যুদ্ধক্ষেত্ৰত ভাৰতীয় নাৰী
৫ প্ৰবন্ধ
-
কল্যাণী সেন
কল্যাণী সেন (জন্ম প্ৰায় ১৯১৭) মহিলা সহায়ক বাহিনী,ভাৰত (WAC{I})ৰ এটা অংশ মহিলা ৰয়েল ইণ্ডিয়ান নেভেল চাৰ্ভিচৰ (WRINS) দ্বিতীয় বিষয়া আছিল। ১৯৪৫ চনত ব্ৰিটেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় সেনাবাহিনী হিচাপে পৰিগণিত হয়। সেন আছিল লাহোৰৰ মেয়ো আৰ্টছ কলেজৰ অধ্যক্ষৰ কন্যা।
-
কুমুদিনী ত্যাগী
উপ-লেফটেনেণ্ট কুমুদিনী ত্যাগী ভাৰতীয় নৌসেনাৰ এগৰাকী বিষয়া। উপ-লেফটেনেণ্ট ৰিতি সিঙ আৰু কুমুদিনী ত্যাগী হৈছে ভাৰতীয় নৌসেনাৰ প্ৰথম দুগৰাকী মহিলা, যিয়ে ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ পৰিচালনা কৰাৰ বাবে তেওঁলোকৰ শাখাৰ পৰা অৰ্হতা অৰ্জন কৰিছে।
-
ক্লিওফিছ
ক্লিওফিছ (সংস্কৃত: কৃপা ) আছিল এগৰাকী আছাকানী ৰাণী আৰু আছাকানী জনগোষ্ঠী আৰু মহান আলেকজেণ্ডাৰৰ মাজৰ যুদ্ধৰ মূল ব্যক্তিত্ব। খ্ৰীষ্টপূৰ্ব ৩২৬ চনত আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত আছাকানিসকলৰ যুদ্ধ নেতা আছাকানাছৰ মাতৃ আছিল ক্লিওফিছ।
-
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধা
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধাৰ (Women warriors in literature and culture) চিত্ৰণ ইতিহাস, সাহিত্য অধ্যয়ন, চলচ্চিত্ৰ অধ্যয়ন, লোককথাৰ ইতিহাস, পৌৰাণিক কাহিনীৰ অধ্যয়নৰ বিষয়।
-
ৰাণী সুগন্ধা
সুগন্ধা (৮৮৩-৯১৪) দশম শতিকাৰ সময়ছোৱাত উত্তৰ ভাৰত উপমহাদেশৰ কাশ্মীৰৰ পঞ্চম শাসক আছিল। ৮৮৫ চনৰপৰা ৯০২ চনলৈ কাশ্মীৰৰ ৰজা শংকৰবৰ্মনৰ সৈতে বিবাহপাশত আবদ্ধ হৈ কাশ্মীৰৰ ৰাণী হৈছিল। ৯০২ চনৰপৰা ৯০৪ চনৰ ভিতৰত পুত্ৰ ৰজা গোপালবৰ্মনৰ শিশু অৱস্থাত কাশ্মীৰৰ ৰাণী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।