অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ব্ৰিটিছ লেডিজ ফুটবল ক্লাব

ব্ৰিটিছ লেডিজ ফুটবল ক্লাব (British Ladies' Football Club) ১৮৯৫ চনত গ্ৰেট ব্ৰিটেইনত গঠন হোৱা মহিলা সংঘৰ ফুটবল দল আছিল। প্ৰথম মহিলা ফুটবল ক্লাবসমূহৰ ভিতৰত অন্যতম এই দলটোৰ পৃষ্ঠপোষক হিচাপে আছিল ডামফ্ৰিজৰ এগৰাকী অভিজাত লেডী ফ্লৰেন্স ডিক্সি। ক্লাবটোৰ প্ৰথম অধিনায়ক আছিল নেটী হানিবল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ব্ৰিটিছ লেডিজ ফুটবল ক্লাব (British Ladies' Football Club) ১৮৯৫ চনত গ্ৰেট ব্ৰিটেইনত গঠন হোৱা মহিলা সংঘৰ ফুটবল দল আছিল। প্ৰথম মহিলা ফুটবল ক্লাবসমূহৰ ভিতৰত অন্যতম এই দলটোৰ পৃষ্ঠপোষক হিচাপে আছিল ডামফ্ৰিজৰ এগৰাকী অভিজাত লেডী ফ্লৰেন্স ডিক্সি। ক্লাবটোৰ প্ৰথম অধিনায়ক আছিল নেটী হানিবল। তেওঁৰ প্ৰকৃত নাম সম্ভৱতঃ মেৰী হাটছন।১

১৮৯৫ চনৰ ২৩ মাৰ্চত লণ্ডনৰ ক্ৰাউচ এণ্ডত ‘দ্য নৰ্থ’ আৰু ‘দ্য চাউথ’ক প্ৰতিনিধিত্ব কৰা দলৰ মাজত ক্লাবৰ প্ৰথমখন ৰাজহুৱা খেল অনুষ্ঠিত হয়। আনুমানিক ১১,০০০ দৰ্শকৰ সন্মুখত উত্তৰে ৭-১ গ'লত জয়লাভ কৰে।২ ১৮৯৭ চনৰ এপ্ৰিল মাহলৈকে ক্লাব আৰু ইয়াৰ লগত জড়িত দলসমূহে বিভিন্ন নামেৰে নিয়মিতভাৱে মেচ খেলিছিল।৩ ১৯০২–০৩ চনত ইয়াক আংশিকভাৱে পুনৰুজ্জীৱিত কৰা হয়।

পূৰ্বসূৰী

১৯ শতিকালৈকে ফুটবলত মহিলাৰ অংশগ্ৰহণ কেৱল বিবাহ ৰীতি-নীতিৰ সৈতে জড়িত লোক-অনুষ্ঠানৰ মাজতে সীমাবদ্ধ আছিল। উদাহৰণস্বৰূপে, ইনভাৰ্নেছত অবিবাহিত মহিলাসকলে বছৰি বিবাহিত মহিলাৰ সৈতে মেচ খেলে, আৰু সম্ভাৱ্য স্বামীয়ে কাষৰ পৰা চাই থাকে।৪

১৮৮১ চনৰ ৭ মে'ত এডিনবাৰ্গৰ হাইবাৰ্নিয়ান পাৰ্কত প্ৰথমখন মহিলাৰ খেল স্কটলেণ্ড-ইংলেণ্ডৰ মাজত হৈছিল, যিখনক প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেল হিচাপে গণ্য কৰা হয়। খেলখন দুজন থিয়েটাৰ উদ্যোগীয়ে আয়োজন কৰিছিল।৫চূড়ান্ত ফলাফল অনুসৰি স্কটলেণ্ডৰ হাতত ইংলেণ্ড ৩-০ গ'লত পৰে।৬ ১৬ মে'ত৫৬ দলসমূহে গ্লাছগোত ৫,০০০তকৈ অধিক লোকৰ সন্মুখত খেলে। এই খেলখন হিংসাত্মক আক্ৰমণৰ বলি হয়। খেলখন পিছত পৰিত্যক্ত হৈ পৰে য'ত মহিলাসকলক "মোটামুটিভাৱে জোকাৰণি" দিয়া হয় বুলি কোৱা হয়। তেওঁলোক খেলপথাৰৰ পৰা ওলাই যোৱাৰ সময়ত এটা গোটে তেওঁলোকক খেদি আহে ৬ পৰৱৰ্তী খেলসমূহৰ ফলত একেধৰণৰ পিটচ আক্ৰমণৰ সৃষ্টি হয়, যাৰ ফলত মহিলা ফুটবলৰ প্ৰৱৰ্তনৰ এই প্ৰাৰম্ভিক প্ৰচেষ্টাৰ অন্ত পৰিল। (১৮৮১ চনৰ দলসমূহৰ ১৮৯৫ চনৰ ব্ৰিটিছ দলৰ সৈতে কোনো সম্পৰ্ক আছে বুলি জনা নাযায়।৭

সেই সময়ৰ সম্প্ৰচাৰৰ পৰা পিটচ্ আক্ৰমণ কিহৰ প্ৰতিবাদত হৈছিল-সেইটো অনিশ্চিত হৈ আছিল। কিন্তু পৰৱৰ্তী সময়ত প্ৰেছৰ জৰিয়তে এইটো কথা প্ৰতিষ্ঠিত হৈছিল যে: ৮ ফুটবল অতি ৰুক্ষ পুৰুষৰ এই খেলবিধ মহিলাৰ বাবে অনুপযুক্ত।৯

১৮৮৯ চনত ইংলেণ্ড, স্কটলেণ্ড আৰু কানাডাত মহিলা ফুটবল ক্লাব প্ৰতিষ্ঠা হৈছিল বুলি জনা যায়।১০

ক্লাবটোৰ প্ৰতিষ্ঠা

১৮৯৪ চনৰ শেষৰ ফালে প্ৰতিষ্ঠা হোৱা ব্ৰিটিছ লেডিজ ফুটবল ক্লাব আলফ্ৰেড হেউইট স্মিথ আৰু নেট্টি হানিবলে উদ্বোধন কৰে।৩১১ কুইন্সবেৰীৰ মাৰ্কুৱেছৰ কনিষ্ঠ কন্যা লেডী ফ্লৰেন্স ডিক্সিয়ে অধ্যক্ষ আৰু পৃষ্ঠপোষক হিচাপে ক্লাবটোত কাম কৰিছিল। ১৮৯৪ চনত ডেইলী গ্ৰাফিকত মহিলাৰ বাবে এটা ফুটবল ক্লাব গঠন কৰিবলৈ আগ্ৰহীসকলক বিচাৰি এটা বিজ্ঞাপন দিয়া হৈছিল১২ যিয়ে প্ৰায় ৩০ গৰাকী মহিলাৰ মনোযোগ আকৰ্ষণ কৰে। তেওঁলোকে টটেনহাম হটস্পাৰৰ উইং হাফ বিল জুলিয়ানৰ তত্ত্বাৱধানত সাপ্তাহিকভাৱে দুবাৰকৈ প্ৰশিক্ষণ লয়।১৩

সঁহাৰি

ব্ৰিটিছ লেডিজ এফ চিৰ প্ৰথমখন মেচৰ চিত্ৰ, দ্য গ্ৰাফিকত, ১৮৯৫ চনৰ মাৰ্চ মাহত
ব্ৰিটিছ লেডিজ এফ চিৰ প্ৰথমখন মেচৰ চিত্ৰ, দ্য গ্ৰাফিকত, ১৮৯৫ চনৰ মাৰ্চ মাহতছবি: Henry Marriott Paget · Public domain

ক্লাবটো উত্তৰ আৰু দক্ষিণ দলত বিভক্ত হয় আৰু ১৮৯৫ চনৰ ২৩ মাৰ্চত লণ্ডনৰ ক্ৰাউচ এণ্ডত ১০,০০০ দৰ্শকে উদ্বোধনী খেলখন চায়। ১৮৮১ চনৰ মেচৰ দৰে খেলুৱৈয়ে কৰ্চেট আৰু হাই হিলৰ বুট পিন্ধিব নালাগিছিল। বৰঞ্চ উপযুক্ত আকাৰত পুৰুষৰ দৰে বুট জোতা পিন্ধিছিল। অৱশ্যে তেওঁলোকে বনেট পিন্ধিব লগীয়া হৈছিল। যদি কোনো মহিলাই বলটো হেড কৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ বনেট বা হেয়াৰপিন স্পৰ্শ কৰে, তেন্তে খেল বন্ধ কৰা হৈছিল। খেল পুনৰ আৰম্ভ হোৱাৰ আগতে তেওঁলোকে বনেট আৰু হেয়াৰপিন সলাবলগীয়া হৈছিল।৯

১৮৯৫ চনৰ ৬ এপ্ৰিলত প্ৰেষ্টন পাৰ্কত ব্ৰিটিছ লেডিজৰ দ্বিতীয়খন মেচ খেলিছিল। তাৰ পিছৰ খেলখনত বেৰীত ৫,০০০ লোকে অংশগ্ৰহণ কৰিছিল। দলটোৱে ৰিডিং, মেডেনহেড, নিউ ব্ৰম্পটন, ৱালছল আৰু নিউকেষ্টলত প্ৰদৰ্শনীমূলক মেচ খেলিছিল। ছেইণ্ট জেমছ পাৰ্কৰ খেলখনত ৮ হাজাৰতকৈ অধিক দৰ্শকে অংশগ্ৰহণ কৰিছিল। আনহাতে জেচমণ্ডত অনুষ্ঠিত হোৱা খেলখনত মাত্ৰ ৪০০ দৰ্শকেহে অংশগ্ৰহণ কৰিছিল।১৪

তথ্যসূত্ৰ

  1. ↑ (26 September 2013). The Honeyballers: Women who fought to play football. BBC News
  2. ↑ (25 March 1895). Ladies' Football Match. The Standard
  3. ↑ Patrick Brennan. The British Ladies' Football Club. Donmouth
  4. ↑ Seddon, P. (2004) Football Talk: The Language & Folklore of the World's Greatest Game page 156 Robson. Retrieved February 2015
  5. ↑ Gibbs, Stuart. (24 October 2018). The strange birth of women's football. The Football Pink
  6. ↑ Patrick Brennan. "England" v "Scotland" - 1881
  7. ↑ (10 January 2022). THE LOTHIAN LASSES, by Stuart Gibbs. Playing Pasts
  8. ↑ Domeneghetti, R. (2014) From the Back Page to the Front Room: Football's journey through the Englismedia Broken link id=lmWLBQAAQBAJ&lpg=PT156&dq=british%20ladies%20football%20team&pg=PT155#v=onepage&q=british%20ladies%20football%20team&f=false page 155] আৰ্কাইভ কপি Ockley Books. Retrieved February 2015
  9. ↑ Laycock, S. & Laycock, P. (2014) Unexpected Britain page 199 Amberley Publishing. Retrieved February 2015
  10. ↑ Patrick Brennan. Daisies, Lilies and Angels: Women footballers in Sunderland - 1889. Donmouth
  11. ↑ Tomlinson, A. (2010) A Dictionary of Sports Studies page 490 Oxford University Press. Retrieved February 2015
  12. ↑ Williams. J. (2013) A Game for Rough Girls?: A History of Women's Football in Britain page 26 Routledge. Retrieved February 2015
  13. ↑ Rippon, A. (2012) Amazing & Extraordinary Facts - Football page 38 David & Charles. Retrieved February 2015
  14. ↑ BRITISH LADIES: PRIMER EQUIPO DE FÚTBOL FEMENINO on Punto Cero, 17 Oct 2018

সম্পৰ্কিত শ্ৰেণী

খেলনাৰীবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰিটিছ লেডিজ ফুটবল ক্লাব” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৯২ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।