ইলহা দা কুইমাদা গ্ৰাণ্ডে বা সৰ্পদ্বীপ (Ilha da Queimada Grande) ব্ৰাজিলৰ ছাও পাওলো চহৰৰ পৰা ৯৩ মাইল দক্ষিণে অৱস্থিত এটা সাগৰীয় দ্বীপ, যিটো দ্বীপক পৃথিৱীৰ ভয়ংকৰ আৰু মাৰাত্মক দ্বীপ বুলি কোৱা হয়। কিয়নো এই দ্বীপত কেৱল বিষাক্ত সাপহে পোৱা যায়। ইলহা দা কুইমাদা গ্ৰাণ্ডে ব্ৰাজিলৰ চাওপাওলো চহৰৰ পৰা ৩৩ কিলোমিটাৰ দূৰত অৱস্থিত। প্ৰায় এঘাৰ হাজাৰ বছৰ আগতে সাগৰ পৃষ্ঠৰ উত্থানে ব্ৰাজিলৰ মূল ভূ-ভাগৰ পৰা আতঁৰাই ইয়াক এক দ্বীপলৈ পৰিণত কৰে। ইলহা দা কুইমাদা গ্ৰাণ্ডেত পোৱা বিভিন্ন প্ৰজাতিৰ সাপৰ ভিতৰত পিট ভাইপাৰ (গল্ডেন লাঞ্চহেড) অন্যতম। এই সাপবিধ পৃথিৱীৰ বিষাক্ত সাপবোৰৰ ভিতৰত অন্যতম আৰু এই দ্বীপেই হৈছে এই সাপবিধৰ প্ৰধান আৱাসস্থলী। পৃথিৱীৰ অন্যান্য বিষাক্ত সাপবোৰো হাজাৰ হাজাৰ সংখ্যাত ইয়াত আছে।
১৯২০ চনত ইলহা দা কুইমাদা গ্ৰাণ্ডেত লাইটহাউচৰ ৰখীয়াজন আৰু তেওঁ পৰিয়ালৰ সকলো সদস্যক সাপে দংশন কৰাৰ পিছত ব্ৰাজিল চৰকাৰে এই ঠাইলৈ মানুহ যাবলৈ অনুমতি নিদিয়া হ'ল১। হাজাৰ হাজাৰ পিট ভাইপাৰ থকা এই দ্বীপত স্থলচৰ প্ৰাণী একেবাৰে নাই বুলিব পাৰি। পৰিভ্ৰমী চৰাই আৰু সাগৰীয় পক্ষীসমূহ ইয়াত অৱতৰণ হ'লেই সাপবোৰৰ খাদ্য হৈ পৰে।
নৌবাহিনীৰ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি কেতিয়াবা লাইটহাউচলৈ গৈ ওপৰৰ পৰা নিৰীক্ষণ কৰে যাতে কোনো ব্যক্তিয়ে অভিযান বা এডভেঞ্চাৰৰ বাবে এই দ্বীপত উপস্থিত হ'ব নোৱাৰে। সাধাৰণ মানুহৰ ইলহা দা কুইমাদা গ্ৰাণ্ডেলৈ যোৱাৰ অনুমতি নাই যদিও জীৱবিজ্ঞানী আৰু গৱেষকসকলে বহুত কষ্ট কৰি ব্ৰাজিল চৰকাৰৰ পৰা অনুমতি লাভ কৰি কেতিয়াবা যায়।
তথ্যসূত্ৰ
- ↑ Snake Island (Ilha da Queimada Grande). Atlasobscura
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলহা দা কুইমাদা গ্ৰাণ্ডে” প্ৰবন্ধৰ সংশোধন ২৩৪২১১ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।