ভাৰতীয় মহিলা যোদ্ধা
৬ প্ৰবন্ধ
-
অৱন্তীবাই
অৱন্তীবাই লোধী ( Avantibai lodhi; মৃত্যু ২০ মাৰ্চ ১৮৫৮) এগৰাকী মুক্তি যুঁজাৰু আৰু বৰ্তমান দিনদোৰী, মধ্যপ্ৰদেশৰ অন্তৰ্গত ৰামগড়ৰ ৰাণী আছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।
-
মাহ লাকা বাঈ
মাহ লাকা বাঈ (Mah Laqa Bai; ৭ এপ্ৰিল, ১৭৬৮ – আগষ্ট, ১৮২৪) আছিল ১৮ শতিকাৰ এগৰাকী ভাৰতীয় উৰ্দু কবি, ৰক্ষিতা তথা মানৱপ্ৰেমী। জন্মতে তেওঁৰ নাম আছিল চন্দা বিবি। তেওঁক মাহ লাকা চন্দা বুলিও জনা যায়। ১৮২৪ চনত তেওঁৰ উৰ্দু গজল সন্নিবিষ্ট এখন কাব্য-সংকলন মৰণোত্তৰভাৱে প্ৰকাশ হয়।
-
আক্কাদেৱী
আক্কাদেৱী যাক ঠাইভেদে অক্কাদেভি, আক্কা-দেভি বুলিও কোৱা হয়, ১০১০–১০৬৪ খ্ৰীষ্টাব্দত কৰ্ণাটকৰ চালুক্য বংশৰ ৰাজকুমাৰী আছিল আৰু বৰ্তমানৰ বিদাৰ, বাগালকোট আৰু বিজাপুৰ জিলাত অৱস্থিত কিশুকাডু নামেৰে জনাজাত অঞ্চলৰ ৰাজ্যপাল আছিল।
-
ওনাকে ওবাবভা
ওনাকে ওবাবভা কৰ্ণাটকৰ এজন যোদ্ধা আছিল যিয়ে ভাৰতৰ কৰ্ণাটকৰ চিত্ৰদুৰ্গা ৰাজ্যত হাইদৰ আলীৰ বাহিনীৰ সৈতে এককভাৱে পেষ্টেলেৰে যুঁজিছিল। তেওঁৰ স্বামী চিত্ৰদুৰ্গা শিলৰ দুৰ্গৰ এটা প্ৰহৰী টাৱাৰৰ চকীদাৰ আছিল।
-
ক্লিওফিছ
ক্লিওফিছ (সংস্কৃত: কৃপা ) আছিল এগৰাকী আছাকানী ৰাণী আৰু আছাকানী জনগোষ্ঠী আৰু মহান আলেকজেণ্ডাৰৰ মাজৰ যুদ্ধৰ মূল ব্যক্তিত্ব। খ্ৰীষ্টপূৰ্ব ৩২৬ চনত আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত আছাকানিসকলৰ যুদ্ধ নেতা আছাকানাছৰ মাতৃ আছিল ক্লিওফিছ।
-
ৰাণী সুগন্ধা
সুগন্ধা (৮৮৩-৯১৪) দশম শতিকাৰ সময়ছোৱাত উত্তৰ ভাৰত উপমহাদেশৰ কাশ্মীৰৰ পঞ্চম শাসক আছিল। ৮৮৫ চনৰপৰা ৯০২ চনলৈ কাশ্মীৰৰ ৰজা শংকৰবৰ্মনৰ সৈতে বিবাহপাশত আবদ্ধ হৈ কাশ্মীৰৰ ৰাণী হৈছিল। ৯০২ চনৰপৰা ৯০৪ চনৰ ভিতৰত পুত্ৰ ৰজা গোপালবৰ্মনৰ শিশু অৱস্থাত কাশ্মীৰৰ ৰাণী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।