ধ্ৰুপদ শৈলীৰ সৈতে সম্পৰ্কিত আৰু সাধাৰণতে পখৱাজ আৰু তবলাত বজোৱা হয়। ধামাৰ তালত ১৪টা মাত্ৰা (মাত্ৰা) থাকে, যিবোৰ অসমমিত্ৰিকভাৱে ৫-২-৩-৪ ধৰণে বিভক্ত। ধ্ৰুপদ শৈলীৰ এটা গীত যি ধামাৰ তালত ৰচিত হয়, তাকো ধামাৰ বোলা হয়।