বহিৰ্বিবাহ ( Exogamy) বা অসবৰ্ণ বিবাহ হৈছে নিজৰ সামাজিক গোটৰ বাহিৰৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সামাজিক নীতি। গোটটোৱে বহিৰ্বিবাহৰ পৰিসৰ তথা প্ৰসাৰ আৰু ইয়াৰ ধাৰাবাহিকতা নিশ্চিত কৰা নিয়ম আৰু বলবৎকাৰী ব্যৱস্থাসমূহৰ সংজ্ঞা নিৰ্ধাৰণ কৰে। বহিৰ্বিবাহৰ এটা ধৰণ হৈছে দ্বৈত বহিৰ্বিবাহ, য'ত দুটা গোটে ইটোৱে সিটোৰ লগত নিৰন্তৰ আন্তঃবিবাহ সম্পন্ন কৰে।১
সমাজ বিজ্ঞানত বহিৰ্বিবাহক দুটা সম্পৰ্কীয় দিশৰ সংমিশ্ৰণ হিচাপে দেখা যায়: জৈৱিক আৰু সাংস্কৃতিক। জৈৱিক বহিৰ্বিবাহ হৈছে তেজ-মঙহৰ সম্পৰ্ক নোহোৱা সত্তাৰ বিবাহ, যিটো অনাচাৰ নিয়মৰ প্ৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সাংস্কৃতিক বহিৰ্বিবাহ হ’ল এটা নিৰ্দিষ্ট সাংস্কৃতিক গোটৰ বাহিৰত বিবাহ সম্পন্ন কৰা।
জৈৱ-বিজ্ঞান
বহিঃবিবাহৰ ফলত প্ৰায়ে জিনীয়ভাৱে ঘনিষ্ঠ সম্পৰ্ক নথকা দুজন ব্যক্তিয়ে ইজনে সিজনক বিয়া কৰায়; অৰ্থাৎ অন্তৰ্প্ৰজননৰ বিপৰীতে বহিৰ্প্ৰজনন বা আউটব্ৰিডিং। পৰিমিতভাৱে ইয়াৰ ফলত সন্তান-সন্ততি লাভৱান হয় কাৰণ ইয়াৰ ফলত সন্তানে এটা ত্ৰুটিপূৰ্ণ জিনৰ দুটা অনুৰূপ জিন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰাৰ সম্ভাৱনা হ্ৰাস পায়। সন্তানৰ জিনীয় বৈচিত্ৰ্য বৃদ্ধি কৰিলে চতুৰ্থ প্ৰজন্মৰ সম্পৰ্কীয় স্তৰলৈকে সন্তানে নিজে বংশবৃদ্ধি কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু চতুৰ্থ প্ৰজন্মৰ স্তৰত থকা ব্যক্তিৰ মাজত প্ৰজননে বিৱৰ্তনশীলভাৱে দৈহিক স্বাস্থ্য হ্ৰাস কৰে।২৩
ভাষিক বহিৰ্বিবাহ
ভাষিক বহিৰ্বিবাহ হৈছে এক প্ৰকাৰৰ সাংস্কৃতিক বহিৰ্বিবাহ য’ত বিবাহ কেৱল বিভিন্ন ভাষা কোৱা লোকৰ মাজতহে হয়। উত্তৰ-পশ্চিম আমাজনৰ থলুৱা গোট যেনে টুকানো জনগোষ্ঠীৰ মাজত এই প্ৰথা প্ৰচলিত।৪
তথ্যসূত্ৰ
- ↑ New Zealand Slavonic Journal, Victoria University of Wellington, 2002, Volumes 35-36, p.81
- ↑ (February 2008). An association between the kinship and fertility of human couples. Science. পৃ. 813–6
- ↑ (December 2008). Comment on "An association between the kinship and fertility of human couples". Science. পৃ. 1634; author reply 1634
- ↑ (1983). The Fish People - Linguistic Exogamy and Tukanoan Identity in Northwest Amazonia. Cambridge University Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহিৰ্বিবাহ” প্ৰবন্ধৰ সংশোধন ৬৩২৫৪১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।