খেল
৩৬ প্ৰবন্ধ
-
পিথু
পিথু হৈছে ভাৰতীয় উপমহাদেশৰ এটা লোকখেল। এই খেলৰ সৈতে এটা বল আৰু সমতল শিলৰ টুকুৰাৰে তৈয়াৰ কৰা এটা স্তূপ অন্তৰ্ভুক্ত থাকে। সাধাৰণতে ঘৰৰ বাহিৰৰ এক ডাঙৰ এলেকাত দুটা দলৰ মাজত এই খেল খেলা হয়। গাওঁসমূহত বৰ্তমানো এই খেলৰ প্ৰচলন আছে। বৰ্তমানলৈ, পিথু বা লাগোৰী বিশ্বৰ কমেও ৩০খন ৰাষ্ট্ৰই খেলিছে।
-
বাঘচাল
বাঘচাল হৈছে নেপালত উৎপত্তি হোৱা এটা কৌশলগত, দুজন খেলুৱৈৰ ব'ৰ্ড খেল।ক খেলখন অসমতাপূৰ্ণ, এজন খেলুৱৈয়ে চাৰিটা বাঘ নিয়ন্ত্ৰণ কৰে আৰু আনজনে বিশটা ছাগলীলৈকে নিয়ন্ত্ৰণ কৰে। বাঘে ছাগলীক ‘চিকাৰ’ কৰে। আনহাতে ছাগলীবোৰে বাঘৰ গতিবিধি বাধা দিবলৈ চেষ্টা কৰে। দক্ষিণ ভাৰততো এই খেল দেখা যায়, ফলকখন যদিও বেলেগ।
-
বুজকশী
বুজকশী (পাৰ্চী: بزکشی, জ্বলা। 'ছাগলী টানি') হৈছে এবিধ আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল। এইটো এটা পৰম্পৰাগত খেল য'ত ঘোঁৰাত উঠি থকা খেলুৱৈসকলে এটা ছাগলীৰ মৃতদেহ এটা লক্ষ্যত ৰাখিবলৈ চেষ্টা কৰে। উজবেকিস্তান আৰু কাজাখস্তানত একে ধৰণৰ খেলক কোকপাৰ, কুপকাৰী, আৰু উলক তৰ্টিশ বুলি কোৱা হয়।
-
বেকগেমন
বেকগেমন (Backgammon “তাবুলা”, “নাৰ্ডশিৰ”, “নাৰ্দ” ইত্যাদি নামেৰেও জনা যায়) হ'ল দুজন খেলুৱৈৰ বাবে সাজি উলিওৱা কৌশলভিত্তিক ব'ৰ্ড গেম। এই খেলটো দবা খেলৰ দৰে গুটি (ডাইচ) আৰু বিশেষ আকাৰৰ বেকগেমন ব'ৰ্ডত খেলা হয়।
-
ব্ৰিটিছ লেডিজ ফুটবল ক্লাব
ব্ৰিটিছ লেডিজ ফুটবল ক্লাব (British Ladies' Football Club) ১৮৯৫ চনত গ্ৰেট ব্ৰিটেইনত গঠন হোৱা মহিলা সংঘৰ ফুটবল দল আছিল। প্ৰথম মহিলা ফুটবল ক্লাবসমূহৰ ভিতৰত অন্যতম এই দলটোৰ পৃষ্ঠপোষক হিচাপে আছিল ডামফ্ৰিজৰ এগৰাকী অভিজাত লেডী ফ্লৰেন্স ডিক্সি। ক্লাবটোৰ প্ৰথম অধিনায়ক আছিল নেটী হানিবল।
-
লুডু
লুডু (Ludo) হৈছে দুজনৰ পৰা চাৰিজন খেলুৱৈৰ দ্বাৰা খেলিব পৰা এটা কৌশল যুক্ত ব'ৰ্ড গেম, য'ত খেলুৱৈসকলে এটা ডাই বা লুডু গুটিৰ ফলাফল অনুসৰি খেলৰ নিয়মমতে আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ ভাগৰ চাৰিটা একেৰঙৰ গুটিৰ চলাচল কৰাই। অন্যান্য ক্ৰছ আৰু চাৰ্কল খেলৰ দৰে লুডু ভাৰতীয় খেল পাশাৰ পৰা উদ্ভৱ হৈছে।